"উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্যাঞ্চলৰ মহিলাৰ স্বনিযোজনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান: অসমৰ বস্ত্ৰশিল্পৰ বিশেষ উল্লিখনসহ"

প্রার্থনা বুঢ়াগোহাঁই
সহকাৰী অধ্যাপিকা
অসমীয়া বিভাগ
টংলা মহাবিদ্যালয়, টংলা

সংক্ষিপ্তসাৰ:
            ভাৰতবৰ্ষৰ উত্তৰ পূৱ দিশৰ ৮ খন ৰাজ্যৰ ভিতৰত জাতি-বর্ণ-ভাষা-ধৰ্ম নিৰ্বিশেষে মিলনৰ তীৰ্থ ভূমি ৰূপে পৰিচিত ৰাজ্য অসমত মংগোলীয়, অষ্ট্ৰলয়ড আৰু ভাৰতীয় আৰ্য প্ৰজাতিৰ অন্তৰ্গত বিভিন্ন জাতি জনজাতিৰ লোকে বসবাস কৰে। নিজৰ ৰীতি-নীতি, প্ৰথা-পৰম্পৰা, খাদ্যাভ্যাস, বাসস্থান আ-অলংকাৰ, আদি সাংস্কৃতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ অসমৰ গ্ৰাম্য মহিলাই বিভিন্ন সাজপাৰ বৈ,চিলাই কৰি,উল গুঁঠি নিজে সিন্ধাৰ লগতে ঘৰখন আৰু ঘৰৰ সকলো সদস্যকে সন্দর্যবান কৰি ৰাখে। বিভিন্ন সময়ত এই কাপোৰ বিক্ৰী কৰি ঘৰখনৰ লগতে পৰিয়াল পোহপাল দিয়াত সহায় কৰে। বহুতেই বর্তমান সময়ত নিজৰ জীৱিকা হিচাপেও বাছি লোৱা দেখা যায়। কিন্তু বহুক্ষেত্ৰত এই গ্রাম্য মহিলাসকলে ইচ্ছা অনুসৰি আত্মনিয়োগৰ ক্ষেত্ৰত সম্ভাৱনীয় উৎসসমূহ গঢ়ি তুলিব নোৱাৰে আৰু পৰৱৰ্তী সময়ত বস্ত্ৰশিল্পক স্বনিয়োজনৰ পথ হিচাপে বাছিলোৱা কৃষিজীৱী মহিলাসকলে সামাজিক, অর্থনৈতিক আদি বিভিন্ন কাৰণত নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ বিমুখ হোৱা পৰিলক্ষিত হয়। গতিকে এনে প্ৰত্যাহ্বানবোৰ আৰু এইবোৰ দূৰীকৰণৰ উপায়সম্পৰ্কে এক সিদ্ধান্তলৈ অহাৰ মানসেৰে মুখ্য উৎস হিচাপে ক্ষেত্র অধ্যয়ন আৰু গৌণ উৎস হিচাপে বিভিন্ন গ্ৰন্থ আৰু ইন্টাৰনেটৰ সহায় লৈ বিশ্লেষণাত্মক পদ্ধতি অৱলম্বন কৰি এক নির্মোহ আৰু নিৰপেক্ষ দৃষ্টিভংগীৰে আলোচনা পত্ৰখনি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে।

সূচক শব্দ: বস্ত্রশিল্প, নিয়োগ, গ্ৰাম্যাঞ্চল, মহিলা, সমস্যা, জীৱিকা ।

০.০০ প্ৰস্তাৱনা:

উত্তৰ পূৰ্ব ভাৰতত বাস কৰা স্বভাৱশিল্পী মানুহৰ জীৱন যাত্ৰাই এই বিশাল ভূখণ্ডৰ লোকশিল্প ঐতিহ্যপূৰ্ণ কৰি থৈছে। দৈনন্দিন জীৱনত ব্যৱহাৰ্য্য সামগ্ৰীৰ পৰা উৎসৱ অনুষ্ঠানত বিশেষ ৰূপত প্ৰয়োজন হোৱা সামগ্ৰীলৈকে ইয়াৰ পৰিসৰ ব্যাপ্ত। এই লোকশিল্পসমূহ হৈছে একো একোটা জাতিৰ পৰিচয় বাহক।

মৃতশিল্প, বাঁহ-বেতৰ শিল্প, কুঁহিলা, কাঠ আদি বিভিন্ন জীৱ জন্তুৰ দাঁত, হাড়, আদিৰ পৰা তৈয়াৰ কৰা শিল্প, ধাতুশিল্প, স্থাপত্য-ভাস্কর্য আদি দিশৰ লগতে নৃত্য-গীত-বাদ্যযন্ত্র এই সকলোফালেই পৰিব্যাপ্ত হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰশিল্পৰ দিশটো অতি আগবঢ়া আৰু চহকী। বিশেষ বিশেষ অঞ্চলৰ বিশেষ বিশেষ জনগোষ্ঠীয় শিপিনীৰ কাৰিকৰী নিপুনতাই উত্তৰ পূৱ ভাৰতৰ বস্ত্ৰশিল্পক আপুৰুগীয়া আৰু গৌৰৱময় আসনত প্ৰতিষ্ঠিত কৰিছে।

০.০১ আলোচনাৰ উদ্দেশ্য আৰু গুৰুত্ব: আধুনিক সমাজ ব্যৱস্থাৰ লগত খোজ মিলাবলৈ গৈ মহিলাসকলেই নানান সমস্যা সন্মুখীন হব লগা হয়। উত্তৰ পূৱ ভাৰতৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে প্রধানত কৃষিক জীৱন ধাৰণৰ পথ হিচাপে বাছি লৈ পূৰ্বৰে পৰা পৰম্পৰাগত ভাৱে চলি আহিছে। খেতি কৰি পোৱা উপাৰ্জনেৰে কোনোমতে পৰিয়াল পোহপাল দিয়া মানুহখিনিৰ কাৰণে অভিজাত সাজ পোছাক, অভিজাত খাদ্য, ভাল ঠাইলৈ ফুৰিবলৈ যোৱা, বা কেইবা মহলাৰ ঘৰত থকাটো অসম্ভৱ কথা। কিন্তু এই অসম্ভৱকো সম্ভৱ কৰিবলৈ মহিলা সকলে চেষ্টা কৰা দেখা যায়। আৰু পূৰ্বৰ দৰে ঘৰৰ চৌপাশত আবদ্ধ নাথাকি বস্ত্ৰশিল্পৰ ক্ষেত্ৰৰ লগত জড়িত হৈ মহিলাসকলে নিজে উপাৰ্জনৰ পথ বাছি লৈ ওলাই অহা দেখা গৈছে। গতিকে এই মহিলাসকলে এনেদৰে ওলাই আহি সফল হব পৰিছেনে নাই, যদি নাই পৰা ইয়াৰ কাৰণ কি এনে দিশৰ আলোচনা কৰি এক সিদ্ধান্তলৈ অহাৰ মানসেৰে আলোচনা পত্ৰখন প্ৰস্তুত কৰা হৈছে আৰু মহিলাসকলে স্বনিযোজনৰ বিশেষ পথ হিচাপে বাছি লোৱা অসমৰ বস্ত্ৰশিল্পৰ আলোচনাত বিষয়টোৰ গুৰুত্ব অনস্বীকার্য।

০.০২ অধ্যয়নৰ পৰিসৰ : আলোচনা পত্ৰখনিৰ পৰিসৰে অসমৰ বস্ত্ৰশিল্পৰ ভিতৰুৱা বোৱা কটা, উল গুঠা, চিলাই কৰা আদি দিশৰ মাজেৰে গ্ৰাম্যাঞ্চলৰ মহিলাসমূহ কেনেদৰে স্বাৱলম্বী হব পাৰিছে আৰু এই ক্ষেত্ৰত আহি পৰা সম্ভাৱনা আৰু প্ৰত্যাহ্বানক সামৰি লৈছে। ০.০৩অধ্যয়নৰ পদ্ধতি আৰু তথ্য আহৰণৰ উৎস :

আলোচনা পত্ৰখনি প্রস্তুত কৰোঁতে বৰ্ণনাত্মক আৰু বিশ্লেষণাত্মক পদ্ধতি অৱলম্বন কৰা হৈছে আৰু তথ্য আহৰণৰ বাবে মুখ্য আৰু গৌণ উৎসৰ সহায় লোৱা হৈছে। মুখ্য উৎস হিচাপে ক্ষেত্র অধ্যয়ন আৰু গৌণ উৎস হিচাপে গ্ৰন্থ আৰু ইণ্টাৰনেটৰ সহায় লোৱা হৈছে।

ক্ষেত্ৰ পৰিচয় :

আলোচনাৰ বাবে বাছি লোৱা ঠাইখন হৈছে অসমৰ ভিতৰত প্ৰতিবছৰে বানে জুৰুলা কৰা জিলা ধেমাজি জিলাৰ এটা পঞ্চায়ত আমগুৰি পঞ্চায়ত। মিচিং, দেউৰী, আহোম, নেপালী, কৈৱৰ্ত্ত, আৰু কোঁচ কলিতা আদি বিভিন্ন জাতি জনজাতিৰ মানুহ একেলগে পূৰ্বৰে পৰা সমিল মিলেৰে বাস কৰা এই পঞ্চায়তটো প্ৰতিবছৰে ব্ৰহ্মপুত্ৰ আৰু গাইনদীৰ বাঢ়নী পানীয়ে খেতি পথাৰ নষ্ট কৰাৰ লগতে সাধাৰণ ৰাইজক জুৰুলা কৰি যায়। চিলাপথাৰ থানাৰ অন্তৰ্গত চিচি মৌজাৰ এই আমগুৰি পঞ্চায়তৰ ভিতৰৰ আমগুৰি আহোম গাঁও, ধুনাগুৰি দেউৰী গাওঁ, ধুনাগুৰি পাইত গাওঁ আৰু ধূনাগুৰি কলিতা গাওঁক আলোচনাৰ ক্ষেত্ৰ হিচাপে বাছি লোৱা হৈছে।

১.০০ উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্যাঞ্চলৰ মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান:

মানুহৰ জীৱনত যেনেকৈ প্ৰধান মৌলিক প্রয়োজন অন্ন, বাসস্থান ঠিক তেনেকৈয়ে প্রয়োজন হয় বস্ত্ৰৰ। গছৰ বাকলিৰ লজ্জা নিবাৰণৰ পৰা আৰম্ভ কৰি কপাহ নেউঠি,গছৰ আঁহ উলিয়াই, এড়ী- মুগা পুহি, কাপোৰ বৈ সিন্ধালৈকে মানৱ জাতিৰ সৃষ্ট বস্ত্রশিল্পই এক ঐতিহ্যমণ্ডিত ইতিহাস বহন কৰিছে। বস্ত্ৰশিল্পৰ ইতিহাসত অসমৰ নাম উল্লেখযোগ্য। অসমৰ উচ্চ বৰ্ণ, নিম্ন বৰ্ণৰ, জাতি-জনজাতিৰ সকলো শ্ৰেণীৰ মহিলাই নিজে সূতা কাটি কাপোৰ বৈ পিন্ধাৰ উপৰি পৰিয়াল পোহপাল দিব পাৰে।

প্রাক ঐতিহাসিক কালতে অসমলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ আগমন ঘটি অসমীয়া জাতি গঠনৰ ঠাঁচ গঢ় লৈছিল। সেইদৰে অসমীয়া সংস্কৃতিৰ ঠাঁচটো খ্রী:পূ: কালতে গঢ় লৈছিল। অসমলৈ বিভিন্ন সময়ত অহা বিভিন্ন জনগোষ্ঠীসকলৰ ভিতৰত অষ্ট্ৰিকসকলেই বয়নশিল্পৰ আৰম্ভণি ঘটাইছিল। তেওঁলোকৰ পিছত অহা মংগোলীয় তিৰোতাসকলো বস্ত্রশিল্পভ পাৰ্গত আছিল।

সি যি নহওঁক বর্তমান সময়ত দেখা যায় যে, অসমৰ এটা প্ৰধান সমস্যা হৈছে নিবনুৱা সমস্যা। ইয়াৰে বৃহৎ সংখ্যক হ’ল শিক্ষিত নিবনুৱা। চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ ৩১২ লাখ জনসংখ্যাৰ ভিতৰত ২৪ লাখেই শিক্ষিত নিবনুৱা। নিয়োগ বিনিময় কেন্দ্ৰৰ ২০১০ চনৰ এক তথ্য অনুসৰি অসমৰ মুঠ চৰকাৰী প্ৰত্যাশিৰে ৭৫% হ’ল শিক্ষিত নিবনুৱা। মুঠ ১৪,৩৩,২১৮ চৰকাৰী শিক্ষিত নিবনুৱাৰ ভিতৰত ২,৮৩,৪৭১ গৰাকী হ’ল স্নাতক (মুঠ শিক্ষিত নিবনুৱাৰ ২০%) ২১,৩৫২ গৰাকী হ’ল স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰী আৰু ২, ৮৩৯ জন হ’ল ইঞ্জিনীয়াৰিং ডিগ্ৰীৰ অধিকাৰী। এই নিবনুৱাসমূহ সংস্থাপিত কৰিবৰ কাৰণে যিহেতু চৰকাৰী ক্ষেত্ৰখন সীমিত সেয়ে ইয়াৰ প্ৰায় ৫% নিবনুৱাই নিয়োজনৰ কাৰণে পথ বিচাৰি বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰি ব্যৱসায় বাণিজ্য কৰিবলৈ লৈছে। এই উদ্যোগসমূহৰ ভিতৰত হস্ততাঁত বস্ত্ৰশিল্প উদ্যোগ, ৰেচম উদ্যোগ, মুগা পালন উদ্যোগ, আদি উদ্যোগসমূহত বহু যুৱক যুৱতীয়েই স্বাৱলম্বী হৈ উঠিছে (www.as.wikipediya.org/wiki.com)। ইয়াৰ উদাহৰণ স্বৰূপে অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ শুৱালকুচিৰ কথাকে ক’ব পাৰি । শুৱালকুচিত অসংখ্য হাতেৰে বোৱা কাপোৰ থকাৰ বাবে ইয়াক “অসমৰ মনচেষ্টাৰ” বুলি কোৱা হয়। ইয়াত তৈয়াৰী মুগা আৰু পাটৰ কাপোৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত চাহিদা আছে।

ক্ষেত্ৰ অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি অসমৰ গ্ৰাম্যাঞ্চলৰ মহিলাসকলে কেৱল নিজৰ প্ৰয়োজনীতালৈ লক্ষ্য কৰিছে কাপোৰ বোৱা আৰম্ভ কৰিছিল। পূৰ্বৰে পৰা অসমীয়া সমাজত পৰম্পৰাগত ভাৱে চলি অহা নিয়ম অনুসৰি কাপোৰ বোৱা, উলগুঠা, চিলাইকৰা আদি কামবোৰ কৰিছিল আৰু এইবোৰেই এজনী মহিলাৰ চৰিত্ৰৰ পৰিচায়ক বুলি মানিছিল। কিন্তু বর্তমান সময়ত গঢ় লৈ উঠা সৰু বৰ বিভিন্ন বেপাৰীৰ সমাগমৰ পৰা মহিলাসকলে গম পালে আজৰি সময়ত নিজৰ প্ৰয়োজনীয় কাপোৰ বোৱাৰ লগতে বেছি সময় উলিয়াই যদি বিক্ৰীৰ বাবেও কাপোৰ বব পৰা যায় তেনেহ’লে বহুত লাভৱান হ’ব পৰা যাব। তেনেদৰেই মহিলাসকলৰ মনত নিজাববীয়াকৈ ধন ঘটাৰ চিন্তা চৰ্চাৰ পাতনি মেলিল।

ক্ষেত্ৰ অধ্যয়নৰ বাবে বাছি লোৱা এই অঞ্চলটোত তথ্য অনুসৰি অঞ্চলটোৰ ১০০% মহিলাই তাঁত বা জানে। কিন্তু উপাৰ্জনৰ পথ হিচাপে তেওঁলোকে বাছি লোৱা পথ সমূহৰ ভিত্তিত গম পোৱা গ’ল-ইয়াৰে ১০% মহিলাই চৰকাৰী চাকৰি কৰে । ৫০%মহিলাই তাঁত বৈ কাপোৰ বিক্ৰী কৰে। ৯% মহিলাই মুগা পালনক জীৱিকা হিচাপে বাচিলেছে। ১০% মহিলাই মুগা কিনি সূতা কাটি বিক্ৰী কৰি, ১১% মহিলাই কাপোৰ চিলাই, এম্বেৰদাৰী কৰি, ৬% মহিলাই সূতা আৰু কাপোৰ কিনি বিক্ৰী কৰি, আৰু ৩% মহিলাই তাঁতৰ সঁজুলি বনাই বিক্ৰী কৰি, আৰু ১% মহিলাই উলগুঠি কাপোৰ বনাই বিক্ৰী কৰি নিজৰ লগতে ঘৰখন পৰিচালনা কৰাত স্বামীক সহায় কৰে।

১.০১ তাঁতশালত বোৱা কাপোৰত স্বনিয়োজনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান:

অসমৰ সকলো গোষ্ঠীয়ে বোৱা-কটাত অপূর্ব কলা প্ৰদৰ্শন কৰি আহিছে। অসমীয়া নাৰীয়ে ৰাতিটোৰ ভিতৰতে কপাহ নেউঠি, পাজি বাটি, সূতা কাটি, কৱচ কাপোৰ বৈ স্বামীক ৰণলৈ পঠোৱাৰ অতীতৰ সেই দিনবোৰেই বোৱা কটাৰ নিপুনতাৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে।

ঘৰতে বাঁহ, কাঠ আৰু বেতেৰে বনোৱা লেটাই, চেৰেকী, উষা, চিপকাঠি, হলি, চি, টুলুথা, জখলা, বাচনি কাঠি, কানমাৰি, গৰকা, মহুৰা,যঁতৰ, দূৰপতি, পুতল, মাকো, ব-চুঙা, নেওঠনি, ৰাছ ভৰোৱা কাটা, খুটা, ডাংমাৰী, চালি মাৰি নাচনী, জৰী আদিৰে তাঁতৰ শাল পাতি অসমীয়া মহিলাই এড়ী, মুগা, পাট, মেজাঙ্কাৰি, আদি মুগা পুহি সূতা কাটি কাপোৰ বয় আৰু তাত সোণবৰণীয়া বুটা বাছি পাট মুগাৰ কাপোৰবোৰ অপূৰ্ব কৰি তোলে। অসমীয়া সমাজৰ নিৰক্ষৰ মহিলাই নিজৰ কল্পনাৰে এশ, দুশ, চাৰিশ কাঠিৰে ফুল তুলি গামোচা, চাদৰ, মেথেলা, চেলেং চাদৰ, বৰ কাপোৰ, থনিয়া কাপোৰ, আদি বৈ উলিয়াই। ময়ূৰ উৰণীয়া মইনা, শেন আদি বিভিন্ন চৰাই অতি সুন্দৰকৈ তোলে। গোসাঁইৰ গামোচা আৰু হিংসাখনত কাপোৰ গছা, বন্তি, শৰাই, ধূপদানীৰ উপৰিও ৰাম কৃষ্ণ আদি শব্দও তোলে। প্রাকৃতিক পৰিবেশৰ বিভিন্ন চিত্র,জোন, বেলি, গছ,বন, লতা,পাত,জাপি, ঘৰ আদিৰ ছবিও আঁকে।

অসমত বাস কৰা জনজাতিসকলে বিভিন্ন ধৰণৰ ৰঙ বিৰঙৰ সূতাৰে কাপোৰ বয়। ফুলবোৰত বিভিন্ন প্রাকৃতিক চিত্র যেনে-পাহাৰ,নাঙল,চাংঘৰ, চৰাই,আদিৰ উপৰি ৰেখা, ত্ৰিভুজ, আদি জ্যামিতিক চিত্রও আঁকে। অসমীয়া শিপিনীৰ জাতীয় জীৱনত ভাঁতশালখন এবিধ এৰাব নোৱাৰা সম্পদ ।

অতীজৰে পৰা অসমীয়া শিপিনীৰ হাতত প্ৰাণ পাই উঠা তাঁতশালখনেই বর্তমান কৃষিজীৱি মহিলাসকলৰ স্বনিয়োজনৰ কাৰণে সৱল পথ হৈ পৰিছে। ইয়াৰ এটা সাধাৰণ উদাহৰণ হিচাপে দাঙি ধৰিব পাৰি মহিলাসকলে ঘৰতে বনোৱা মাটিৰ শালত এদিনত ২ খনকৈ ফুলাম গামোচা বৈ বিক্ৰী কৰি ২০০ৰ পৰা ৩০০ টকা পর্যন্ত উপার্জন কৰিব পৰা এই মহিলাসকলে যদি খৰকৈ বব পৰা আধুনিক তাঁতশালৰ সুবিধা লাভ কৰে তেনেহলে ২ খনৰ ঠাইত ৪ খনকৈ গামোচা বৈ উলিয়াব পাৰিব যাৰ ফলত প্ৰতি দিনে ৬০০ টকা পর্যন্ত উপার্জন কৰিব পাৰিব।

বহুক্ষেত্ৰত দেখা যায় যে, কিছুমান মহিলাৰ কাপোৰ বোৱাৰ বাবে তাত লগাবলৈ প্ৰয়োজনীয় সূতা কিনিবৰ বাবেও টাকা নাথাকে যাৰবাবে আনৰপৰা সমান ভাগলৈ কাপোৰ বয়। বহুত ধুনীয়াকৈ বলেও এই কাপোৰবোৰৰ আধাহে পোৱাৰ বাবে শিপিনীগৰাকীয়ে কাপোৰ বিক্ৰী কৰাৰ কথা ভাবিবই নোৱাৰে। গতিকে সুন্দৰ কাপোৰ বৈ বিক্ৰী কৰিব পৰা ক্ষমতা থাকিলেও প্ৰথম অৱস্থাত সহায়ৰ অভাৱৰ বাবে এই মহিলাসকল পিছ পৰি ৰয়। এই ক্ষেত্ৰত মহিলাসকলে প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা দেখা

যায়। কিছুমান মহিলাই আকৌ কাপোৰ বিক্ৰী কৰিবৰ বাবে কাপোৰ সৰহকৈ তৈয়াৰ কৰিলেও উপযুক্ত বজাৰৰ অভাৱত বেছি কাপোৰ বিক্ৰী কৰিব নোৱাৰে তাৰ ফলত লাভতকৈ বেছি লোকচান হোৱাহে পৰিলক্ষিত হয়। তেনেক্ষেত্ৰত কাপোৰবোৰ বিক্ৰী কৰিব পৰাটোও এটা প্ৰত্যাহ্বান হৈ পৰে।

কেতিয়াবা আকৌ দেখা যায় মহিলাসকলে কিছুমান আত্মসহায়ক গোটৰ জৰিয়তে সৰহকৈ কিছুমান কাপোৰ বৈ উলিয়াই কিন্তু সেই কাপোৰবোৰ বিক্ৰীৰ বাবে উলিয়াই নিলে মেচিনত বোৱা কিছুমান কাপোৰৰ সৌন্দৰ্য্যৰ লগত তুলনা কৰি কিনোভাই দাম দিব নিবিচাৰে যাৰ বাবে নিজৰ লোকচান কৰি কাপোৰ বিক্ৰী কৰাটো অসম্ভৱ হৈ উঠে আৰু এইদৰে উপাৰ্জন কৰাৰ ইচ্ছা নাইকিয়া হয়। যিটো এই মহিলাসকলৰ কাৰণে নতুন প্ৰত্যাহ্বান হৈ পৰে।

১.০২ উলগুঠা আৰু চিলাই কৰা আদি হাতৰ কামত স্বনিযোজনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান : তাত বোৱাৰ লগতে অসমীয়া নাৰী চিলাই কৰা,উলগুঠা আদি কামত পূৰ্বৰে পৰা পাৰ্গত আছিল। আজৰি সময়ত মহিলাসকলে ঘৰতে ব্যৱহাৰ্য যেনে-টেবুল ক্লথ,শৰাই ঢাকনি, চুৱেটাৰ, ব্লাউজ, স্কার্ফ (ষ্টল), আদি বজাৰৰ পৰা কিনি অনা এবিধ শকত উলেৰে দুডাল শলা লৈ গাঁথি উলিয়াইছিল আৰু তেনেকৈয়ে সময়বোৰ অতিবাহিত কৰিছিল।

উল গুঠাৰ উপৰি বিভিন্ন কাপোৰত চিলাই কৰাত অসমীয়া মহিলাসকল অতি পাৰ্গত আছিল। এটা বাঁহ বা কাঠৰ ফ্ৰেম কাপোৰত খুৱাই বেজী আৰু বিভিন্ন ৰঙৰ সূতাৰে কাপোৰত ফুল আঁকি বিভিন্ন ধৰণৰ মেখেলা চাদৰ, স্কার্ফ, টেবুল ক্লথ, বেডকভাৰ, গাৰুকভাৰ, ৰুমাল আদি চিলাই কৰি উলিয়াইছিল আৰু পৰিপাটিকৈ সজাই পৰাই ৰাখিছিল। কিন্তু বৰ্তমান চাকৰিজীৱি মহিলাই এইবোৰ কাম কৰিবলৈ সময় নাপাই আৰু পঢ়াৰ লগত জড়িত গাভৰুসকলেও শিকিবৰ বাবে সময় নাপাই। সেয়েহে এইসকল মহিলাই নিজৰ ঘৰৰ প্ৰয়োজনীয় বস্তুবোৰ কিনিলব লগা হয়। এইক্ষেত্ৰত গাঁৱলীয়া মহিলাসকলে বিক্ৰীৰ বাবে তৈয়াৰ কৰা কাপোৰবোৰ তেওঁলোকে কিনিব বিচাৰে। আৰু উচিত মূল্য দি কিনে। এবাৰ কোনো ব্যক্তিয়ে কিনাৰ পিছত তেওঁৰ চিনাকি নাইবা তেওঁৰ সহকৰ্মীয়েও তেনেকুৱা কাপোৰ বিচাৰে আৰু একে গৰাকী মহিলাৰ লগত যোগাযোগ কৰে। তেনেকুৱাকৈ কেবাগৰাকী মহিলাৰ ঘৰত ভিন্ন ধৰণৰ কাপোৰ দিয়াৰ পিছত বিভিন্ন ডিজাইন আৰু বিভিন্ন ৰঙৰ ফুলৰ অৰ্ডাৰ পায় আৰু সেই মহিলাগৰাকীৰ ব্যৱসায় আগবাঢ়ি গৈ থাকে। কিন্তু বহুসময়ত পিছত মহিলাগৰাকী ব্যৰ্থ হোৱাও দেখা যায়। কাৰণ এবাৰ যদি সঠিক তাৰিখত কাপোৰ দিব নোৱাৰে লগে লগে সকলোৱে বেপাৰী মহিলাৰ প্ৰতি আস্থা হেৰুৱাই পেলায় আৰু মহিলাগৰাকীৰ ব্যৱসায়ত লোকচান হোৱাৰ বাবে তেনেদৰে ব্যৱসায়ত মন নাইকিয়া হয়। কিন্তু তেনে সময়ত যদি তেওঁৰ হাতত চিলাই মেচিন বা আধুনিক এশ্বৰদাৰী মেচিন থাকে তেনেহলে ব্যৱসায়ত অধিক লাভবান হ’ব পাৰে। খুব কম সময়তে বেছি সংখ্যক আৰু বেছি মিহি আৰু ধুনীয়া কাপোৰ তৈয়াৰ কৰাৰ বাবে বেছি দাম পায় আৰু অধিক লাভৱান হয়। কিন্তু যি সকল মহিলাৰ হাতত বেছি টকা নাথাকে তেনে মহিলাই চিলাই মেচিন বা কোনো মেচিন কিনিব নোৱাৰে যাৰ ফলত মহিলাসকলৰ স্বনিযোজনৰ ক্ষেত্ৰত বাধা আহি পৰে।

১.০৩ মুগা পালনেৰে মহিলাসকলৰ স্বনিযোজনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান :

পূৰ্বৰে পৰাই মুগা পালনক অসমীয়া মানুহে কৃষ্টিৰ ভিতৰুৱা হিচাপে ধৰি আহিছে। এড়ী মুগা, নুনি মুগা, আৰু বৰ মুগা বা চুম মুগা পুহি সেইবোৰৰ পৰা সূতা উলিয়াই এড়ী কাপোৰ, মুগা কাপোৰ, আৰু পাটৰ কাপোৰ বৈ প্ৰতিজনী ছোৱালী আৰু বোৱাৰীক উপহাৰ দিয়াটো প্রত্যেক মাক দেউতাকৰ কৰ্তব্য বুলি পূৰ্বৰে পৰা মানি আহিছে। পাটৰ আৰু মুগাৰ কাপোৰ জুৰোণত দিয়া, এড়ীয়া কাপোৰ যৌতুকত দিয়া বিহুভ মুগাৰ ৰিহা মেথেলা সিন্ধা আদি সকলো কামতেই অসমীয়া মানুহৰ মুগাৰ কাপোৰৰ প্ৰয়োজন হয়। বর্তমান সময়ত মুগা কাপোৰ, পাট কাপোৰ আদিৰ সমাদৰলৈ লক্ষ্য কৰি বহুতেই মুগা পোহা কামটোক নিজৰ উপাৰ্জনৰ বাবে বাছি লোৱা দেখা যায়। পুৰুষ সকলৰ সমানে সমানে মহিলাসকলেও এই কামত আগবঢ়া দেখা গৈছে। ১০০০ গুটি মুগা আনি চুম গছত দি চৰাইৰ পৰা ৰক্ষা কৰিবৰ বাবে টঙি ঘৰ বনাই হাতত ধনু-কাঁড় লৈ মুগা পুহে। এমাহ মানতে মুগা পকী বাঁহ বান্ধি আজৰি হোৱাৰ পিছত চুমনি উঠে। এই এমাহ চুমনিত থাকোতে বাঁহ বেতৰ বিভিন্ন সঁজুলি, তাঁতৰ সঁজুলি বনাই বিক্ৰী কৰিও লাভৱান হয়। আৰু এই এমাহ দিন মুগা পোহৰ অন্তত ১০০০ মুগাৰ ঠাইত ১০,০০০ পর্যন্ত মুগা লাভ কৰে আৰু এই মুগাবোৰ বিক্ৰী কৰোঁতে ১০০০ মুগাত ৩০০০ টকাকৈ বিক্ৰী কৰে যাৰ বাবদ ৩০,০০০ টকালৈকে লাভ কৰে য’ত কঠীয়াৰ বাবে অনা ১০০০ মুগাৰ দাম আছিল ৫০০০ টকা। কিন্তু এইদৰে মুগা পুহিবৰ বাবেও ভাল কঠীয়াৰ অভাৱ হোৱা দেখা যায়। যিহেতু বছৰটো মুগা পুহি থকা সম্ভৱ নহয় গতিকে বিশেষ কেইটামান মাহ কাতি মাহ, জেঠ মাহ ভাদ মাহ আদিতহে বেছি লাভবান হয়। আৰু চুম গছৰ পাত নতুনকৈ ওলোৱাৰ বাবেও সময় লাগে তেনে ক্ষেত্ৰত কঠিয়া মুগাৰ অভাৱ মহিলাসকলৰ এটা সমস্যা হৈ পৰে ।

চুম মুগাৰ দৰেই এড়ী মুগা আৰু পাট মুগাৰ ক্ষেত্ৰতো এনে সমস্যাই দেখা যায়।

১.০৪ সূতা উৎপাদনেৰে মহিলাসকলৰ স্বনিযোজনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান : বহু মহিলাই আকৌ মুগা কিনি সেইবোৰৰপৰা সূতা কাটি বিক্ৰী কৰিও যথেষ্ট লাভবান হোৱা দেখা গৈছে। বছৰৰ খেতিৰ সময়চোৱাৰ বাদে বাকী কেইটা মাহত একেৰাহে মুগা কিনি সূতা কটা দেখা যায়। যাৰ ফলত মহিলাসকল যথেষ্ট লাভৱান হয়।

১০০০ মুগা ৩০০০ টকাত কিনি আনে আৰু সেই গুটি মুগা কাটি ডেৰ পুৰা পৰ্যন্ত সূতা উলাই। য’ত এক কেজি মুগা সূতাৰ দাম ১৬০০০-১৮০০০ টকালৈ হয়। ইয়াৰোপৰি সেই মুগাবোৰ কাটি তাৰ পৰা ওলোৱা লেটা বিক্ৰী কৰিও এক কেজিত ৬০০ টকালৈ উপাৰ্জন কৰিব পাৰে। এনেদৰে সূতা উৎপাদন কৰি বিক্ৰী কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ মাজত দেখা দিয়া সমস্যাটো হৈছে আধুনিক সূতা কটা শালৰ অভাৱ। পুৰণি বাঁহৰ খুটা, কাঠৰ চাকৰি আৰু শলা,আৰু পাটিদৈৰে নিৰ্মিত শালত এদিন ৬০০ ৰ অধিক মুগা কাটিব নোৱাৰি। কিন্তু আধুনিক মেচিন যুক্ত শালত দিনে ২০০০ পর্যন্ত মুগা কাটিব পৰা যায়। যাৰবাবে মহিলাসকল বেছি লাভৱান হ’ব পাৰে।

নুনি সূতা উৎপাদনৰ ক্ষেত্ৰতো একেই সমস্যা দেখা যায়। কিন্তু এড়ী আৰু কপাহী সূতা কাটিবৰ বাবে মহিলাসকলে টাকুৰীৰ ব্যৱহাৰ কৰে। এই টাকুৰীৰে সূতা কাটি বিক্ৰী কৰি লাভৱান হোৱা দেখা যায়।

২.০০ সমস্যাবোৰ দুৰিকৰণৰ উপায় :

গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ স্বনিয়োজনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমূহ অধ্যয়ন কৰি সমাধানৰ অসম চৰকাৰে কিছুমান পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে সেইবোৰৰ এনেধৰণৰ- গ্ৰাম্য মহিলাসকলৰ উৎপাদিত বস্ত্ৰ বিক্ৰীৰ বাবে উপযুক্ত

বজাৰ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিব লাগিব। অৱশ্যে আত্মসহায়ক গোটৰ হৈ বিভিন্ন মেলা, উৎসৱ অনুষ্ঠানত দোকান দি মহিলা সকল লাভৱান হোৱা দেখা যায়। বিগত কিছু বছৰত চৰকাৰেও শিপিনীসকলৰ বাবে বস্ত্রমেলা, বস্ত্র হাট, বাণিজ্য মেলাকে ধৰি বিভিন্ন সহযোগিতা আগবঢ়াইছে। কিন্তু মহিলাসকলৰ অসমৰ বস্ত্ৰশিল্পৰ ক্ষেত্ৰখন বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰিবলৈ হলে এয়াৰপৰ্ট, মলকে ধৰি বিভিন্ন ঠাইত যিদৰে বিভিন্ন ব্ৰেণ্ডবোৰ পোৱা যায় যিদৰে ফেব ইণ্ডিয়া বিভিন্ন দেশত এতিয়া জনপ্ৰিয় আৰু সুলভ ঠিক সেইদৰে ব্ৰেণ্ডৰ সৃষ্টি কৰাত মনোনিবেশ কৰিব লাগে। মাজুলীত নিহত হোৱা সমাজকর্মী সঞ্জয় ঘোষৰ পত্নীয়েও ফেব ইণ্ডিয়াৰ দৰে আন এটা বিশাল হস্ত তাঁতৰ গ্ৰাম্য নাৰী ৰ সৃষ্টিক বিশ্বৰ উন্নত বজাৰত মুকলি কৰি দি শিপিনীসকলক উপযুক্ত দাম পোৱাত সহায় কৰা এটা স্বেচ্ছাসেৱী সংস্থাক নেতৃত্ব দি আছে। প্ৰতি বছৰে ৪ ডিচেম্বৰ তাৰিখে জাতীয় হস্ততাঁত বস্ত্রশিল্প দিৱস পালন কৰা হয় (www.gogle.com.in) I

গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মহিলাসকলৰ বাবে আধুনিকভাৱে নিৰ্মিত তাঁতৰ লগতে সূতাকটা, এম্বেৰদাৰী কৰা মেচিন আৰু চিলাই মেচিন বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে সঠিক জনে সেই সঁজুলীবোৰ পাইছেনে নাই তাক পৰীক্ষা কৰিব লাগে। মুগাক স্বনিযোজনৰ বাবে বাছি লোৱাসকলৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ মুগাৰ কঠিয়া বিনামূলীয়াকৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু মহিলাসকলে সেইবোৰ পাইছেনে নাই যদি পাইছে উচিত ব্যৱহাৰ কৰিছেনে তাৰ প্ৰমাণ বিচাৰি

ভৱিষ্যতৰ কাৰ্যপন্থা হাতত লব লাগে।

কিছুমান মহিলাৰ ঘৰত শাল বনাবৰ বাবে উপযুক্ত চালিৰ অভাৱ গতিকে গাহৰি কুকুৰা পালনৰ বাবে যিদৰে দৰিদ্ৰসকলক ঘৰ দিয়াৰ ব্যবস্থা কৰিছে সেইদৰেই তাঁতশালৰ বাবেও এক জোথৰ ঘৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

মহিলাসকলৰ বাবে বজাৰ ব্যবস্থা কৰাৰ লগতে বাহিৰৰ দেশৰ মেচিনত বোৱা কাপোৰৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। কিনা মেচিনত বোৱা গামোচাৰ ব্যৱহাৰৰ সলনি ঘৰত বোৱা অসমীয়া মানুহৰ হিয়াৰ আমঠু অসমীয়া গামোচাৰ মান অক্ষুন্ন হৈ থাকে। প্ৰয়োজন অনুসৰি কম সুতৰ হাৰত ঋণ দিয়াৰ ব্যৱস্থা কৰিব লাগে।। এনে ব্যৱস্থা বর্তমানে আছে যদিও সেইবোৰ সুবিধা

চহৰৰ মহিলা আৰু শিক্ষিত মহিলাসকলেহে লাভ কৰা পৰিলক্ষিত হয়। গতিকে সেই সুবিধাবোৰৰ কথা যাতে সকলোৱে গম পাই

তাৰবাবে পঞ্চায়তৰ জৰিয়তে, গাঁও সভাৰ জৰিয়তে প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে।

বিভিন্ন মহিলাক এই কামৰ প্ৰতি উৎসাহ জনাবৰ বাবে দূৰদৰ্শন, ৰেডিঅ’ আদিত বিজ্ঞাপন প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে।

৩.০০ উপসংহাৰ : ৩.০১ সিদ্ধান্ত আৰু সামৰণি :

ওপৰৰ আলোচনাৰ পৰা আমি এনে সিদ্ধান্তত উপনীত হব পাৰো যে, অসমত বাস কৰা মহিলাসকলে স্বনিয়োজনৰ কাৰণে নহলেও ঘৰত ব্যৱহাৰৰ উপযোগীকৈ প্ৰথমাৱস্থাত বোৱা কটাৰ কাম আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত নিজৰ প্রয়োজনীয়তাৰ বাবে আৰু শেষত নিজৰ উপাৰ্জনৰ পথ হিচাপে বস্ত্রশিল্পক বাছি লয়। যদিও চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তথাপি সেইখিনিয়েই পর্যাপ্ত নহয় বুলিব পাৰি কাৰণ এটা অঞ্চলত বাস কৰা ১০% মানুহেহে চৰকাৰী সুবিধা লাভ কৰে। অবশেষত কব পাৰি যে মহিলাসকলৰ উন্নতিৰ কাৰণে চৰকাৰৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহেই পদক্ষেপ গ্ৰহণ কৰা উচিত। কাৰণ সকলোৱে যদি একমত হৈ আগবাঢ়ি আহোঁ আৰু উপযুক্ত এখন ক্ষেত্র মহিলাসকলক যোগান ধৰিব পাৰো তেতিয়াহে আমি এখন সুস্থ শান্তিপূর্ণ এখন সমাজ আশা কৰিব পাৰিম। কাৰণ মহিলাহকলেই হৈছে এখন ঘৰৰ পৰিচালনাৰ মূল কেন্দ্ৰবিন্দু। আৰু এখন ঘৰৰ ভাল বেয়া উন্নতি অৱনতি সকলো দিশ মহিলাৰ হাততেই থাকে। বহু সময়ত কিছুমান মহিলাই স্বামীৰ পৰা, ঘৰখনৰ পৰা নিৰ্যাতিত হব লগা হয়। কিন্তু যদিহে সকলো মহিলাই স্বাৱলম্বী হৈ জীয়াই থাকে, নিজৰ লগতে ঘৰখনকো পৰিচালনা কৰিব পাৰে তেতিয়াহলে আৰু সমাজত মহিলাৰ নিৰ্যাতনৰ বাতৰি বহুসংখ্যক কমি আহিব বুলি কব পাৰি। আৰু এই ক্ষেত্ৰত সহায় কৰিব বস্ত্ৰশিল্পই।

সহায়ক গ্ৰন্থপঞ্জী:

অধিকাৰী,শুকদেৱ(সম্পা)। বিশ্বায়ন আৰু অসমীয়া সংস্কৃতি। প্ৰথম প্ৰকাশ,ধিং: জাগৰণ সাহিত্য প্রকাশ,২০১২। নাথ,স্বপনজ্যোতি (সম্পা)। লোক সংস্কৃতি আৰু বিশ্বায়ন, প্রথম প্রকাশ, নগাওঁ:জাগৰণ প্ৰেছ,২০১২।

Internet:

www.as.wikipedia.org/wiki.com.in
 www.sualkuchi.webs.com.in
 www.gogle.com.in.

Scroll to Top