এমুঠি ভৌতিক গল্প
জিতুমণি পাঠক
সহকাৰী অধ্যাপক
নৃতত্ব বিভাগ
দুধনৈ মহাবিদ্যালয়, দুধনৈ
*ভূত বাংলাৰ সেই নিশাটো*
ভৌতিক পৰিবেশ বুলি ক’লে যি বোৰ ছবি আমাৰ মনলৈ ভাঁহি আহে, কোনো হীন দেঢ়ি নোহোৱাকৈ আটাইবোৰেই যেন আছিল তাত। জোনৰ পোহৰত এটা কলা ছাঁৰ দৰে থিয় দি আছিল বাংলাটো। কাষৰ গভীৰ হাবি খনৰ পৰা বতাহৰ এটা সোঁ- সোঁৱনি ভাঁহি আহিছিল। ওচৰৰ শিমলু জোপাত ফেঁচাৰ গা নোম শিয়ৰি যোৱা কুৰুলি। লগতে ডাঠ অৰণ্যত অচিনাকী স্বাপদৰ চিৎকাৰ ।
ভাবিছিলো ওভতি যাও। দৰকাৰ নাই বাজীৰ ধন জিকিবলৈ। কিন্তু পিছ মূহুৰ্তত ভাৱ আহিল আজি যদি হাৰ মানো কাইলৈ লগৰ কেইটাক মুখ দেখুৱাম কেনেকৈ? এইয়া কেৱল ধনৰ কথাই নহয়। আত্ম সন্মানৰো কথা।
সাহ কৰি সোমাই গলো পৰিত্যক্ত বাংলাটোৰ ভিতৰলৈ। ভৌতিক পৰিবেশ হ’বলৈ যিবোৰ উপাদানৰ প্ৰয়োজন আটাইবোৰ যেন তাত বিদ্যমান। কেৱল যেন বাকী আছিল ভূতৰ আবিৰ্ভাৱ হবলৈ।
হঠাৎ মোৰ হাত এখনত কাৰোবাৰ কোমল হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ। চক খাই পিছলৈ ঘূৰি চালোঁ। এগৰাকী যুৱতী। পিন্ধনত মলিয়ন বগা সাজ। চকু দুটা নিস্প্রান। কোৱাৰীৰে বৈ আহিছে এসোতা তেজৰ ধাৰ।
মই থৰ থৰকৈ কপিব ধৰিলো। মুখ খনে কেহৰাজ বৰণ ললে। তাৰ পিছত গাৰ জোৰে আজোৰ মাৰি যুৱতী গৰাকীৰ হাতৰ পৰা নিজৰ হাত খন এৰুৱাবলৈ চেষ্টা কৰিলোঁ। মোৰ অবস্থা দেখিয়েই নেকি যুৱতী গৰাকীয়ে মোৰ হাত খন জোৰকৈ ধৰি চিঞৰি উঠিল, “দাদা, prank prank। প্ৰেংক ভিডিও শ্বুট কৰিছোঁ।”
যুৱতী গৰাকীয়ে কি কৈছিল তেতিয়া মোৰ অনুধাৱন কৰিব পৰা ক্ষমতা নাছিল। গাৰ জোৰেৰে এক প্ৰচণ্ড আটাহ পাৰি একে আজোৰে হাত খন এৰুৱাই বাহিৰলৈ লৰ মাৰিলো। বুকুৰ ভিতৰত কিবা এটাই কেতিয়াও নকৰা অনুভৱ এটাৰে “ঢুক” কৈ উঠিল।
অলপ দূৰ দৌৰি যোৱাৰ পিছতহে যুৱীগৰাকীৰ কথাখিনি বোধগম্য হল। অ। এইবোৰ চব নাটক তাৰমানে। প্রেংক ভিদিও বনাই কালি মোৰ ইজ্জত নিলাম কৰাৰ কৰাৰ ফন্দী লগৰ কেইটাৰ। ৰহ চিনি পোৱা নাই বাপেৰক। মুখত কেইটামান অশ্লীল শব্দ লৈ খেদি গলোঁ সিহঁতক। কিন্তু বাংলা টোৰ দুৱাৰ মুখতে কিহবাত উজুতি খাই ৰৈ দিলোঁ। দেখিলোঁ কোনোবাই মাটিত মুখ গুজি শুই আছে। মোক আকৌ ভয় খুৱাবলৈ চেষ্টা । খঙত “চাল্লা” বুলি গোৰ এটা মাৰি মানুহ টোক উবুৰিয়াই দিলোঁ।
মই মূক হৈ পৰিলোঁ। মই স্তব্দ্ধঃ হৈ গলোঁ। মোৰ সন্মুখত তেতিয়া আতংকত বহল কৈ চকু দুটা মেলি এটা মৃতদেহ পৰি আছে। সেই মৃতদেহটো কাৰো নহয়। সেইয়া আছিল মোৰেই মৃতদেহ। আচলতে তেতিয়া “ধুক” কৈ উঠোতেই মোৰ জীৱ বাজ হৈ গৈছিল মোৰ অজানিতেই।
হঠাতে মোৰ হাতত কাৰোবাৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ। ঘূৰি চালোঁ। আকৌ সেই যুৱতী। কি লাগে এইক বাৰু ? মোক মাৰিও হেপাহ পলোৱা নাই নে তাইৰ? কিবা ক’ব খোজোতেই যুৱতী গৰাকীয়ে মোৰ মুখৰ মাত কাঢ়ি ক’লে, ” দাদা, ইমান জোৰেনো চিয়ৰিব লাগে নে আপুনি? চাওকচোন, আপোনাৰ চিঞৰত মই হাৰ্ট ফেইলে কৰি পেলালো। “
তাইৰ কথাত হে মই অলপ ভিতৰলৈ চাই পঠিয়ালো। হয়। দুৱাৰৰ চুকত মোৰ দৰেই আতংকত চকু দুটা ডাঙৰ ডাঙৰ কৈ মেলি পৰি আছে যুৱতী গৰাকীৰ মৃতদেহটো।
***
*চাৰপ্ৰাইজ*
ডিচেম্বৰৰ হাড় কপোৱা জাৰৰ নিশা প্ৰচণ্ড জোৰে দুৱাৰত কৰা শব্দত খুলি দি দেখোঁ অম্লান। মোক একো ক’বলৈ নিদি সি সোমাই আহি বিছনা খনত বহি ক’লে, “তোক এটা চাৰপ্ৰাইজ দিওঁ। এই মাত্ৰ বাইক এক্সিডেন্টত মোৰ মৃত্যু হ’ল। তোৰ ৰুমৰ আগত”।
মই একো প্ৰতিক্ৰিয়া নেদেখুৱাই তাৰ কাপোৰ-কানিলৈ চালোঁ। হয়, সেইবোৰ বিধস্ত। ক’ৰবাত ক’ৰবাত তেজৰ দাগ ও। খিৰিকীৰ পৰ্দাখন দাঙি দেখোঁ হয় তাৰ বাইক খন লাইট পোষ্টত খুন্দা খাই পৰি আছে। কিন্তু মৃত্যু!! ধেৎ। কলেজত তাৰ এইবোৰ ড্ৰামা বহুত দেখিছোঁ।
মই পাত্তা নিদিয়া চাগে তাৰ ইগ’ত লাগিল। লম্ফ-জম্ফ কৰি সি যে সচাই মৰিল আৰু এতিয়া যে সচাই ভূত মোক প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিল। বিষাদে আৱৰি থকা মই আজি সেইবোৰলৈ গুৰুত্ত নিদিলোঁ। তাৰ চাগে খং উঠিল প্লেন মতে মোক ভয় খুৱাব নোৱাৰি। এইবাৰ আৰু কিবা অদ্ভূত কৰি দেখুৱাবলৈয়ে নেকি সি মোৰ বেডৰূমটোলৈ দৌৰি সোমাই গ’ল।
যিমান জোৰে দৌৰি সি সোমাইছিল তাতকৈ বহু বেছি জোৰে দৌৰি সি তাৰ পৰা ওলাই আহিল। তাৰ পিছত মোলৈ ডাঙৰ ডাঙৰ চকু দুটাৰে চাই ধাছ খাই বাগৰি পৰিল। বেচেৰা। সিটো ৰুমত গৈ সি মোৰ ফেনত ওলমি থকা মৃতদেহটো দেখিলে চাগে !
****
*মায়াজাল*
পাহাৰীয়া একা বেকা পথটিৰে সমানে সমানে তীব্ৰবেগে আগবাঢ়িছিল আমাৰ বাইক দুখন। এখনত মই, আন খনত ৰিকি আৰু প্ৰীতম। হঠাৎ ৰিকিহঁতৰ বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই চিটিকি গৈ দ’ খাদটোত পৰিলগৈ। চকুৰ আগতে যেন বতাহত মিলি গল দুয়ো ।কিংকৰ্তব্য বিমুঢ় মই তাতে থিয় হৈ ৰ’লো প্ৰস্তৰ মূৰ্তিৰ দৰে।
কিমান সময় নাজানো। হঠাৎ দেখো ঘন বননি ফালি তেজে তুমুৰলি হৈ প্ৰীতম উঠি আহিছে। সি চিঞৰি, কান্দি কান্দি কলে, “ৰিকী আৰু নাই”। মোৰ মূৰত বজ্ৰ পৰা যেন লাগিল। হাত ভৰি কপিব লাগিল । এক বিমূঢ় আশ্বৰ্য্যতাই মোক গ্ৰাস কৰিলে। কিন্তু তাতোকৈ আচৰিত হলো একে বাটেৰে যেতিয়া অলপ পিছত ৰীকি ওপৰলৈ উঠি আহিল। প্ৰীতমক দেখি ৰিকী চক খাই উঠিল। মোক উদ্দেশ্যি চিঞৰি কলে, ” অপু, পলা পলা। সেইটো প্ৰীতম নহয়, তাৰ মৃত্যু হৈছে ।”
মোৰ মূৰে কাম নকৰা হ’ল। আতংকিত, শ্বাসৰুদ্ধ পৰিবেশত এইয়া কেনে ধেমালি! কিন্তু ক’ৰ পৰা জানো ইমান সাহ পালোঁ নাজানো। সিহঁতক অগ্ৰাহ্য কৰি বননি ফালি ফালি বাইকখন বিচাৰি বিচাৰি গভীৰ খাদটোৰ তলি পলোগৈ । ভালকৈ নাচালেও চিনি পালোঁ। সেইয়া ভাঙি চিঙি পঢ়ি থকা সিহঁতৰ বাইকখন। আৰু কাষতে দুটা মৃতদেহ। এটা প্ৰীতমৰ আৰু আনটো ৰিকিৰ।
*****
*দেওলগা সন্ধিয়া*
“অকলে অকলে এই সন্ধিয়াখন আহি আছ যে চহৰত থাকি ভয় ভীত নাইকিয়া হ’ল নেকি?” – তিনিআলিৰ মূৰত লগ পাই দীপুৱে মোক আগছি ধৰি সুধিলে।
: “কিহৰনো ভয়। বাছৰ পৰা নামিয়েই ক্ষীৰেন বৰদেউতাক লগ পালোঁ নহয়। তেওঁৰ লগত কথা চোবাই চোবাই কেতিয়া আহি এইখিনি পালোঁ গমেই নাপালোঁ ।
মোৰ কথা খিনি শুনি যেন তাৰ মুখখনে কেহৰাজ বৰণ ল’লে। এক প্ৰকাৰ অৰ্তনাদ কৰাৰ দৰে সি চিঞৰি উঠিল, ” ক্ষীৰেণ বৰদেউতা ?? তেওঁ দেখোন যোৱা নিশাই ঢুকাল !?!”
সি ভাবিছিল চাগে মইও তাৰ দৰে আৰ্তনাদ কৰি উঠিম। বা হয়তো ঠাইতে মূৰ্চা যাম। মই মনে মনে খুক খুকাই হাঁহি উঠিলো। তাৰপিছত যথা সম্ভৱ নিজৰ হাঁহি সম্বৰণ কৰি ক’লো, ” চা, আমি মৰা মানুহবোৰে ইজনে সিজনক দেখাটো; কথা পতাটো একো ডাঙৰ কথা নহয়। মইওটো যোৱা নিশাই ঢুকাইছিলো। “
মই ভাবিছিলো এইবাৰ সি এটা প্ৰচণ্ড চিঞৰ মাৰিব। নহলে ভয়ত কঁপি কঁপি ঠাইতে মূচকচ যাব। কিন্তু তাৰ প্ৰতিক্ৰিয়াটো আছিল বেলেগ ধৰণৰ। সি তাৰ পিছ মূৰত হাতেৰে চপৰিয়াই চপৰীয়াই ধেক ধেকাই হাঁহি কব ধৰিলে, ” ধেত চাল্লা, গাধ আছিলোঁ গাধই হৈ থাকিলো। তই বাৰু জীয়াই থাকিলে মইনো তোৰ লগত কথা পাতিব পাৰিলো হয় নে! তেনেকুৱা হোৱা হ’লে মোক মৰিয়াই মৰিয়াই মাৰি পেলোৱা কেইটাক সুদায় এৰিলোঁ হয় নে!
কথা খিনি পাগুলি – পাগুলি, পুৰণি কথা মনত পৰিয়েই নেকি তাৰ যেন খংটো বাঢ়ি গল । নিজৰ মূৰ্খামিত, অপৰাগতাত বিতশ্ৰদ্ধ হৈ সি এইবাৰ খঙতে নিজৰ মূৰটো একে আজুৰে চিঙি আনি বাটৰ কাষৰ ৱাল খনলৈ মাৰি পঠিয়ালে। খুন্দা খাই মূৰটো কেইবা ঠাইত থেতেলা খাই গল। মুৰ হীনভাৱে থিয় হৈ থকা ডিঙিটোৰ পৰা এটা তেজৰ ফুৱাৰা বৈ আহিল।
ঘটনাৰ আকস্মিকতাত মোৰ মুখখন ডাঙৰকৈ মেল খাই গল।
কিমান সময় পাৰ হৈ গ’ল ক’ব নোৱাৰো। কি কৰিম নকৰিম ভাৱি থাকোতে হঠাৎ কান্ধত কাৰোবাৰ হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ। ঘূৰি চাই দেখো দীপুৰেই হাতখন। কোন পাকত আহি জানো বন্ধুত্বৰ মৰমৰে মোৰ ডিঙিত মেৰিয়াই ধৰিছেহি।
“ব’ল, তোৰ মুড টোৱে নষ্ট কৰিলোঁ।” চিনাকি মাতটোনো ক’ৰ পৰা আহিছে বুলি শব্দটোৰ উৎসৰ ফালে ঘূৰি চালোঁ। চাই দেখো, ৱালৰ কিনাৰত পৰি থকা তাৰ থেতেলা খোৱা মুৰটোৱে মোলৈ চাই মিচিকিয়াইছে ।
মুণ্ডহীন দিপুৰ লগত খোজত খোজ মিলাই মই আগবাঢ়িলো। আমাৰ পিছে পিছে তাৰ চিগা মূৰটো বগুৱা বাই আহি থাকিল। মোৰ বুকুখন খুব জোৰে ধুক ধুকাই আছিল। ক্ষীৰেন বৰদেউতাক কোনোমতে ঠগী আহিলো। হে ভগবান, ইয়ো গম নাপালেই হ’ল মই যে জীয়াই আছোঁ।
*****
*বন্ধু*
ৰেল ষ্টেচনত লগ পোৱা মানুহজনৰ সৈতে অন্ধকাৰ নিশা সৰু পথটিৰে প্ৰায় দুবছৰৰ মূৰত গাঁৱৰ ঘৰলৈ বুলি খুপি খুপি আগবঢ়াইছিলোঁ। মোৰ ষষ্ঠ ইন্দ্ৰীয়ই ইতিমধ্যে জনাই দিছিল যে মোৰ সৈতে আহি থকা অচিনাকি মানুহজন আচলতে এটা ভূত হে। কিন্তু তেতিয়ালৈ দেৰি হৈ গৈছিল। হঠাৎ অলপ আগত গুজুক্ গুজুকৈ আগবাঢ়ি যোৱা ৰমেনক দেখি মোৰ যেন জীৱ ঘূৰি আহিল। চিঞৰি উঠিলোঁ, “ৰমেন”।
ৰমেন মোৰ বাল্য বন্ধু। এইবাৰ ভূত টো আগে আগে,আমি দুটা পিছে পিছে। ৰমেনক মই ফুচ ফুচাই কলো, “আগৰজন মানুহ নহয়, অশৰীৰী। এটা ভূত।” সি মোৰ হাতত খামোছ মাৰি ধৰিলে। হঠাৎ সুবিধা বুজি এটা লুংলুঙীয়া পথেৰে আমি দুইটাই মাৰিলো প্ৰাণপণে লৰ। দৌৰি দৌৰি গাঁৱৰ মুখৰ ডাঙৰ পুখুৰীটোৰ পাৰত ফোপাই জোপাই আমি ৰ’লো গৈ।
এইবাৰ ৰমেনে কলে,”এতিয়া তই যা।” মই আচৰিত হলো। কলোঁ, “আৰু তই ?” সি হাঁহি কলে, “তই গাঁও এৰা দিন হল নহয়, বহু কথা গমেই নাপাৱ। এই পুখুৰীটোত পৰি মই ঢুকুৱা দেখোন এবছৰেই হল।”
******