একাকীত্ব

ড° সবিতা মজুমদাৰ কলিতা
সহযোগী অধ্যাপিকা, টংলা মহাবিদ্যালয়

হৃদয়ৰ জপনাখন খুলি
এতিয়া খবৰ লবলৈ তোমাৰ
কাৰো যে আহৰি নাই।
ফুলি থাকে থোপা থোপে
কামিনীকাঞ্চন
সুগন্ধি ল’বলৈ কোনোৱে নাই।
তুমি ভালে আছানে?
সাদৰি মাতষাৰ ক’তনো হেৰাল!
এতিয়া বতাহৰ নিছিগা ধাৰত
ছবি হৈ আহে তোমাৰ খবৰ
ছবিয়ে কথা কয়
ছবিয়ে হাঁহে,
ছবিয়ে নিঃশ্চুপে বিষাদৰ চকুপানী টোকে।
ভঙা কলিজাত মোৰ
আবেগহীন শব্দবোৰে
নিৰলে ছবিৰ সতেই
উৎসৱৰ আয়োজন কৰি
মিতিৰালি পাতে।

Scroll to Top