কনুৱা-নাচ (বিহু উৰুৱা)

ড° ৰূপাঞ্জলী মৰাং সাহা
সহকাৰী অধ্যাপক
বুৰঞ্জী বিভাগ
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়

                   চামুণ্ডৰীয়া সমাজত পৰম্পৰাগতভাবে বিহু নাচেই লোক-নৃত্যৰ মুখ্য ভূমিকা পালন কৰি আহিছে। আধুনিকতা আৰু শিক্ষাৰ প্রভাবত বিভিন্ন ধ্রুপদী অথবা পশ্চিমীয়া নৃত্য শিকিলেও সেইবোৰ লোকনৃত্য নহয়। ঢোল, তাল, পেপা, বাঁহী, গগনা, টকা, হাত-চাপৰিৰ সহায়ত নচা বিহুনাচ ল’ৰাৰ পৰা বুঢ়ালৈ সকলোরে উপভোগ কৰি ভাল পায়। চেমনীয়া গাভৰুহঁতে চ’ত মাহৰ পৰাই পথাৰত গছৰ তলত ‘ওৰাগুৰি’ অনুষ্ঠানত ‘টকাবিহু’ৰ অভ্যাস কৰে। ওৰাগুৰি মানে বিহুৰ অভ্যাস। অভ্যাসৰ আগে আগে গাঁৱৰ ৰাইজ লগ হৈ বিহু নমায়। বিহু নমোৱাৰ দিনা কোনো কোনো গাঁৱৰ ৰাইজে ভোজ ভাতো খায়। ডেকা-গাভৰুরে বাতি বিহুলৈ যায়। বয়োজ্যেষ্ঠ পুৰুষসকলে হুঁচৰি বিহু মারে।

                কনুৱা-নাচেৰে বহাগৰ বিহু বছৰটোলৈ উৰুৱাই চামুণ্ডৰীয়া আৰু টেমাৰ মিচিংসকলে কৃষি কার্যত মনোনিবেশ কৰিছিল। কিন্তু বর্তমান সময়ত চামুগুৰীয়া আৰু টেমাৰ মিচিংসকলৰ পৰম্পৰাগত কনুৱা-নাচৰ অস্তিত্ব সংকটাপন্ন বুলিব পাৰি। পৰিৱেশ্য কলাব অন্তর্গত কনুৱা নাচ চামুণ্ডবীয়াসকলৰ এক অলিখিত লোক-নাট্য। দার্শনিক তত্ব সম্পন্ন কনুরা নাচক প্রতীক ধর্মীয় এক গীতি নাচ নাটিকা বুলিও আখ্যা দিব পাৰি। বৰ্তমান নর প্রজন্মৰ বহুতেই নেজানে কনুৱা নাচৰ বিষয়ে। মাত্র কেইখনমান গাঁরতহে বন্ধুরা-নাচৰ প্রচলন হৈ আছে তাকো এবা ধৰাৰ মাজেদি। ভাষা এবাব কিংবদন্তি অনুসৰি যিহেতু চামুণ্ডৰীয়া মিচিঙৰ মাতৃজাতি আহোম ৰজাৰ দেশৰ ছোৱালী আছিল। সেইবাবেই হয়তো এইখন সমাজত কনুৱা চৰায়ে বিহু উকওরা অনুষ্ঠানত বিশেষ স্থান পালে। বৃহত্তৰ অসমীয়া জাতীয় জীৱনত বংপুৰ নগৰত আহোম স্বৰ্গদেউসকলে বিহু উপভোগ কৰোঁতে বিহু নাম গাইছিল-

      ৰংপুৰ বং চং গজ ঘণ্টা ঢং ঢং স্বর্গদেউ ঈশ্ববে কনুৱা মেলাই।

     ৰৈ নো ৰৈ কান্দিলে কনুৱানো চৰাইটি

     কাবে নো মুখলৈ চাই।

                 বিহু উৰুৱাওঁতে চামুণ্ডৰীয়াসকলে এই কনুৱা চৰাইকেই প্রতীক হিচাপে লয়। বর্তমান উজনি পহুমৰা, উজনি খামতি, গেন্ধালি, দেউবিল, বঙালমৰা, মেৰাণ্ডৰীয়া, নাৰায়ণপুৰ চামুগুৰি এই কেইখন গাঁৱতহে কনুরা নাচৰ প্ৰচলন আছে। গতিকে কনুরা-নাচৰ সম্পূর্ণ স্বরূপ বিশ্লেষণ কৰাটো গবেষণা কার্য্যত এক অত্যন্ত জটিল কাম বুলিব পাৰি। ক্ষেত্র অধ্যয়নৰ সময়ত সম্মুখীন হোবা প্রত্যাহ্বানসমূহ আছিল।

            যথাক্রমে-

            ১. লিখিত তথ্যৰ অভাব। লিখিত ৰূপত মণিধৰ মৰাণ্ডৰ বিহু উকরাত চারুগঞাৰ (চামুণ্ডৰীয়াৰ) ‘কনুৱা নাচ’ শীর্ষক এটি মাত্র প্রবন্ধ পোৱা গৈছে।

            ২. কনুৱা-নাচৰ সৈতে জড়িত বহু লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

             ৩. কনুৱা নাচৰ সতে জড়িত জীবিতসকলেও প্রকৃত তথ্য দিবলৈ অপাৰগ। কাৰণ তেওঁলোকেও বহু কথা নেজানে। 

              ৪. বিভিন্ন প্রতিযোগিতামূলক শিক্ষাগ্রহণত ব্যস্ত থকাৰ উপৰিও গণ সংযোগ মাধ্যমৰ চচিয়েল মিডিয়াত ব্যস্ত নব প্ৰজন্মৰ চামুণ্ডৰীয়াসকলে কনুৱা নাচৰ প্রতি বিশেষ মনোনিবেশ কৰিবলৈ মন নকৰা পৰিলক্ষিত হৈছে।

            কনুবা নাচক ডফলা ডাফলী নাচ বুলিও কোৱা হয়। অৱশ্যেই চামুৰীয়া মিচিঙে প্রদর্শন কৰা “ডফলা-ডাফলী নাচ” ডফলা-ডাফলীৰ নাচ নহ’বও পাবে।’ উল্লেখনীয় এই যে অকণাচল প্রদেশৰ আদি, নিচি, আপাতানি যি সম্প্রদায়ৰে নহওক লাগে চামুণ্ডৰীয়া সকলে ‘ডফলা’ বুলিয়েই কয়। ঠিক সেইদৰেই অৰুণাচলী সকলেও ভৈয়ামৰ মানুহক যি জাতিৰে হ’লেও ‘হাইলাং’ বুলি কয়। মধ্যযুগীয়া অসমীয়া সমাজত যিকোনো বিদেশী মানেই ‘বঙাল’ বুলি সম্বোধন কৰাব দবেই। মিকাপালাত কিংবদন্তিৰ মতে চামুণ্ডবীয়া মিচিং সকল আদিব দাম্ৰ আৰু মঞিংসকলৰ নিকট-আত্মীয়। সেইবাবেই ক’ব পাৰি যে ডফলা-ডাফলী শব্দ যুটীৰে অৰুণাচলী সকলক গালি পৰা অথবা তাচ্ছিল্য কৰা শব্দ নহয়। এই শব্দ যুটী পাহাৰীয়া জনজীবনৰ অতীত বোমস্থন বুলিব পাৰি। কনুরানাচত ডফলা-ডাফলীক দুষ্কৃতিকাৰী হিচাপে চিত্রায়ন কৰা

                 বিষয়টোরে মিকাপালাতৰ দুখৰ স্মৃতি বহন কৰা যেনো লাগে।

              বহাগ-বিহু (বঙালী), কাতি-বিহু (কঙালী), আৰু মাঘ-বিহু (ভোগালী) তিনিওটা বিছরেই এওঁলোকে অতি আন্তবিকতাবে আৰু শ্রদ্ধাবে পালন কৰে। বহাগ বিহু আহিলে চ’তৰ মাহতে বিহু নমোরা বা হুঁচৰি নমোরা অনুষ্ঠান পাতে। হুঁচৰি নমোৱাৰ দিনাই গা বাইজে একেলগে ভোজ ভাত খোৱাৰ শেষত বাইজৰ সাক্ষাতত দুজন বয়োজ্যেষ্ঠ লোকক ডেকা জোপৰ বাবে ডেকা বৰা আৰু জীয়ৰী জোপৰ বাবে তিৰী বৰাৰ দায়িত্ব দিয়া হয়। উল্লেখনীয় যে চামুণ্ডৰীয়া সমাজত কুৰি শতিকাৰ শেষৰ লৈকে চেমনীয়া ল’ৰাই টকাৰেহে বিহু মাৰিব পাৰিছিল। ঢোল বজোৱা দূৰৰে কথা চেমনীয়াই ঢোল চুবও নোৱাৰিছিল। সমাজৰ নিয়ম অনুসৰি মেজিৰ তলত তামোল-পাণৰ শৰাই এখন, কুকুৰা এটা, আপং একলহ দি কেইবাজনো সমনীয়াই একেলগে আঁঠু লৈ সামাজিকভাবে ডেকা জোপত সোমালেহে ঢোল বজাব পাৰিছিল। ছোৱালীবোৰেও তোলনী হোৱাৰ পিছত বিহু নমোবাৰ দিনা তামোল-পাণৰ শৰাই, কুকুৰা এটা, আপং একলহ দি সামাজিকভাবে আঁঠু লৈহে গাভৰু জোপত সোমাব পাৰে। গাভৰু জোপত সোমালেহে ছোৱালীক তিৰী বৰাই বিহুত অংশগ্রহণ কৰিবলৈ সুবিধা দিয়ে। বিছ নমোরা বা হুচৰি নমোৱা আৰু বিহু উকরা এই দুয়োটা অনুষ্ঠানেই চামুণ্ডৰীয়া সমাজ সংগঠনৰ এক অপূর্ব নিদর্শন আৰু ই সমাজখনৰ এক অপৰিহার্য অংগ। ডেকা বৰা আৰু তিৰি বৰা পদবীধাৰী দুজনৰ পদবীয়ে চামুণ্ডৰীয়া সমাজত আহোম বজাৰ পাইকৰ দৰে কাম কৰে। বিহু নমোবাৰ পৰা আৰম্ভ কৰি উৰুৱালৈকে ডেকা-গাভৰুসকলে এই দুয়োজন পদবীধাৰীৰ কটকটীয়া অনুশাসন মানি চলে। তেওঁলোক দুয়োজনে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি ডেকা-গাভৰুসকলৰ মাজত অনৈতিক কাম-কাজ নোহোৱাকৈ সু-শৃংখল ভাবে বিহু পাৰ কৰিবলৈ সক্ষম হয়। পিতৃ-মাতৃ অভিভাবকেও তিৰী বৰাৰ দায়িত্বত ছোৱালী পঠিয়াই নিশ্চিন্ত হৈ থাকিব পাৰে।

    বিহু উৰুরাব নিশা ৰাইজৰ ভোজ ভাতব অন্তত লগবিহু আৰম্ভ হয়। লগবিহুত এইদৰে গায়- এপৰ নো দুপৰ কৰি বাতি নো পাৰে হ’ব                 

                  আমাৰ বিহুত আমনি নাই।

                 ৰাতি নো পৰে পৰে ফেঁচাই নো কুৰুলিয়াই

                  আমাৰ বিহু ভাঙোতা নাই।।

 পূবে ধলফাট দিয়াৰ সময়ত লগবিহু ওৰ পৰে আৰু কনুরা নাচ আৰম্ভ হয়। এই নাচৰ অন্তত গোৱা হয়। চেং চেং, বিহুৰ ভাঙি যাঙে ঠেং।

                 বহাগী ঐ যা গৈ গুচি।

  চ’তালী ঐ আহগৈ ঘূৰি …. ইত্যাদি।

                   কনুবা-নাচৰ সময়ত টেমেৰাসকলৰ নিয়ম অলপ বেলেগ ধৰণৰ হয়। তেওঁলোকে বিহুতলীত শিব দেৱতাৰ নামত ‘কানি পাণ’ খুরায়। বিহুতলীত হাতী, ঘোঁৰা, ঘৰিয়াল আদি জন্তুৰ প্রতিকৃতি উপস্থাপন কৰাৰ লগতে আ-অলংকাৰো প্রদর্শন কৰে। চামুণ্ডৰীয়াসকলে এনেদৰে কানি পাণ খুওরা অথবা জীব-জন্তুৰ প্রতিকৃতি তথা আ-অলংকাৰ প্রদর্শন নকৰে। কেবল কনুৱা চৰাই, ডফলা-ডাফলী আৰু বেজৰ বেশ-ভূষাৰ ব্যৱস্থা কৰিবলৈ কেইবাদিনো ধৰি প্রস্তুত চলোৱা হয়। ঠোঁট সাজোঁতে হাতৰ বুঢ়া আঙুলি আৰু তর্জনী আঙুলিৰ সহযোগত চৰাই ঠোঁটৰ আকাৰত সৰু কাঠিৰে আকাৰ দিয়া হয়। কনুৱা আৰু কনুৱানীৰ বাবে এযোৰকৈ এইদৰে দুযোৰ ঠোঁট সজা হয়। দুয়োপাট ঠোঁটক কাপোৰ মেৰিয়াই ঠোঁটৰ আকাৰ দিয়া হয়। এপাট ঠোঁট কনুরা ভাও দিয়া জনৰ মূৰত পিন্ধাই দিয়া হয় আৰু আনপাট দাঁতেবে নিয়ন্ত্রণ কৰা হয়। অন্য এখন কাপোৰ কনুৱা ভাও লওঁতাজনে পিঠিত পেলাই লৈ দুহাতেৰে ডেউকাৰ দৰে নিয়ন্ত্রণ কবে। পূর্বতে এড়ী কাপোৰ ব্যৱহাৰ হৈছিল যদিও বর্তমান বগা চেলেং চাদৰ ব্যৱহাৰ কৰা হয়। ডফলা-ডালীৰ কাৰণে পিঠিত লোৱা হোৰা আৰু ধনু কাঁড় সাজি ল’ব লাগে। বেজৰ ভাও দিয়াজনে জবা ফুকাৰ বাবে হাতত এখন গামোচা লৈ সাজু হয়। : কনুবা-নাচৰ কাহিনী আৰু পৰিৱেশনঃ

                    কনুৱা-কনুৱানী আৰু ডফলা-ডাফলীৰ চৰিত্ৰত স্বামী-স্ত্রীয়েও ভাও দিব পাবে। কিন্তু ভাতৃ-ভগ্নী, পিতা-পুত্রী এনেধৰণৰ সম্বন্ধৰ লোকে ভাও দিব নোৱাৰে। ঢোলৰ চেওৰ সমান্তৰালভাবে কনুরা-কনুরানীৰ নাচ আৰম্ভ হয়। ঠাই বিশেষে কনুরা নচুৱাৰ নাম আছে বুলি শুনা যায় যদিও এনে নাম সংগ্রহ কৰিব পৰা নগ’ল। কনুৱাৰ নাচ আৰম্ভ হওঁতেই আগমন ঘটে এহাল ডফলা-ডাফলী দম্পত্তি। কনুৱাক বধ কৰিবলৈ ডফলা-ডাফলীৰ মনত কু-বুদ্ধিৰ সৃষ্টি হয়। ফলত কনুরা হালক ডফলাই ধনু-কাঁড়েৰে মাৰিবলৈ উদ্যত হ’ল। কাঁড় বিদ্ধ কনুরা হালক বচাবলৈ এনেতে এজন বেজৰ আবির্ভার হয়। বেজে জাবি-ফুকি কনুরা হালক বচাই তোলে। পুনৰাই ডফলাই কনুরাক কাঁড় বিদ্ধ কৰে। অৱশেষত কনুরা-কনুৱানীয়ে ডফলাৰপৰা পৰিত্ৰাণ বিচাৰি পাহাৰৰ টিঙত আশ্রয় লয়। ডফলা ডাফলীয়েও কনুৱাৰ পিছে পিছে একেটা পথতে অগ্ৰসৰ হয় যদিও

                        বেজেও কনুৱা-কনুৱানীক বচাবলৈ নাটিকাখনিৰ অন্তিম পৰ্য্যায়লৈকে চেষ্টা অব্যাহত বাখে। এইদৰেই কনুৱা-নাচৰ অলিখিত কাহিনীৰ নাট্যরূপ চামুণ্ডৰীয়া আৰু টেমাৰ মিচিং সমাজত বিহু উৰুৱা অনুষ্ঠানত অঞ্চল ভেদে অলপ হীন ডেঢ়ি রূপত চলি আছে। কনুৱা নাচৰ আধাৰত সংস্কৃতিক যে অপ সংস্কৃতিয়ে সদায়ে গ্রাস কৰিব বিচাৰে তাকেই যেন দেখুওৱা হৈছে। কনুরা-কনুরানীক ডফলা-ডাফলীয়ে বধ কৰাৰ অপচেষ্টাই তাবেই ইঙ্গিত বহন কৰে। এনে সময়তে সংস্কৃতিৰ সাধকে সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে অহৰহ সংগ্রাম কৰাৰ প্রচেষ্টাও দেখুওৱা হৈছে বেজৰ চৰিত্ৰটোৰ যোগেদি। অসম যে তন্ত্র-মন্ত্রৰ এখন দেশ আছিল বেজৰ জৰা-ফুকাই তাৰো এটি আভাস দাঙি ধৰে। চামুণ্ডৰীয়া চিন্তাশীল লোকসকলৰ মতে নাটিকাখনিৰ চৰিত্ৰসমূহ এইদৰে বর্ণনা কৰিব পাৰি যথাক্রমে-

      ১. কনুৱা-কনুৱানীক- সংস্কৃতিৰ প্রতীক,

      ২. ডফলা-ডাফলী দুস্কৃতিব প্রতীক আৰু

      ৩. ওজা বেজ- সংস্কৃতিৰ সাধক।

             বিশ্লেষণৰ অন্তত ক’ব পাৰি যে বিহু উৰুৱাত প্রচলিত হোৱা চামুণ্ডৰীয়া মিচিঙৰ কনুৱা-নাচৰ কাহিনীটো এক প্রতীক ধর্মীয় বসাল নাট্যরূপ। কাহিনীটোত নিসন্দেহে মঙ্গোলীয় জনজীবনত ব্যবহৃত হোবা দেউবস অর্থাৎ আপত্তবো গুৰুত্ব দেখুওৱা হৈছে। অলিখিত নাটকৰ সংলাপত আপত্তক অৰুণাচলী ভাষাত ‘অপ’ বুলি কোৱা হৈছে। যথা সময়ত ভাৱৰীয়া ডফলা-ডাফলীয়ে নিজে সংলাপ সজাই লয় এইদবে

     ডফলা: এই ডাপলি, অপ দিবি না।

     ডালী: (আপং যাচি) কাবি কাবি। কনুরাক মাৰিবি।

     ডফলা: (আপং খায়) কনুৱাকে মাৰিম বল।

     ডফলা-ডাফলী চৰিত্ৰত বিহু নামো সংযোগ কৰা হয়।

     ডফলা মৰিলে ডাফলী কান্দিব

      পিঠিতে হোৰাটো লৈ…

                          চামুণ্ডৰীয়া মিচিত্তৰ অলিখিত কনুৱা-নাচব নাটিকা বর্তমান কেইখনমান গাঁবতহে মৃতপ্রায় অবস্থাত এবা-ধৰাৰ মাজেদি চলি আছে। অসমৰ বিভিন্ন জনজাতীয় সমাজত অলিখিত এনেধৰণৰ বহুতো বাচিক আৰু পৰিৱেশ্য কলা সময়ৰ সোঁতত হেৰাই গৈ আছে। কনুবা-নাচৰ ঢোলৰ ছেও কাহিনী উপস্থাপন, পৰিবেশ্য কলাৰ লগতে বাঁহ-বেতৰ হস্ত কলা শৈলীও সময়ৰ সোঁতত যাতে হেৰাই যাব নোৱাৰে তাৰ বাবে লাগিব এই নাটিকাক সামাজিক ভাবে জীয়াই ৰখা আৰু জনপ্রিয় কৰি তোলাৰ প্রচেষ্টা। বর্তমান বহাগ বিহু বঙ্গমঞ্চ আৰু দূৰ সংযোগ মাধ্যমৰ বিষয় হোৱাৰ দৰে কনুরা-নাচেও বঙ্গমঞ্চ আৰু দূৰ সংযোগ মাধ্যমৰ জড়িয়তে নিশ্চিতভাৱেই নিজৰ স্থান সুৰক্ষিত কৰি ৰাখিব পাৰিব বুলি ভৱাৰ থল আছে। লাগে মাথো বাইজৰ সদিচ্ছা, একাগ্রতা আৰু সঁহাৰি।

                           চামুণ্ডৰীয়া সমাজৰ পদ্ধতিগত লোক-সংস্কৃতিয়ে নগৰ-চহৰৰ বাসিন্দাকো সামৰি লৈছে। কেবল চহা-গাঁৱলীয়া সমাজ বর্তমান কতো পাবলৈ নাই। ইন্টাৰনেটৰ যুগত ‘গোলকীয় গার্বত’ পৰিণত হ’লেও প্রত্যেকখন সমাজবে লোক সংস্কৃতি জীবন্ত ৰূপতেই আছে। কাৰণ লোক সংস্কৃতি অবিহনে মানব সমাজ পৰিচয়বিহীন। লোক সংস্কৃতিৰ গৱেষণা আৰু অধ্যয়নে সমাজৰ স্বকীয়তা বহন কৰি ৰখাত সহায় কবে। স্বকীয়তা হৈছে জাতীয়তাবোধ আৰু একতাৰ অন্যতম মাধ্যম। লোক সংস্কৃতি অধ্যয়নৰ পৰিসৰ অসীম জীবন্ত আৰু বিষ্ময়কৰ ইতিহাসৰ এক অপূর্ব সমন্বয়। বিশ্বত মানর সমাজ থাকে মানে লোক-সংস্কৃতিও জীয়াই থাকিব। কাৰণ লোক-সংস্কৃতি আৰু মানর সমাজ এটা আনটোৰ পৰিপূৰক। কিন্তু সময়ে সময়ে লোক সংস্কৃতিয়ে স্বাভাবিকভাবে রূপ সলায়, যাক সমাজেও গ্রহণ কৰে।

প্রসংগ সূত্র:

১. ভৰত বড়ি (সম্পা), স্মৰণিকা কাকলি বঙানৈ বিহু সম্মিলন, পৃ ৬- ১০

WhatsApp Image 2024-01-24 at 16.05.59
Scroll to Top