মাহীআই
সহকাৰী অধ্যাপিকা
টংলা মহাবিদ্যালয়, টংলা।
আই পিতাইৰ মত, আজি মই কইনাৰ সাজত
বুকুৰ উঠা নমাই হাঁহিছে, দৰা মোৰ প্ৰেমিক নহয়,
ছাঁত শুকোৱা মুঠিত লুকোৱা, সাজযোৰে মোক শুউৱা নাই
ধনী সাউদৰ মুখৰ হাঁহিয়েও, মোক মুঁহিব পৰা নাই ।
মাৰ ঘৰে মোক দান কৰিলে, সম্ভ্ৰান্ত ঘৰৰ অচিন পুৰুষ
মোৰ কাষত আজি বহি যায়, মই ভয়াৰ্ত নিৰুপায়,
সুন্দৰ সুঠাম বহল বুকু, ৰঙা চকুত মোলৈ মৰম নাই
গৃহ প্ৰৱেশৰ সময়ত দেখোন, মোক মাতে কোনে মাহীআই !
দিন বাগৰে ৰাতি যায়, কুমাৰিত্ব মোৰ ভঙা নাই
সাউদ ওলাল বেপাৰলৈ, তেজীমলা মোৰ সাৰথি কৈছে দঢ়াই,
চুবুৰীয়াই ৰাখিব চকু, লগুৱাক দায়িত্ব আমাৰ
প্ৰতিটো কামতেই হাত, মোৰ যেন জীৱন অসাৰ।
জী মোৰ সম বয়সৰ, স্বামী মোৰ আঢ়ৈগুণ বছৰ
মোৰ মনে কি বিচাৰে, তালৈ কাৰো নাই যে খবৰ,
ঘৰমুখি স্বামীৰো দেখো, পত্নীৰ প্ৰতি নাই হাবিয়াস
সম্বন্ধীয় মাহী পেহী যত আহিল , সকলোৰে কত অপযশ ।
ওৰে ৰাতি কান্দিছোঁ, দুশ্চিন্তাই দুচকুৰ টোপনি কাঢ়িল
কন্যাৰ কাষত স্বামীৰ ,গোটেই ৰাতি গুজৱ চলিল,
যৌৱনৰ অগনিয়ে দহিছে আজি, কেনেকৈ পাৰ কৰোঁ অভিশপ্ত ৰাতি
একোবাৰ ভাৱিছোঁ মাতোঁ নেকি স্বামীক, কিমান আৰু থাকিম ইকাটি সিকাটি।
নোৱাৰোঁ সহিব আৰু, যাম মই মৰি
যাবও নোৱাৰা হ’লো , আপোন ঘৰখনলৈ ঘূৰি
ৰিহা পুৰা আঙঠা সকলোৱে দেখে, মোৰ বুকুৰ জুইকুৰা কিয় নেদেখে ?
কাবৌ কৰিছোঁ হাত যোৰ কৰি, নিদিবা কাকো নাম মাহীআই বুলি।