তুমি অনন্যা চন্দ্ৰপ্ৰভা

(বৰেণ্য নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সোঁৱৰণত উৎসৰ্গিত)
ড° মঞ্জু কলিতা
সহকাৰী অধ্যাপিকা
দৰ্শন বিভাগ, মঙলদৈ মহাবিদ্যালয়

কি নাম দিম তোমাক চন্দ্ৰপ্ৰভা
কি নামেৰে শুৱাব  বাৰু
তেজস্বিনী নে অগ্নিকন্যা
বিদ্ৰোহী নে  জলন্ত শিখা
নে ত্যাগ আৰু সাহসৰ  তপ্ত তীখা !
একোৰে  নুশুৱাই অ’ চন্দ্ৰপ্ৰভা
সবাৰে ওপৰত  তুমি  নাৰী অনন্যা ।
অসমত যেতিয়া স্ত্রীশিক্ষাৰ  পথাৰখন
ঘোৰ এন্ধাৰে আছিল আৱৰা
হেজাৰ বাধাকো অতিক্ৰম কৰি
তুমি দৌৰিছিলা স্কুল বিচাৰি
যদিও আছিল তাত কাঁইটীয়া  বন
চিনি লৈ তাক  ভালকৈ
উভালি পেলালা বহুদূৰলৈ ।
শিক্ষকতাৰ পবিত্র বৃত্তিৰে
আৰম্ভ  কৰিলা জীৱন
যৌবনৰ ভৰ দুপৰীয়াতে
প্ৰেমৰ  সূৰ্যই মাগিলে বিদায়..
সমাজৰ মতে,
প্ৰতাৰিত  আছিল প্ৰেমিক তোমাৰ
তুমি পিছে সৰ্বদোষ  ক্ষমিলা
প্ৰমাণ কৰিলা সেই প্ৰেম  যুগমীয়া..
কি  যে সাহস তোমাৰ চন্দ্ৰপ্ৰভা…!
তোমাৰ  উদাত্ত  আহ্বানত
হেজাৰ পুৰুষ মহিলা
জপিয়াই পৰিল অসহযোগত
দিন ৰাতি একাকাৰ কৰি
স্বদেশ প্ৰেমেৰে বলিয়ান হৈ
আনিলা দেশৰ স্বাধীনতা
দেখুৱালা পথ
নাৰীৰো থাকিব পাৰে এই ক্ষমতা ।
ধন্য হল ভাৰত মাতা
বুৰঞ্জীত নাম খোদিত হল  “চন্দ্ৰপ্ৰভা”
উৰিল বিজয় ধ্বজা ।
তোমাক দিলে সন্মান “পদ্মভুষণ”
ডাক টিকট কৰিলে প্ৰচাৰ
অসমীয়াই দিব সদায় সন্মান
সেই সংগ্ৰামী সত্বাৰ
চন্দ্ৰৰ কিৰণে উজলাই ৰাখিব
চন্দ্ৰপ্ৰভাৰ কালজয়ী নাম ।।

Scroll to Top