পৰুৱা

ড° জয়ন্ত পাঠক
সহকাৰী অধ্যাপক
অসমীয়া বিভাগ
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়
টীয়ক, যোৰহাট

পৰুৱাবোৰ মৰম লাগে
মোৰ কোঠাবোৰৰ এনে এটা অংশ নাই
য’লৈ পৰুৱাবোৰ যোৱা নাই
টেবুল, বিচনা, আলমিৰা সকলোতে
সিঁহতৰ অবাধ বিচৰণ
কেতিয়াবা ভাবোঁ ঝাৰুৱে সাৰি সাৰি
বাৰাণ্ডাৰে চোতাললৈ লৈ যাওঁ
মনটোৱে নসহে
বিস্কুটৰ টেমাটো
চেনিৰ বৈয়ামটো
খুলি দিওঁ
অসংখ্য মোৰ ঘৰৰ পোহনীয়া পৰুৱাই
ক্ষন্তেকতে আগুৰি ধৰে
পৰুৱাবোৰলৈ মোৰ মৰম বাঢ়ি আহে
সিঁহতে খালেহে
মই খাবলৈ বঢ়ো
মোৰ খোৱা টেবুলত
ঘূৰণীয়াকৈ সিঁহতি বহি লয়
মই দিয়া ৰুটিৰ টুকুৰাবোৰ বেঢ়ি ধৰে
লাহে লাহে মোৰ
কোঠাৰ বেৰবোৰ
মজিয়া, বিচনা সকলোতে
সিঁহতি বিনাদ্বিধাই ঘূৰি ফুৰে
মই চাই থাকোঁ
মৰম বাঢ়ি আহে
আজি মই বিচনাৰপৰা উঠিব পৰা নাই
প্ৰচণ্ড জ্বৰত জ্বলি আছোঁ
মোৰ সৰ্বশৰীৰত মোৰ মৰমৰ পৰুৱাবোৰে
খাদ্যৰ সন্ধান কৰি কামুৰি আছে
মোৰ শৰীৰটো পৰুৱাৰ ভিৰত ক’লা হৈ পৰিছে
ভোকাতুৰ পৰুৱাবোৰে মোৰ মুখ, জিভা সকলোতে
সিঁহতৰ ভিৰ বৃদ্ধি কৰিছে
মই চিঞৰিছোঁ
মোৰ মাত মোলৈকে ঘূৰি আহিছে।

Scroll to Top