সহজাত

ড°  বিনীতা গগৈ
সহকাৰী অধ্যাপক
বৰহাট ভ.প্র.ব.সোঁ, মহাবিদ্যালয়
শিৱসাগৰ মণ্ডল

বীণাপাণিৰ মনটো এক মিশ্রিত অনুভবে আছন্ন কৰি আনিছে। ভাগৰ লগা নাই যদিও এক ধৰণৰ অৱসাদ এটাই পীড়া কৰি আছে। আনদিনা কলেজৰ পৰা আহিয়েই একাপ চাহ খায়। চাহ কাপ তাইৰ নিচা। খোৱাৰ লগে-লগে দিনটোৰ সমস্ত ক্লান্তি দূৰ হয়। তাৰ পিছতেই বিৰতিহীন ভাবে বিয়লিৰ নৈমিত্তিক কাম-কাজ আৰম্ভ কৰে। প্ৰায়ে নির্দিষ্ট কিছুমান সভা-সমিতিৰ বাবে নিজকে প্রস্তুত কৰিবলৈ দুই-চাৰিখন কিতাপ-আলোচনী মেলিব লগা হয় আৰু কেতিয়াবা ছাত্ৰ-ছাত্ৰীৰ বাবেও ঘণ্টাৰ পিছত ঘণ্টা টেবুলত বহিবই লগা হয়। তাৰ পিছত লৰালৰিকৈ ৰান্ধি বাঢ়ি মানুহজনৰ সমুখত ভাতৰ কাঁহিখন আগবঢ়াই দি কয়-

“কি ৰান্ধিলো নাজানো। খাওক এনেকৈয়ে আজিলৈ…..।”

“দিয়া, দিয়া। ভালেই হ’ব। তুমি সদায় তেনেকৈয়ে কোৱা।”

সাধাৰণতে কাঁহিৰ কাষত নিমখ নোখোৱা মানুহজনে যেতিয়া নিমখৰ পটটো বাঁওহাতেৰে চপাই লয় তেতিয়াহে তাই জিভাখনৰ আগটো দুইপাৰি দাঁতৰ মাজত লৈ উচপিচাই উঠে। তাৰ মানে তাই খৰধৰৰ কোবত আঞ্জাত নিমখ দিবলৈ পাহৰিলে। মুখেৰে কোনো কথাতে উচ্চ বাচ্য নকৰা মানুহজনলৈ তাই এনেবোৰ কাৰণতে বহুত শ্রদ্ধা ওপজে। আৰু নিজৰ দোষটো তাহানিতে সাধনা কৰি পোৱা চাকৰিটোৰ ওপৰত জাৰি সান্তনা লভে-

“ইস্ ৰাম, আজিও নিমখ দিবলৈ পাহৰিলো নহয়নে?। অহা জনমত এই ঘৰলৈ কাম লৈ আহিব লগা চাকৰি নকৰো আৰু দেই।”

‘হ’ব, হ’ব। দাইলখিনিতে নিমখ অকন দি আনা।” মানুহজন যথেষ্ট কো-অপাৰেটিভ। নহলে দুটাকৈ ল’ৰা-ছোৱালী পঢ়াই শুনাই উপযুক্ত কৰাৰ লগতে নিজৰো কলেজ শিক্ষকৰ দায়িত্ব পালন কৰা সহজ নহ’ল হেতেঁন। কৰিবলৈ মন যোৱা আৰু সুযোগ পোৱা কামবোৰ কৰাটোও সম্ভৱ নহ’ল হেতেঁন। এইজন সৰল মানুহৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সহযোগিতাৰ বাবেহে তাই কর্ম জীৱনৰ সফল সমাপ্তিৰ ফালে আগবাঢ়িব পাৰিছে।………..।

“লোবা….।”

চাহৰ কাপপ্লেট যোৰ আগবঢ়াই দিলে মানুহজনে। তাইৰ লাজ লাগি গ’ল। “আপুনি কিয় বনালে? মই………।”

“মোলৈও আনিছোঁ..। খোৱা…….। কি চিন্তা কৰিছা? পোৱা-নোপোৱাই জীবন। চিন্তা কৰি পাৰ নোপোৱা।”

কথাষাৰকে যেন তাই বুজা নাই। এনেভাবে মানুহজনলৈ চালে।

“অ’, বেয়া অভিজ্ঞতাবোৰ পাহৰি যোৱা। ভালবোৰ সুঁৱৰি সময়বোৰ উপভোগ কৰা।” তাই আচৰিত হ’ল। কি কথা ক’লে মানুহজনে এইষাৰ? মনটো কিবা ব্লেকবর্ড নে? বেয়া আখৰ মোহাৰি ভাল আখৰবোৰ ৰাখি থব পৰাকৈ। তাই আচলতে ভাল-বেয়া আৰু সুখ-

দুখক তেনেকুৱা একো বিশেষভাবে লোৱাই নাই। তাই নিজেও নাজানে কি এক অহেতুক

বিষাদে তাইক আৱৰি ধৰিছে?

ড০ বীণাপাণি মহন্ত আৰু দুটামান দিনৰ পিছতে জ্যেষ্ঠ নাগৰিকৰ শাৰীলৈ উত্তীর্ণ হ’ব। কর্ম জীৱনৰ অন্তিমটো ষ্টেচনত অচিবেই নামি পৰিব তাই। নমাৰ আগেয়ে বয়-বস্তুবোৰৰ হিচাপ লোৱাৰ দৰে সুদীর্ঘ চাকৰি কালৰ জমাখৰছৰ কথাটো অসচেতন ভাবে মনলৈ আহি আছে।

এবাৰ তাইৰ বৰ বেছি অসুখ। ভালে কেইদিন ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে। ভাল পোৱা নাই। বিছনাত পৰি থকা অৱস্থাতো মেজৰৰ ল’ৰা-ছোৱালী কেইটাৰ চিন্তা। কিবা অসহায় অনুভব এটাই তাইক হেঁচা মাৰি ধৰিছে। দুটিকে সন্তান আৰু নিজৰ অসুখীয়া দেহাৰ কথা নাভাবি কলেজৰ ছাত্ৰ-ছাত্ৰীৰ কথাকৈ উচুপি উচুপি কন্দা দেখি মানুহজনে বুজনি দিয়া কথাষাৰ তাইৰ মনত পৰিছে-

“আঁকবীজনী, ভাল হোৱা সোনকালে। সিহঁতক যদি এৰি থাকিব নোৱাৰা।”

সচাঁকৈয়ে কলেজৰ ল’ৰা-ছোৱালীবোৰো নিজৰ সন্তানৰ দৰেই, মৰমৰ আৰু আদৰৰ।

জীৱনৰ সমস্ত অভিজ্ঞতাৰে সিহঁতকো গঢ় দিবলৈ কম চেষ্টা কৰি আহিছেনে! বাটে-ঘাটে উজুটি নাখারক বুলি সুযোগ পালেই নীতিশিক্ষাৰ পাঠ দিয়া হৈছে। আত্মসংস্থাপনৰ মন্ত্ৰ আঁওৰাবলৈ শিকাইছে। পঢ়াবলৈ লোৱাৰ আগেয়ে সিহঁতক পঢ়ি লোৱাটো তাইৰ দৰ্শন। তাই জুমি জুমি সিহঁতৰ ভিতৰখনত থকা আৰু নথকাৰ খতিয়ান লৈছে। নথকাবোৰক যোগান ধৰিছে। যোগাৰ থকা সকলৰ কথা সুকীয়া। সকলোকে পোনচাটেই কেতিয়াও একাকাৰ কৰি পেলোৱা নাই। অভাৱত আগবঢ়া সকলৰ প্ৰতি তাইৰ একধৰণৰ অনুকম্পা আছে। ঋণৰ বোজা কান্ধত লৈ সপোন দেখিব খোজা অভিভাৱক সকলৰ কথা তাই আন্তৰিকতাৰে ভাবে।

চাকৰি পোৱাৰ পিছত বহুতেই ফোন কৰে। সেইটো এক অনন্য সুখ। বহু বছৰৰ পিছত কেতিয়াবা কাৰোবাক চেহেৰাই পাতিয়ে স্বচ্ছল যেন দেখিলেও মনটো ভৰি পৰে। বুকুখন ফুলি উঠে। কথাটো মনত থকালৈকে যাকে সমুখত পাই তাকে কয়-

“আমাৰ ছাত্ৰ প্ৰায়বোৰেই এতিয়া প্রতিষ্ঠিত..। সিদিনা অমুকক লগ পালো নহয়……।” ছচিয়েল মিডিয়াৰ কৃপাত আজিকালি বহুতকে দেখা পোৱা যায়। ফেচবুকত বহুতে তাইলৈ ফ্রেণ্ড বিকুরেষ্ট পঠাই। মেছেঞ্জাৰত মেম্, ভালে আছেনে (?) বুলি মেছেজ কৰা সকলৰ প্রফাইল ফটো বুঢ়া আঙুলি আৰু তর্জনী আঙুলিৰে বহল বহলকৈ মেলি চাই। প্রফাইল চেক কৰে। সেয়া এক সুকীয়া উৎস্যুকতা।

শিক্ষক দিৱসৰ দিনা পুৱাই বহু কেইটা কল আহে। যিমানে মেচেজ ট’ন বাজে সিমানে মনটো উজলি উঠে। নিজক বিচাৰি পোৱাৰ আনন্দ তাই সদায় উপভোগ কৰে।

কেতিয়াবা আচম্বিতে দুখৰ খবৰ আহে। ল’ৰা-ছোৱালীহঁতৰ বিফলতা, দুর্যোগ, সংঘাত আদিবোৰ বীণাপাণিৰ বাবে দুখৰ খবৰ। তাইক হতাশ কৰে। বৰ দুৰ্বল যেন লাগে নিজকে।

অপ্রাপ্তিয়ে প্রাপ্তিৰ মূল্য বঢ়ায়। হেৰুৱাবৰ সময়তহে পোৱাবোৰৰ প্ৰতি হাবিয়াস জাগে। একেলগে দৌৰাৰ এক সুকীয়া মাদকতা আছে। সমূহীয়া সফলতাৰ ভাগ পোৱাইহে উপলব্ধি কৰিব পাৰে। এই আটাইবোৰ সময়ৰ দ্বাৰা নিয়ন্ত্রিত হয়। পোৱাৰ আনন্দ আৰু হেৰুওৱাৰ বেদনা সকলোয়ে পাবই লাগিব। এয়া নিয়তি।

বীণাপাণিয়ে বহুত পাইছে। কৃপণালি নকৰাকৈ তাইয়ো দিবলৈ চেষ্টা কৰি আহিছে। সাহস পাইছে, সুযোগ পাইছে, আদৰ পাইছে আৰু কেতিয়াবা দুখো নোপোৱাকৈ থকা নাই। বহুত হাঁহিছে আৰু কান্দিছেও। সৰু হৈও চাইছে। ডাঙৰৰ ভূমিকাও লৈছে। সচাঁ বুলি ভবাৰ হকে অকলেও থিয় দিছে। ৰৈ থকা নাই। গৈ আছে। গৈ থাকিব লাগিব। ৰ’বলৈ মন গলেও আনে অহাৰ বাটত ৰৈ দিয়া অনুচিত। ৰৈ দিব নোৱাৰে। নৰয়।

গাত গা লাগিলে ঘর্ষণ হয়। ওচৰা-ওচৰি শিলহে ইটো সিটোৰ গাত লাগে। শিলো ক্ষয় যায়। তেজমঙহৰ মানুহে কষ্ট নাপাবনে? শিলে শিলে ঘহনি খোৱাটো প্রকৃতিৰ নিয়ম। তেন্তে শিলৰ গাত দোষ কি? আচোৰবোৰৰ ওপৰত পাহৰণিৰ মলম সানিলেই সকলো ভাতৰ লগত পানী খোৱাৰ দৰে সহজ। জটিলতাবোৰ সৰল আৰু সমস্যাবোৰ সমাধান কৰাৰ কলা সকলোয়ে আয়ত্ব কৰা উচিত। শিক্ষকক এই কলাৰ কাৰিকৰৰ ৰূপত মানুহে চাব বিচাৰে।

বীণাপাণিৰ চিন্তাৰ স্রোঁতে গতি সলাইছে। নাদৰ পৰা নদী আৰু নদীৰ পৰা সাগৰলৈ ঢাপলি মেলাৰ আপোন সাধুটোত ভাসমান হৈ উঠিছে এক বিশাল জলধি আৰু এক ক্ষুদ্রতম স্থিতি। পাৰাপাৰ হীন। বৰ বৰ ঢৌ আৰু ভয় লগা পকনীয়াবোৰ অতিশয় ৰোমাঞ্চকৰ। কুশলী নাৱৰীয়াৰ বঠা বোৱাৰ কি যে অনুপম শৈলী! অনেক নাঁও, অসংখ্য যাত্রী…। অসীম ভৰষা। আহ্হ্‌হ্…..। এক অনুপম অনুভর……..।

“হেৰা, ন বাজিবৰে হ’ল।……..?”

টি ভি চাই থকাৰ পৰাই মানুহজনে ৰিঙিয়ালে।

তাই ধৰমৰাই বিছনাৰ পৰা উঠিল। এই যেন অন্তিম ষ্টেচনটো আহি পালে আৰু মানুহজনে কোৱাৰ দৰে সুখকৰ অনুভৱৰ টোপোলাটো লৈ তাই নামি দিব ইয়াতে……।

Scroll to Top