সাম্প্ৰতিক সময়ত সন্তানৰ প্ৰতি অভিভাৱকৰ দায়ৱদ্ধতা

বিনীতা ভূঞা
সহকাৰী অধ্যাপিকা
লামডিং কলেজ
লামডিং, হোজাই

                               কেতিয়াবা কিছুমান কথাই বৰকৈ আমণি কৰে৷ কৈ লাভ নাই বুলি জানিও ক’বলৈ বাধ্য হওঁ৷ বাতৰি কাকত মেলিলেই অন্যান্য খবৰৰ লগতে নিতৌ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু বৰ দুৰ্ঘটনাৰ খবৰ পাওঁ৷ এইবোৰৰ বেছিভাগেই অকালমৃত্যুৰ খবৰ৷ বহু সৰু সৰু ল’ৰাই অকালতে কৰুণ মৃত্যুক আদৰি লৈছে৷ বেছিভাগেই স্কুল কলেজৰ অধ্যয়নৰত ছাত্ৰ৷ অলপদিন আগত জালুকবাৰীত একেলগে প্ৰাণ হেৰুওৱা ছাত্ৰ কেইজনৰ কথা আমি পাহৰা নাই৷ তাৰ পাছতো এনে ঘটনা ঘটিয়েই আছে৷ অলপতে মই থকা চহৰখনৰ স্কুলত অধ্যয়নৰত দুজন ছাত্ৰৰ নৈত গা ধুবলৈ গৈ হোৱা সলিল সমাধিৰ কথা জানিব পাৰি মনৰ কথা দুআষাৰ লিখিলোঁ৷ এনেবোৰ দুৰ্ঘটনাৰ কাৰণ বাৰু আমিয়েই নেকি? জগৰীয়া প্ৰকৃততে কোন? সন্তান নে সন্তানৰ প্ৰতি অভিভাৱকৰ স্নেহ-দুৰ্বলতা?

                    সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱনধাৰাৰো সলনি ঘটিছে৷ মানুহ ক্ৰমাৎ আৰামপ্ৰিয় হৈ পৰিছে৷ সৰু-বৰ সকলো কামতেই মানুহ আজিকালি যন্ত্ৰনিৰ্ভৰ৷ আজিৰ ব্যস্ততাৰ দিনত সময় ৰাহি ইয়াৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে৷ খোৱা শুৱাৰ নিয়ম নোহোৱাৰ ফলত আমাৰ শৰীৰত নানা বেমাৰে বাঁহ সাজিবলৈ আৰম্ভ কৰিছে৷ আমাৰ স্বভাৱ খিংখিঙীয়া হৈছে৷ আমিবোৰ ক্ৰমাৎ আবেগ অনুভূতিহীন একো একোটা যন্ত্ৰমানৱলৈ পৰিৱৰ্তিত হৈ আছোঁ৷ আমাৰ হাতত সময় নোহোৱা হৈছে৷ কথাবোৰ থানথিত লগাই ভাবিবলৈকো যেন আমাৰ আহৰি নাই৷ আমি যিকোনো প্ৰকাৰে নিজক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত এনেদৰে ব্যতিব্যস্ত হৈ পৰিছো যে সংসাৰ নামৰ বিষয়টোৰ প্ৰতিয়েই উদাসীন হৈ পৰিছোঁ৷ তাৰ পৰিণতিত নিতৌ ন ন ঘটনা দুৰ্ঘটনাই আমাক আগুৰি ধৰিছে।

                              এটা সময় আছিল যেতিয়া মাক দেউতাকৰ সন্তানৰ বাবে দেধাৰ সময় আছিল৷ আজৰি পৰত সিহঁতৰ সৈতে সময় অতিবাহিত কৰিছিল৷ আজিকালি ইয়াৰ ওলোটা ছবি এখন আমি দেখা পাওঁ৷ সময়ৰ অজুহাতত আজিৰ দিনৰ অভিভাৱক কিছুমানে ল’ৰা-ছোৱালীক যি বিচাৰে তাকে দিয়ে৷ টকাপইচা থকাবোৰে আভিজাত্যৰ চিনস্বৰূপে দিয়াৰ বিপৰীতে মধ্যবিত্ত পৰিয়ালবোৰে সন্তানৰ দাবী মানি ধাৰ ঋণ কৰি হ’লেও ল’ৰা-ছোৱালীক দামী মোবাইল, স্কুটী, বাইক, চাৰিচকীয়া আদি দিয়৷ সেইবোৰ ল’বলৈ সিহঁতৰ বয়স হৈছেনে নাই সেই কথা তেওঁলোকৰ বাবে বিচাৰ্য নহয়৷ ল’ৰা-ছোৱালীৰ প্ৰতি অপত্য স্নেহ, সিহঁতে মনত দুখ পাব আদি কথা চিন্তা কৰি কিছুমান অভিভাৱকে সামৰ্থ্য অনুসৰি সিহঁতৰ আবদাৰ ৰাখে৷ কিছুমানে আকৌ ইচ্ছা কৰিয়েই ষ্টেটাছ চিম্বলৰ হেতু সন্তানক এইবোৰ উপহাৰ হিচাপে দিয়ে৷ এইবোৰৰ অপপ্ৰয়োগে সন্তানৰ ক্ষতি কৰিব বুলি জানিও অহৈতুকী মায়াৰ তাড়নাত সিহঁতৰ দাবী পূৰণ কৰে৷

                               আমি সকলোৱে জানো বয়ঃসন্ধিৰ কালছোৱা মানৱ জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ সময়৷ এই সময়ছোৱাতে ছাত্ৰ-ছাত্ৰীৰ মনত নানা আকাংক্ষাই দেখা দিয়ে৷ সিহঁতৰ মনত কৌতূহলৰ সৃষ্টি হয়৷ নিষিদ্ধ কাম-কাজৰ প্ৰতি আকৰ্ষিত হয়৷ নিজকে ধুনীয়া আৰু স্মাৰ্ট দেখুৱাবৰ বাবে সিহঁতে যি সুবিধা পায় তাকে গ্ৰহণ কৰে। সিহঁত দিবাস্বপ্নৰ স্বীকাৰ হয়৷ বীৰপূজা অৰ্থাৎ প্ৰিয় ব্যক্তিক অনুকৰণ কৰে৷ বাস্তৱৰপৰা আঁতৰি থাকি এখন সপোনৰ ৰাজ্যত বিচৰণ কৰি ভাল পায়৷ এই সময়ছোৱাত বেছি সংখ্যকে গুৰুগোঁসাই নমনা হয়৷ নিজৰ মতকে শুদ্ধ বুলি গ্ৰহণ কৰাৰ প্ৰৱণতাই সিহঁতৰ মাজত দেখা দিয়ে। মাক-দেউতাক বা অন্য জেষ্ঠ্যজনৰপৰা কথা লুকুৱাবলৈ শিকে। প্ৰৱল বন্ধুপ্ৰীতিয়ে সিহঁতক গ্ৰাস কৰে৷ ভাল বেয়া বিচাৰ কৰিবলৈ অসমৰ্থ হোৱাৰ বাবে ভুলপথত সহজে ভৰি দিয়ে৷ সেয়ে এই সময়ছোৱাত অভিভাৱকে নিজৰ সন্তানক বিশেষ মনোযোগ দিব লাগে৷ সিহঁতৰ আচৰণত কোনো পৰিৱৰ্তন চকুত পৰিলেই পলম নকৰি সিহঁতৰ সৈতে বন্ধুৰ আচৰণ কৰি মনৰ কথা জানিব লাগে৷ সিহঁতৰ সমস্যা বুজিবলৈ যত্ন কৰিব লাগে। সন্তানে কেনে বন্ধুৰ সংগ লৈছে সেই কথাটোতো গুৰুত্ব দিব লাগে৷ স্কুল কলেজলৈ ঠিকমতে গৈছে নে নাই তাৰ খবৰো ল’ব লাগে৷ কেতিয়াও সন্তানক আনৰ লগত তুলনা কৰিব নালাগে৷ পিছে বাস্তৱত এনেবোৰ দিশৰ প্ৰতি অভিভাৱকসকলে গুৰুত্ব দিব নোৱাৰে৷ কাৰণ তেওঁলোকৰ সময়ৰ অভাৱ। কিছুমানে আকৌ এইবোৰ কথা গুৰুত্ব দিবলগীয়া বুলিয়েই নাভাবে৷

                           বৰ্তমান বেছিভাগ অভিভাৱকেই নিজৰ নিজৰ কৰ্মস্থানত ইমানেই ব্যস্ত হ’ব লাগে যে তেওঁলোকে সন্তানক সময় দিব নোৱাৰে৷ পিতৃ মাতৃ উভয়ে চৰকাৰী বেচৰকাৰী কামত নিয়োজিত হোৱাৰ ফলত সন্তানৰ মনৰ খবৰ ল’ব নোৱাৰে৷ কেৱল সিহঁতৰ প্ৰয়োজনীয় অপ্ৰয়োজনীয় সকলো বস্তুৰে অভাৱ পূৰ্ণ কৰি সিহঁতক সন্তুষ্ট ৰাখিবলৈ যত্ন কৰে৷ আজিৰ যান্ত্ৰিক যুগত এটা বা দুটা সন্তানেই বেছিভাগ পৰিয়ালত থাকে৷ কামকৰা মানুহৰ হাতত সিহঁতৰ শৈশৱ পাৰ হয়৷ কিছু কিছু ক্ষেত্ৰত সিহঁত জেদী হৈ পৰে৷ লাগ বুলিলেই সিহঁতে বিচৰা বস্তু নাপালে অশান্তিৰ সৃষ্টি কৰে৷ উপায়হীন অভিভাৱকে সেয়ে সিহঁতে যি বিচাৰে তাকে দিয়ে৷ এনেদৰে সন্তানৰ দাবী পূৰণ কৰাত সিহঁতো সন্তুষ্ট হয় আৰু মাক দেউতাকেও শান্তি পায়৷ সেইখিনিতেই কিছু সংখ্যক অভিভাৱকৰ ভুল হয়৷ বন্ধুৰ কবলত পৰি এই সময়ত কিছুমান ল’ৰা ছোৱালীয়ে ভুল পথত ভৰি দিয়ে। সিহঁতে মাক দেউতাকৰ অগোচৰে বিভিন্ন অপৰাধমূলক কামত জড়িত হৈ পৰে৷ ধৰা নপৰালৈকে সকলো ঠিকেই থাকে৷ ধৰা পৰাৰ পাছত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কোনো কোনোৱে অকালতে সন্তান হেৰুৱাৰ বেদনা চিৰকাল সহিবলগা হয়৷

                          মন কৰিলে দেখা যায় বৰ্তমান মোবাইল আৰু বাইকৰ অত্যাধিক ব্যৱহাৰ বহু দুৰ্ঘটনাৰ কাৰণ হৈছে৷ বাটেৰে গৈ থাকোঁতে হাতত-কাণত মোবাইল লৈ অন্যমনস্কভাৱে খোজ কঢ়াৰ ফলত বহু কিশোৰ-কিশোৰী দুৰ্ঘটনাৰ সন্মুখীন হৈছে৷ চেলফি ল’বলৈ গৈ মৃত্যুমুখত পৰিছে। দূৰন্ত গতিত বাইক চলাবলৈ গৈ মৃত্যুক আঁকোৱালি লৈছে বা চিৰদিনলৈ পঙ্গুত্বক আদৰি লৈছে৷ প্ৰাপ্তবয়স্ক নোহোৱা স্বত্বেও বহু ল’ৰাই বাইক চলাই নিজৰ জীৱন বিপদাপন্ন কৰিছে। দুৰ্ঘটনা এটা হোৱাৰ সময়ত সিহঁত কিছু সময়ৰ বাবে সচেতন হয়। পাছমুহূৰ্ততে ঘটনাৰ কথা পাহৰি যায়৷

                               মনকৰিবলগীয়া যে সিহঁতে অপৰাধ কৰাৰ সময়ত সংগোপনে কামবোৰ কৰে৷ পিতৃ-মাতৃ বা অভিভাৱকৰ অনুমতিৰ সিহঁতক প্ৰয়োজন নহয়৷ সেয়ে দুৰ্ঘটনা ঘটাৰ পাছতহে মাক দেউতাকে কথাবোৰ গম পায়৷ এতিয়া কথা হ’ল সন্তানৰ অপৰাধ প্ৰৱণতাৰ বাবে জগৰীয়া কোন? আওপকীয়াকৈ এওঁলোকৰ অভিভাৱক সকলেই নহয় জানো? ইয়াত মই সকলো অভিভাৱক বা ল’ৰা-ছোৱালীৰ কথা কোৱা নাই। যিসকলে সন্তানৰ প্ৰতি অত্যাধিক স্নেহৰ বশৱৰ্তী হৈ প্ৰাপ্তবয়স্ক নহওঁতেই মৃত্যুদূতৰূপী দামী বাইক হাতত তুলি দি সন্তানৰ অকালমৃত্যুৰ কাৰণ হয় তেওঁলোকৰ কথাহে কৈছোঁ। সন্তান এজনক জন্মৰেপৰা তুলিতালি ডাঙৰ কৰি তাক মানুহ কৰা সহজ কাম নহয়৷ চকুৰ আগত সন্তানৰ অকালমৃত্যু দেখাৰ যন্ত্ৰণাৰ কথা নকওঁ৷ সেয়ে মাক-দেউতাক সন্তানৰ লালল-পালনৰ ক্ষেত্ৰত সজাগ হোৱা বৰ জৰুৰী। বিশেষকৈ আজিৰ প্ৰতিযোগিতাৰ দিনত৷ সন্তানক মৰমেৰে সিহঁতৰ প্ৰধান কৰ্তব্য সোঁৱৰাব লাগে৷ বয়সৰ লগে লগে নিজৰ ভৰিত থিয় হোৱাৰ পাছত সিহঁতে নিজেই ভাল-বেয়া বুজিব পাৰিব৷

                                  শেষত ক’ব বিচাৰিম আমি আত্মসমালোচনা কৰাৰ সময় আহিছে৷ আমি সন্তানক বিপথে নিয়াত কেনে ভূমিকা লৈছোঁ এবাৰ ভাবি চাওঁচোন আহক৷ সিহঁতে বিচাৰিলে বুলিয়েই সকলো বস্তু যে দিবই লাগিব তাৰ মানে নিশ্চয় নাই। সিহঁতে এদিন কান্দিব, দুদিন কান্দিব কান্দিবলৈ দিয়ক৷ সিহঁতে আনৰ তুলনা দিব, তাক আওকাণ কৰক৷ মৰমেৰে বুজাওক। পৰীক্ষাত ভাল ৰিজাল্ট কৰি নিজৰ ভৰিত থিয় দিবলৈ উৎসাহিত কৰক৷ বিখ্যাত মানুহৰ সংঘাতময় জীৱনৰ কথা জানিবলৈ কিতাপ পঢ়াৰ অভ্যাস কৰাওক৷ জন্মদিনত মোবাইল, বাইক দিয়াৰ সলনি কিতাপ উপহাৰ দিয়ক৷ বাতৰি কাকত নিয়মিতভাৱে লৈ দেশৰ, দহৰ খবৰ ৰাখিবলৈ অনুপ্ৰাণিত কৰক৷ মনত ৰাখিব ঘৰখনেই হ’ল সন্তানৰ প্ৰথম পঢ়াশালি৷ ঘৰখনৰপৰাই সন্তানৰ ভৱিষ্যতৰ সোণোৱালী যাত্ৰা আৰম্ভ হয়৷ এই ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱকৰ দায়ৱদ্ধতা নিঃসন্দেহে গুৰুত্বপূৰ্ণ ৷

Scroll to Top