(Tai Phake - An endangered language of Assam)
ড° বিজু মৰাণ
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্রু মহাবিদ্যালয়, ডিব্রুগড়
০.০০ অৱতৰণিকা:
সাধাৰণতে ‘ফাকে’ বা ‘ফাকেয়াল’ নামেৰে পৰিচিত টাই ফাকেসকল অষ্টাদশ শতিকাৰ শেষভাগত অসমত প্ৰৱেশ কৰা বৃহৎ টাই গোষ্ঠীৰ অন্যতম এটা দল। এই দলটিক থলুৱা লোকে ‘ফাকিয়াল’ নামেৰে জানে যদিও এয়া অপভ্রংশ স্বৰূপহে। ফাকিয়াল শব্দটো কেনেকৈ হ’ল এই সম্পর্কে এনেদৰে জনা যায়- ফাকেসকলক কি জাতৰ মানুহ বুলি থলুৱা লোকে সুধিলে তেওঁলোকে ‘ফাকে য়াত’ বুলি কৈছিল। কাৰণ ফাকে ভাষাত ‘জ’ ধ্বনিটো নথকাৰ বাবে ‘জাত’ শব্দটো ‘য়াত’ বুলিহে কৈছিল। এই ‘ফাকে য়াত’ শব্দৰপৰাই কালক্ৰমত ‘ফাকিয়াল’ শব্দব উৎপত্তি হ’ল। ফাকেসকল মূল ঠাইৰপৰা অসমলৈ প্ৰব্ৰজিত হৈ অহাৰ আগেয়ে ‘নাম টুৰুং’ বা ‘টুৰুং পানী’ নৈৰ পাৰত বসবাস কৰিবলৈ লয়। টুৰুং পানী নৈৰ পাৰৰপৰা আহি বুঢ়ীদিহিং নৈৰ পাৰত বাস কৰোঁতে বুঢ়াগোঁহাই ফৈদৰ ডেকা ফুকন চন্দ্র গোঁহায়ে ৰজাৰ আজ্ঞাবে ফাকেসকলক যোৰহাটলৈ লৈ আনে। মানব অসম আক্রমণৰ কালত সকলো বৌদ্ধধর্মী টাই মানুহকে ব্ৰহ্মদেশৰ ‘ম্যুং কং’ দেশলৈ উলটি যোৱাৰ আদেশ দি মানসকলে ফাকেসকলক লগতে লৈ যায় যদিও সেই সময়ছোৱা ভৰপক বাৰিষা আছিল আৰু পাহাৰীয়া বাট-পথ বোকা পানীৰে অতিশয় দুর্গম হৈ পৰা বাবে ‘নামচিক’ নৈৰ পাৰত মানসকলে ফাকেসকলক এৰি থৈ যায়। সেই কালছোৱাতেই ইংৰাজ শাসন আৰম্ভ হোবাত ফাকেসকল দুভাগ হৈ অসমত বসবাস কবিবলৈ লয়। ইয়াৰপৰাই ফাকেসকল কালক্ৰমত ডিব্রুগড় আৰু তিনিচুকীয়া জিলাৰ মুঠ নখন গাঁৱত সিঁচৰতি হৈ বসবাস কৰিবলৈ লয়।
বর্তমান ডিব্ৰুগড় জিলাৰ দুখন আৰু তিনিচুকীয়া জিলাৰ সাতখন গাঁৱত ফাকে লোকৰ বসবাস পোৱা যায়।
এই গাঁৱকেইখন হ’ল –
ৰ) ডিব্ৰুগড় জিলাঃ
ক) নাম ফাকে (নাহৰকটীয়া)
খ) টিপাম ফাকে (জয়পুৰ)
চ) তিনিচুকীয়া জিলাঃ
ক) বৰফাকে
খ) মান ম
গ) নঙ লাই
ঘ) লঙ ফাকে
ঙ) মুঙ লাঙ (লিডু)
চ) নিঙ গাম (লঙ টঙ, লিডু)
ছ) ফা নেঙ (জাগুন)
ফাকেসকল থেৰাবাদী বৌদ্ধধর্মীয় লোক। তেওঁলোকে নিজৰ ভাষা-সংস্কৃতি এতিয়াও অটুট ৰাখিছে। তেওঁলোক ঘাইকৈ দ্বিভাষী। অসমীয়া ভাষা তেওঁলোকে সুন্দৰভাৱে ক’ব পাৰে। ফাকেসকলৰ সংস্কৃতি ঐতিহ্যপূর্ণ। ‘পয় অক ৱা’, ‘মাই ক চুম ফাই’, ‘পয় ছাও কেন’ আদি তেওঁলোকৰ ঘাই উৎসৱ। ফাকেসকলৰ নিজা লিপি থকাৰ হেতুকে তেওঁলোকৰ মাজত ভালেমান পুৰণি তথা মূল্যবান পুথি পোৱা গৈছে। টাই ৰামায়ণ ‘লামামাও’, মহাভাৰত থম্ম পুত্তম’, সচিত্র ‘ফুঙ চেন’ আদি বিখ্যাত গ্রন্থ টাই ভাষাত পোৱা গৈছে।
আহোম, খামতি, ফাকে, টুৰুং, আইতন আৰু খাময়াং এই আটাইকেইটাৰ ভাষাৰ মূলটো একে হ’লেও আটাইকেইটাৰ মাজত পার্থক্যও বিৰাজমান। বিভিন্ন সময়ত অসমত প্ৰৱেশ কৰা টাই দলবিলাকে পূৰ্বৰেপৰা টাই ভাষাকেই কৈ আহিছে যদিও অসমভূমিত সিঁচৰতি হৈ বসবাস কৰোঁতে অন্য ভাষাৰ সংস্পৰ্শলৈ অহাত তেওঁলোকৰ ভাষাটোৰ মাজত শব্দৰ সুৰৰ উচ্চাৰণ, শব্দৰ ব্যৱহাৰ আদি দিশতেই ঘাইকৈ পৰিবর্তন ঘটিছিল। ফাকেসকলে ব্যৱহাৰ কৰা টাই ভাষাটোত অন্য কেইটা দলে ব্যৱহাৰ কৰা টাই ভাষাতকৈ কিছুমান দিশত ভিন্নতা দেখা যায়।
টাই ভাষাৰ ঘাই বৈশিষ্ট্য হ’ল- ই সুৰাশ্রয়ী, একাক্ষৰী আৰু অৰূপাত্মক। ফাকে ভাষাত পাঁচটা সুৰ পোৱা যায় বুলি ভীমকান্ত বৰুৱাই উল্লেখ কৰিছে। তেখেতৰ মতে সুৰকেইটা হ’ল
ক) উদাত্ত
খ) অনুদাত্ত
গ) স্বৰিত বা সম
ঘ) উদাত্ত উন্নত
ঙ) অনুদাত্ত অনুন্নত
শব্দৰ ওপৰত আৰোপিত বিভিন্ন সুৰ অনুসৰি শব্দটোৰ অর্থও ভিন্ন হয়। সুৰৰ প্রাধান্য থকাৰ হেতুকে অন্য সুৰবিহীন ভাষাৰ তুলনাত ফাকে ভাষাৰ শব্দ সংখ্যা সীমিত।
ফাকে ভাষাত মুঠতে নটা স্বৰধ্বনি পোৱা যায়। ইয়াৰ উপৰি স্বৰৰ হ্রস্ব আৰু দীর্ঘ এই দুটা ৰূপো পোৱা যায়। বিশিষ্ট স্বৰধ্বনিকেইটা হ’ল- ই এ’ এ আ আ উ ও অ’ অ। ফাকে ভাষাত ‘আ’ কেন্দ্রীয় উচ্চ স্বৰধ্বনি পোৱা যায়। ফাকে ভাষাৰ ধ্বনিগত দিশৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল এই ভাষাত কণ্ঠ্যস্পর্শ (Glottal stop) ধ্বনিটো বিশিষ্ট ব্যঞ্জন ধ্বনি হিচাবে পোৱা যায়।
ফাকে ভাষাত ব্যবহৃত নির্দিষ্টতাবাচক শব্দ কেতবোৰ হ’ল- ‘ক’, ‘আন’, ‘মাও’ আদি। আনহাতে ক্ৰিয়াৰ নঞর্থকতা বুজাবলৈ ক্ৰিয়াৰ আগত ‘মাও’, ‘য়া’, ‘পাই’, ‘আঁঙ’ আদি ব্যৱহাৰ কৰা হয়। বহুবচন বুজাবলৈ বিশেষ্য আৰু সর্বনাম শব্দৰ পাছত ‘খাও’ যোগ কৰা হয়। ফাকে ভাষাৰ বাক্য গাঁথনি স্বৰূপটো হ’ল কর্তা+ ক্রিয়া + কর্ম। ফাকে লিপি ঘূৰণীয়া আৰু ই ব্রাহ্মীলিপিৰ অন্তর্গত।
ভাষাক কেৱল ভাৱ প্ৰকাশৰ মাধ্যম বুলি ক’লেই ইয়াৰ গুৰুত্বৰ ওৰ নপৰে, ভাষাৰ গুৰুত্ব মানৱ সভ্যতাত সুদূৰপ্ৰসাৰী। ভাষাৰ মাধ্যমত ভাৱৰ আদান-প্রদান কৰিব পৰা ক্ষমতাই মানুহক ইতৰ প্ৰাণীৰপৰা পৃথক কৰি ৰাখিছে। ভাষাৰ অধ্যয়ন আৰু চৰ্চাই তাৰ বিকাশত অশেষ অৰিহণা যোগায়। উল্লেখযোগ্য যে ফাকে ভাষা এটা ঠেক পৰিসৰৰ ভাষাহে। শব্দৰ সুৰ অনুধাৱন তথা শিকনৰ ক্ষেত্ৰত থকা জটিলতাই ভাষাটোৰ প্ৰসাৰৰ ক্ষেত্ৰত সমস্যা সৃষ্টি কৰি আহিছে। ভাষা পৰিবৰ্তনশীল হোৱাৰ হেতুকে এই ভাষাৰো অস্তিত্বৰ সংকট হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ ইউনেস্ক’ই এই ভাষাক ‘চিভিয়াৰলি এনডেনজাৰড’ ভাষা হিচাপে স্বীকৃতি দিছে। তদুপৰি ‘ৱিকিপেডিয়া’ত বিপন্নপ্রায় বুলি চিনাক্ত কৰা ভাৰতবৰ্ষৰ ১৯০ টা ভাষাৰ ভিতৰত টাই ফাকে ভাষা অন্যতম।
০.০২ অধ্যয়নৰ পৰিসৰঃ
ফাকে ভাষাৰ একে গোষ্ঠীয় আহোম আৰু খাময়াও ভাষা কওঁতাৰ সংখ্যা দিনক দিনে নোহোৱা হৈ আহিছে। ভাষাবিজ্ঞানৰ দিশৰপৰা কোনো এটা ভাষা হেৰাই যোৱাটো সহজ ঘটনা নহয়। এই অধ্যয়নৰ জৰিয়তে ভাষাটোৰ সামগ্রিক দিশত আলোকপাত কৰিবালৈ যত্ন কৰা হৈছে।
টাই ফাকে লোকৰ জনসংখ্যা সম্প্রতি ৩০০০ ৰ অধিক নহয়। ২০০৪ চনৰ ডিচেম্বৰ মাহৰ শেষভাগত ব্যক্তিগতভাবে কৰা জৰীপ অনুসৰি ফাকে লোকৰ অধ্যুষিত ৯ খন গাঁৱত বসবাস উল্লা লোকৰ মুঠ জনসংখ্যা গাঁৱৰ নাম আৰু সৰ্বমুঠ ঘৰসহ তলত উল্লেখ কৰা হ’ল-
ফাকে ভাষা চীন-তিববতীয় ভাষা পৰিয়ালৰ অন্তর্গত থাই-চীন বা শ্যাম-চীন শাখাৰ এটা ভাষা। ইন্দো- ইউৰোপীয় ভাষা পৰিয়ালৰ ভাষাৰ পাছতে চীন-তিববতীয় ভাষা পৰিয়ালৰ ভাষা কওঁতাৰ সংখ্যা পৃথিৱীৰ ভিতৰতে সৰহ। গ্ৰীয়াৰ্ছনে ভাষাতাত্ত্বিক দৃষ্টিভঙ্গীৰে টাইসকলক উত্তৰীয় আৰু দক্ষিণীয় এই দুটা ভাগত বিভক্ত কৰিছে। ফাকে ভাষা উত্তৰীয় শাখাৰ অন্তর্গত এটা ভাষা। উত্তৰীয় শাখাৰ আৰু পাঁচটা ভাষা অসমত প্রচলন আছে।
ফাকে ভাষা টাই ভাষাৰ অন্তৰ্গত এটা গোষ্ঠীগত ৰূপ হোৱাৰ হেতুকে টাই ভাষাৰ সাধাৰণ বৈশিষ্ট্যবোৰ ফাকে ভাষাতো বিদ্যমান। ফাকে ভাষাৰ সাধাৰণ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল
ক) ফাকে ভাষা একাক্ষৰী (Monosyllabic) ভাষা। এই ভাষাত একো একোটা মুক্ত অক্ষৰেই একো একোটা শব্দ। একো একোটা গাইগুটীয়া অক্ষৰেই শব্দ হোৱাৰ লগতে পদৰূপেও ব্যৱহাৰ হয়।
খ) ফাকে ভাষা অযোগাত্মক (Non-Inflecting) ভাষা। ফাকে ভাষাত অক্ষৰৰ লগত একো যোগ নহয় অর্থাৎ ই অৰূপাত্মক ভাষা। কোনো শব্দৰ লগত বিভক্তি, প্রত্যয় আদি যোগ ‘হৈ ৰূপ সৃষ্টি নকৰে। বচন, কাল, পুৰুষ আদি ক’তোৱেই কোনো ৰূপ নহয়। বহুবচন, কোনো কাল বুজাবলৈ হ’লে শব্দৰ আগত বা পাছত কেতবোৰ গাইগুটীয়া শব্দ ব্যৱহাৰ কৰা হয় আৰু সিয়েই ক্ৰিয়াৰ কাল, বহুবচন আদি সূচায়।
গ) ফাকে ভাষা সুৰপ্ৰধান ভাষা। শব্দৰ ওপৰত আৰোপিত সুৰে শব্দৰ অৰ্থত বিভিন্নতা আনে। এক কথাত সুৰে এই ভাষাক নিয়ন্ত্রণ কৰি ৰাখিছে। সুৰৰ সামান্য তাৰতম্য হ’লে শব্দটোৱে অন্য অর্থ বুজায়। এই ভাষাত কোনো শব্দৰ অর্থ পাবলৈ নির্দিষ্ট অর্থ সূচোৱা শব্দটো জনাৰ লগতে তাৰ নির্দিষ্ট সুৰো জানিব লাগিব। অন্যথা সি অন্য অর্থহে প্রকাশ কৰিব।
চ) ফাকে ভাষাত এক বা একাধিক একাক্ষৰী শব্দ যোগ হৈ একো একোটা অর্থযুক্ত যৌগিক শব্দ গঠন হয়। প্রয়োজন সাপেক্ষে তিনিটা পর্যন্ত একাক্ষৰী শব্দ যোগ হৈও সুকীয়া শব্দ গঠন হোৱা দেখা যায়।
ছ) ফাকে ভাষাৰ বাক্য গঠন প্রক্রিয়া এনে ধৰণৰ –
কর্তা + ক্রিয়া + কর্ম
ফাকে ভাষাৰ লিপি মূলতঃ ব্রাহ্মীলিপিৰ অন্তর্গত। এই লিপিৰ লগত আহোমসকলে ব্যৱহাৰ কৰা লিপিৰ অমিল আৰু খামতি, টুৰুং, আইতন আৰু খাময়াঙৰ লিপিৰ সৈতে মিল আছে। আহোম লিপি কৌণিক আৰু আন টাইসকলৰ লিপি ঘূৰণীয়া। আহোম লিপিত থকাৰ দৰে ফাকে লিপিৰ লগত কোনো আগবাঢ়ি থকা অংশ যোগ হৈ নাথাকে। ফাকে লিপি ঘূৰণীয়া হোৱাৰ লগতে আখৰৰ আগভাগ পাক খাই থাকে। যেনে- ‘ত’ (পা), ‘৬’ (মা) আদি। ব্রাহ্মীলিপিৰপৰা উদ্ভৱ হোৱা ফাকে লিপিৰ, অসমীয়া লিপিসহ পৰিচয় আগবঢ়োৱা হৈছে-
ফাকে ভাষাত প্রকৃততে ‘ৰ’ ধ্বনি পোৱা নাযায়। ‘ৰ’ ৰ ঠাইত ‘ল’ ধ্বনিহে উচ্চাৰণ কৰে। কিন্তু ইন্দো- ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত পালি ভাষাত ৰচিত বৌদ্ধ ধর্মগ্রন্থ ‘ত্রিপিটক ‘ৰ বাণীসমূহ পঢ়োঁতে শুনোতে ফাকেসকলৰ মাজত ‘ৰ’ ধ্বনিৰ পৰিচয় ঘটিছে কিয়নো পালি ভাষাত ‘ৰ’ ধ্বনি বিদ্যমান। কিছুমান ‘ৰ’ সংযুক্ত শব্দ ধৰ্মৰ জৰিয়তে ফাকেসকলৰ মাজত সোমাই পৰিছে। যেনে ‘থম ট্রা’ (প্রার্থনা), ‘চাও ফ্রা’ আদি। ফাকে ভাষাত ঐতিহাসিকভাৱে যদিও ‘ৰ’ নাছিল, এই ধ্বনি ধর্মগ্রন্থৰ ভাষা পালিৰ জৰিয়তে আহি পৰাত ‘ৰ’ বুজাবলৈ ”’ আখৰ সৃষ্টি কৰি লোৱা হৈছে। এই কথা উল্লেখনীয় যে ই ফাকে ভাষাৰ বিশিষ্ট ধ্বনি নহয়। আনহাতে ‘ক’ (আ) আখৰটো কেবল ফাকে ভাষাতেই নহয়, ই টাই গোষ্ঠীয় আটাইকেইটা ভাষাতেই ব্যঞ্জন ধ্বনিৰ অন্তর্গত। ই ঐতিহাসিকভাবেই চলি আহিছে। টাই ভাষাত স্বৰ আখৰ নাই, স্বৰ চিনহে আছে। ” (আ) আখবৰ লগত বিভিন্ন স্বৰচিন যোগ দি বিভিন্ন স্বৰ আখৰ সৃষ্টি কৰা হয়।
ফাকে লিপিৰ ঘাই বৈশিষ্ট্য হ’ল এই লিপি ঘূৰণীয়া আৰু লিপিবিলাকৰ আগবিলাক পাকখোৱা। এই বৈশিষ্ট্যই ফাকে লিপিক আহোম লিপিৰপৰা পৃথক কৰি ৰাখিছে। বিষয়টি অধিক স্পষ্ট হ’বলৈ তলত আহোম, খামতি, ফাকে, টুৰুৎ, আইতন আৰু খাময়াঙসকলে ব্যৱহাৰ কৰা লিপিক অসমীয়া আৰু ইংৰাজী লিপিৰ সৈতে তুলনামূলকভাৱে দেখুওৱা হ’ল।
২.০০ সিদ্ধান্ত:
টাই ফাকে লোকৰ জনসংখ্যা ৩০০০ হাজাৰৰ কম। তেখেতলোকৰ উঠি অহা প্ৰজন্মই এই ভাষা চর্চা কৰিবলৈ এৰিছে। পাছৰ প্ৰজন্মই এই ভাষা শিকিবলৈ আশা কৰা ধৰণে সুবিধা পোৱা নাই। আলোচনাৰ অন্তত লাভ কৰা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল –
ক) ফাকে ভাষা ‘চিভিয়াৰলি এনডেনজাৰড’ ভাষা হিচাপে শেহতীয়াকৈ স্বীকৃতি লাভ কৰিছে।
খ) এই গতি অব্যাহত থাকিলে অহা পঞ্চাশ বছৰৰ ভিতৰত ভাষাটো বিলুপ্ত হোৱাৰ সম্ভাবনা আছে।
গ) শেহতীয়াকৈ ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত ভাষিক, সাংস্কৃতিক আদি দিশৰপৰা লোৱা ভূমিকাই ভাষাটোৰ আয়ুস বৃদ্ধি কৰিছে। পৰিকল্পনা মতে আগবাঢ়িলে হয়তো ভাষাটো জীয়াই থাকিব।
৩.০০ উপসংহাৰঃ
টাইমূলীয় টাই ফাকে ভাষাই অসমৰ ভাষিক জগতখনক বৈচিত্র্য প্রদান কৰি অহাত অন্যতম ভূমিকা পালন কৰিছে। সম্প্রতি পৰিৱৰ্তিত বিশ্বত এই ভাষাইও পৰিৱৰ্তনৰ ধামখুমীয়াত সোমাই পৰিছে। একেবাৰে সীমিত জনসংখ্যাৰে টাই ফাকেসকলে নিজা কৃষ্টি-ভাষা জীয়াই ৰাখিছে। বিপন্নপ্রায় ভাষাৰ আওতাৰ মাজত সোমাই পৰা এই ভাষাটো ৰক্ষা কৰা প্ৰতিগৰাকী সচেতন ব্যক্তিৰে এটা গুৰুত্বপূর্ণ দায়িত্ব হৈ পৰিছে।
প্রসঙ্গ গ্রন্থ:
বৰুৱা, ভীমকান্ত : অসমৰ ভাষা
প্রথম সংস্কৰণ, ষ্টুডেন্টছ এম্প ৰিয়াম ডিব্রুগড়, ১৯৯০।
মৰাণ, বিজু : টাই ফাকে ভাষা আৰু সংস্কৃতি
প্রথম সংস্কৰণ, গোলাপী প্রকাশন ডিব্রুগড়, ২০০৯।