সময়ৰ গৌৰৱ
মূল ওড়িআঃ অধ্যাপিকা গিৰিবালা মহান্তি
অসমীয়া অনুবাদ: ড° বর্ণালী ডেকা
সহকাৰী অধ্যাপক
পূৱ কামৰূপ মহাবিদ্যালয়
প্রিয়তম,
দুখ কাক কয়?
বিষাদৰ সংজ্ঞা কি?
বিৰহৰ কোনো বর্ণনা থাকিব পাৰেনে?
তোমাৰ সান্নিধ্যৰ আয়তনত বন্দী প্রিয়তমাই
দুখ চিনি নাপায়।
বিষাদ নাজানে।
বিৰহৰ নাম শুনা নাই।
সময়ে সকলো অহংকাৰ নিঃশেষ কৰে
প্রিয়তম!
সময়ে বিৰহৰ সহযোগীজনকো আঘাত কৰে!!
‘আহা তেন্তে’ বুলি কৈ
তুমি পিছ দিয়া মাত্রেই
দুখ, বিষাদ, বিৰহে নিজৰ পৰিচয়পত্ৰৰ সৈতে
সাংঘাতিকভারে মুখামুখি হ’ল।
বিচ্ছেদৰ সৈতে।
মোৰ সকলো গৌৰৱ
সময়ে ধংস কৰি দিলে
প্রিয়তম।
সুহৃদ, খুলি দিয়া সকলো দুৱাৰ
ধৰিত্ৰীৰ ওপৰৰ আৱৰণটি খুলি দিয়া,
জীয়াই থকাৰ প্ৰেৰণা লৈ
অপাৰ চেনেহ-মৰম সোমাই আহক,
এটি আলোকৰ মুক্তিৰ বাবে,
অকণমান বতাহ আহিবলৈ
আকাশৰ ওপৰৰ আৱৰণটি খুলি দিয়া।
চোৱা অন্ধকাৰ জৰায়ুৰপৰা
আলোকৰ বাবে আতুৰ হৈ
পৃথিৱীত অৱতৰণ কৰাৰ পাছত
পুনৰ্বাৰ অন্ধকাৰে কিদৰে
মোক বন্দী কৰি লৈছে।
গিৰিবালা মহান্তি:
ওড়িআ কাব্যজগতৰ পৰিচিত মুখ গিৰিবালা মহান্তিয়ে শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ ওড়িআ বিভাগৰ পৰা অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছে। ‘তোপাই ফুঁ ৰূপবন্ত’, ‘তুম ন আসিবা নেই’, ‘স্ত্রীলোক’ কালিঝিঅ, মা হবাৰ দুঃখ, মোতে আকাশ কথা পচাৰনা, কাতি কাতিআ কাত্যায়িনী আদি পুথিৰ ৰচক মহান্তিয়ে নাৰীৰ সামাজিক সত্ত্বা, স্থিতি আৰু নিজৰ অধিকাৰৰ প্ৰতি নিজৰ কবিতাবোৰৰ মাজেৰে সংবেদনশীল হৈ উঠা দেখা গৈছে। উপৰোক্ত কবিতা দুটি তেখেতৰ ‘স্ত্রীলোক’ সংকলনৰ অন্তর্গত