প্ৰতিকূল বাতাবৰণৰ বিপৰীতে সাহসেৰে শিক্ষাৰ বীজ সিঁচা মহিলা
ইন্দিৰা মিৰি
সহকাৰী অধ্যাপক
পূৱ কামৰূপ মহাবিদ্যালয়
সোণাধৰ সেনাপতিয়ে তেওঁক “পিতৃ বিনিময়ী মা’ বুলি কোৱা ইন্দিৰা মিৰিয়ে ১৯১০ চনত গুৱাহাটীত জন্ম গ্রহণ কৰিছিল। ঘৰত ‘মেৰেং’ বুলি মতা কণমানিজনীয়ে পাঁচ বছৰ বয়সত ছিলঙৰ বাংলাভাষী বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে আৰু সেই দিনবোৰ তেওঁৰ বাবে আনন্দপূর্ণ মনোমোহা দিন বুলি পাছত স্মৰণ কৰিছে। দূৰদর্শী দেউতাক সেনাপতিয়ে চতুর্থ শ্রেণীতেই কলিকতাৰ বাংলাভাষী বিদ্যালয়ত নাম ভর্তি কৰি দি মেৰেং এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছিল কিন্তু দেউতাকৰ মনৰ বিপৰীতে কন্যাই ১৯২৭ চনৰ পৰাহে ছোৱালীক এডমিচন দিয়া স্কটিছ চার্চ কলেজখনৰ কলা শাখাত নামভর্তি কৰিছিল। সেই সময়ছোৱাত তেওঁ কলিকতাত ৰবীন্দ্রনাথ ঠাকুৰ, মহাত্মা গান্ধী, সৰোজিনী নাইডু, জৱাহৰলাল নেহৰু, পেটেল, সুভাষ চন্দ্র বসু আদিৰ নিচিনা মহান ব্যক্তিৰ সান্নিধ্য লাভৰ সুযোগ পাইছল। ১৯৩২ চনত বি-এ পাছ কৰি ইন্দিৰা ছিলঙলৈ উভতি অহাৰ পিছতেই মাতৃৰ বিয়োগ ঘটাত পৰিয়ালটিলৈ সামাজিক, মানসিক হেঁচাৰ বা বলিবলৈ ধৰিলে। তেতিয়াৰ অসমীয়া সমাজখন অন্ধবিশ্বাসী আৰু কুসংস্কাৰাচ্ছন্ন হোৱা বাবে পিছপৰা জাতি বুলি কোনো লোক শৱ সৎকাৰ কৰিবলৈ ওলাই নহা দিন দেখিবলগীয়া হৈছিল। দেউতাকে অতি আনন্দেৰে এখন অসবৰ্ণ বিবাহ এখন অনুষ্ঠিত কৰি বন বিভাগৰ উচ্চপদস্থ বিষয়া মহীচন্দ্ৰ মিৰিক জোঁৱাই বৰণ কৰি ইন্দিৰাক গটাই দিলে। সেয়ে উচ্চশিক্ষাৰ ইচ্ছা ত্যাগ কৰি বিয়াৰ পাছত গুৱাহাটীৰ বাসিন্দা হৈ ইন্দিৰাই নতুন জীৱন আৰম্ভ কৰে যদিও ১৯৩৯চনত স্বামীৰ মৃত্যু হোৱাত তিনিটা সন্তানেৰে সৈতে ইন্দিৰাই পুনৰ দেউতাকৰ ঘৰলৈ উভতি আহে। ১৯৪৩ চনত শিশুৰ বিকাশৰ বাবে আগবাঢ়ি অহা মেডাম মন্টেশ্বৰীয়ে আহমেদাবাদত আয়োজন কৰা এটি ছমহীয়া প্ৰশিক্ষণ শিবিৰত ইন্দিৰাই যোগদান কৰিবলৈ সুযোগ পায়। প্ৰশিক্ষণৰ শেষত দিল্লীলৈ গৈ সাংসদ মতিলাল দাসক দেখা কৰি কেন্দ্রীয় শিক্ষা মন্ত্ৰীক সাক্ষাতৰ সুবিধা কৰি লয়। তেওঁৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰক আবেদন কৰি ইন্দিৰা ১৯৪৫ চনত বিলাতলৈ পঢ়িবলৈ যোৱাৰ বাবে নিৰ্বাচিত হয়। তেওঁ এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা বি,এড ডিগ্রী আৰু Oxford বিশ্ববিদ্যালয়ৰ পৰা Course of teacher’s training certificate’ লাভ কৰি ঘৰলৈ উভতি আহে আৰু নেফাত কর্মজীৱন আৰম্ভ কৰে। উত্তৰ-পূব সীমান্ত (NEFA) অঞ্চলৰ উপদেষ্টা ওৱাকাৰ চাহাবে নেফাৰ শিশুসকলৰ শিক্ষা সম্পর্কত একন আঁচনি তৈয়াৰ কৰাৰ দায়িত্ব অর্পণ কৰাত বিলাতৰ প্ৰশিক্ষণৰ অভিজ্ঞতাৰে ইন্দিৰাই প্ৰস্তুত কৰা বাস্তৱমুখী আঁচনিত সন্তুষ্ট হৈ নেফাৰ শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ পদত নিযুক্তি দিয়ে।
ইন্দিৰা মিৰিৰ মতে, জনজাতীয় ল’ৰা-ছোৱলীখিনিক শিক্ষিত কৰিবলৈ তেওঁলোককভালদৰে জানিব লাগিব আৰু তেওঁলোকৰ অভার, আশা-আকাংক্ষাৰ প্ৰতি গুৰুত্ব দিব পাৰিবলাগিব। সেয়ে তেওঁ শদিয়াত কার্যালয় স্থাপন কৰি আবৰ, মিচিমি, পাহাৰৰ টিৰাপ, সোৱণশিৰি,বালিপাৰা অঞ্চলক সামৰি সমাজ-সংস্কৃতিৰ প্ৰতি আগ্ৰহ অব্যাহত ৰাখিছিল। তেওঁৰ আত্মকথা ‘মইআৰু নেফা’ ত নেফাত বাস কৰা বিভিন্ন জনজাতিৰ বেশভূষা, সংস্কৃতি, সামাজিক আদি জীৱনৰবিষয়ে বর্ণনা কৰিছে। নেফাৰ বিভিন্ন গোষ্ঠীৰ মাজত বিভিন্ন ফৈদ থকা বাবে অঞ্চলে অঞ্চলে ভাষাবেলেগ বেলেগ, গতিকে ই শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈছিল বাবে ভৈয়ামৰ সৈতে বাণিজ্যিক সুবিধাৰবাবে মিৰিয়ে শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পৰামৰ্শ দিছিল, চৰকাৰে ইয়াত অনুমোদন দিয়াতনেফাত শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষা প্ররর্তিত হৈছিল। ইন্দিৰা মিৰিৰ পৰিকল্পনা অনুসৰি১৯৪৭চনৰ পৰা ১৯৪৮ চনলৈ কিছু সংখ্যক শিক্ষকক প্রশিক্ষণ দি পাহাৰত প্ৰাইমেৰী স্কুল আৰম্ভকৰা হৈছিল। সেই সময়ত নেফাত কাম কৰা ইমান সহজ নাছিল। অটব্য অৰণ্যৰ প্ৰাকৃতিক বাধা,বিপদসংকুল বাতাবৰণত দহ বছৰ চাকৰি কৰি মিৰিয়ে ১৯৫৭ চনত নেফাৰ পৰা আহি যোৰহাটতPost Graduate Training College’ ত প্রতিষ্ঠাপক অধ্যক্ষ ৰূপে যোগদান কৰে আৰু তাৰপৰা১৯৬৮ চনত অৱসৰ লৈ গুৱাহাটীৰ বাণীকান্ত বি,টি কলেজত অধ্যক্ষ ৰূপে থাকি যথেষ্ট কাম কৰে।
জনজাতীয় সমাজত শিক্ষাৰ বাট মুকলি কৰি অসুবিধা, প্রত্যাহ্বানক নেওচি নিজৰ দূৰদৰ্শিতা আৰু দক্ষতাৰে কৰ্মৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ বাবে সদা প্রস্তুত ইন্দিৰা মিৰি সঁচা অৰ্থত এগৰাকী বাটকটীয়া আছিল। শিক্ষা জগতত আগবঢ়োৱা বৰঙণিৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ সন্মানীয় পদ্মশ্রী বঁটা আগবঢ়ায়। ২০০২ চনত শংকৰদেৱ বঁটা, ২০১৯ চনত চৰকাৰে ‘ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনি’ সম্মান যাছি প্ৰৱর্তন কৰে। ২০০৪ চনৰ শিক্ষক দিৱসৰ দিনটোটেই ইন্দিৰা মিৰিয়ে এই জগতৰ পৰা মেলানি মাগে।