মুক্তি
বিনীতা গগৈ
মূৰব্বী অধ্যাপক, অসমীয়া বিভাগ
কন্যা মহাবিদ্যালয়, গীতানগৰ গুৱাহাটী
দূৰৈত নামঘৰৰ ডবা কাঁহৰ শব্দত শেতেলীৰ পৰা মূৰটো দাঙিবলৈ বৃথা চেষ্টা কৰিলে বকুলে..
আতৈৰ কণ্ঠত মহা পুৰুষ মাধৱ দেৱৰ ৰচিত বনগীতটিয়ে সুললিত সুৰত প্ৰাণ পাই উঠিল…
“পাৱে পৰি হৰি কৰোহোঁ কাতৰি
প্ৰাণ ৰাখবি মোৰ..
পুত্ৰ পৰিবাৰ হবেহি অসাৰ
পাৰ কৰা হৃষিকেশ……”
মনতে অদেখা জনলৈ ভক্তিৰে কঁপি কঁপি কৰযোৰ কৰিবলৈ চেষ্টা কৰি ফোপাই উঠিল। আজি এমাহেই কোনো কেও কিছু লগত নথকা বকুলক গঞাই পৰ দিব লগা নহৈছে নে.. দূৰৈত চাকৰি কৰা পুত্ৰ বোৱাৰীৰ মোহত বুঢ়াই মৃত্যু জিনি অপেক্ষা কৰে, কিন্তু পুত্ৰৰ ব্যস্ততাই ৰাস্তা কাটে..
একমাত্ৰ সন্তানটো চোৱাৰ হেঁপাহতে টানি টুনি মনতো টান কৰি জীয়াই আছে। নৰিয়া দেহাটো লৰচৰ কৰিব নোৱাৰা অৱস্থাটো দেখি গঁঞা সকলে কেতিয়াবাই নাম কীৰ্তনেৰে শৰাই দি দোষ খণ্ডন বিধিও কৰিলে। তথাপি বকুল নিস্পলক নেত্ৰেৰে সন্তানৰ অপেক্ষাত ৰৈ থাকিল..কিন্তু বৰগীতটিৰ শেষ অংশটিয়ে তেওঁক যেন পৰম সত্যৰ সন্ধান দিলে আৰু পৰম তৃপ্তিৰে চিৰকাললৈ চকুহাল মুদি দিলে…
*******
অনাহূত
হঠাতে কাৰেণ্ট যোৱাত টিভিৰ চুইছটো অফ কৰি আকাশী বৰুৱা বাৰাণ্ডালৈ ওলাই আহিল৷ ব্যস্ত অঞ্চলটো আজি মৰিশালিৰ নিস্তব্ধতা, ৰাজপথটো ঢোঁৰাসাপৰ দৰেই পৰি আছে৷ চোতালত জঁপিয়াই থকা শালিকা দুটাক দেখি ভাবিছে-“ প্ৰকৃতিৰে দিন, ইমান মুকলি মনেৰে চৰাই হাল চৰি আছে৷” ৰুষ্ট প্ৰকৃতিৰ অভিশাপত জীৱশ্ৰেষ্ঠ আজি গৃহবন্দী! কাল ধুমুহা হৈ সংক্ৰমিত ভাইৰাছে ( ক’ৰণা ভাইৰাছ) সকলোকে ভয়ত ত্ৰস্তমান কৰিছে৷
অদূৰত বাজি থকা গান এটা বতাহত ভাহি আহিছে৷ হয় তাই ঠিকেই শুনিছে—KAL HO NA HO চিনেমাখনৰ সেই বিখ্যাত গীতটো “হৰ ঘড়ী বদল ৰহী হ্যায় ৰূপ জিন্দেগী…”৷ অজানিতে তাই হাতদুখন আগবাঢ়ি গ’ল মুখৰফালে৷ চকুৰ কোণদুটা মোহাৰি ল’লে৷ গানটো বাৰে বাৰে তাইৰ কাণত বাজিছে…!
*