মিথ্যাচাৰ
ড° দিপ্তী বৰুৱা
সহকাৰী অধ্যাপিকা
অসমীয়া বিভাগ
বৰহোলা মহাবিদ্যালয়, যোৰহাট
এইবোৰ কথা কোনে ক’লে মাজনী! সচাঁ কথা কেনেকৈ হব? হয় মই ভাল পাইছিলোঁ; নাই নাই -তেওঁ মোক ভাল পোৱা নাছিল।একপক্ষীয় আছিল আমাৰ প্ৰেম।
প্ৰতিষ্ঠিত ব্যৱসায়ী দেউতাই একমাত্ৰ সন্তান তোমাৰ মাৰা মাধৱীৰ বাবে দৰা চাইছিল। দৰা ঘৰজোঁৱাই হ’ব। মই নাচোৰবান্দা-এই বিয়াত নবহো। চৰ্ত দিছিলোঁ-মনে বিচৰাকহে বিয়া কৰাম। ব্যৱসায়ৰ চাতুৰ্য্যৰে দেৱদত্ত বৰুৱাই জোঁৱায়েকক মাতিবলৈ নিৰ্দেশ দিছিল। মানে মোৰ প্ৰেমিকক। মই তেওঁক সাহসেৰে কলোঁ ; তেওঁ আহিছিল আৰু শুনিছিল –
“ভিকহুৰ জাত! মোৰ ছোৱালীক ভালপাৱ? কিমান টকা দিলে তই তাইক এৰিবি? আজিয়েই কৈ যা আৰু টকা লৈ যা।”
তেওঁ দেউতাৰ চাউণ্ডপ্ৰুফ অফিচটোৰ পৰা নিৰৱে ওলাই যোৱা মই ওপৰ মহলাৰ দেখিছিলো।
মই সৰুৰে পৰা দেখা পোৱা মোৰ দেউতাৰ কোমল অন্তৰখন প্ৰমাণ কৰিছিল তেওঁৰ হদয় ধাতৱ পদাৰ্থৰে নিৰ্মিত। কলেজৰ কেণ্টিনতে নিৰ্ভীকভাৱে বিজয়ে মোক সকলো কৈছিল আৰু শেষত কঠোৰ কণ্ঠৰে কৈ পেলাইছিল-“তইহে মোক ভাল পাৱ; মই তোক লগতে তোৰ দেউতাৰক ঘিণ কৰোঁ। আজিৰ পৰা তোৰ মুখ নাচাওঁ।” বিজয়ে পঢ়া এৰিছিল। মই বি এ পাছ কৰি পঢ়িবলৈ বুলি দিল্লীলৈ গ’লো। ঘৰ এৰি মই গ’লো যি এদিনলৈও অহা নাছিলো। দেউতাৰ জীৱনৰ শেষ দিনটোত তেওঁৰ মুখ চাই বিদায় দিলোঁ।
বিজয়ে কথা ৰাখিলে। ময়ো ৰাখিলোঁ মাজনী। দেউতাৰ উত্তৰাধিকাৰীৰ আশা অথলে গ’ল। ককাৰ ফটো খনৰ মালা ডাল সলাই নতুন এডাল দিবা। তোমাৰ পৰা একো কথাই লুকুৱাই লাভ নাই।
সচাঁ কথা তুমি মোৰ পালিতা জী। প্ৰেমত প্ৰতাড়িত এগৰাকী নিৰন্ন নাৰীৰ জী; অবিবাহিতা এগৰাকী মাতৃ আৰু ময়ো অবিবাহিতা।
তুমি যাৰ কথা শুনি আহি কৈছা সেয়া- মোৰ আজন্ম প্ৰেমিক। পাগল প্ৰেমিক। না আছে সুখ,না আছে দুখ ; না আছে হিংসা, না আছে শত্ৰুতা। তেওঁকো নঠগে আৰু তেওঁৱো কাকো নঠগায়।
আনে তোমাৰ কাণত পেলোৱা কথাবোৰ — – – মিছা কথা; সকলো মিথ্যাচাৰ। অপেক্ষিক সময়ৰ।।