প্ৰাৰ্থনা আৰু প্ৰাৰ্থনা গৃহ

ৰীতামণি বায়ন
সহকাৰী অধ্যাপিকা
দৰ্শন বিভাগ
বৰপেটা ছোৱালী মহাবিদ্যালয়

 

বিশ্বাস আৰু সন্দেহৰ ভেটিত

প্ৰাৰ্থনাবোৰ জীয়াই থাকে

বুকুত ভিতৰত লুকুৱাই ৰখা দুখবোৰ পাতলাবলৈ

প্ৰাৰ্থনাবোৰ মাধ্যম।

নিজক সৰ্বশ্ৰেষ্ঠ বুলি নাভাবো বাবেই

প্ৰাৰ্থনা গৃহত প্ৰাৰ্থনাৰ মাজেৰে বিচাৰি পাওঁ

অতীন্দ্ৰিয় সত্তাক 

যি সৰ্বদা অনুভূতিপ্ৰৱণ, মানুহতকৈ অধিক শক্তিশালী আৰু

আমাৰ জীৱন ৰথৰ একমাত্ৰ সাৰথি।

নাস্তিকজনৰ বাবে প্ৰাৰ্থনা হ’ল

ভয়াতুৰ মানুহৰ বিলাপ 

পাপ কাৰ্যত লিপ্ত সকলে প্ৰায়শ্চিত্ত বিচাৰি 

কৰা আবেদন।

দুখ আৰু হতাশাৰে পূৰ্ণ জীৱনত

প্ৰাৰ্থনাক মহৌষধ বুলি ভবা মানুহজনে 

বিচাৰি পায় জীয়াই থকাৰ উপায়।

জঘন্য অপৰাধ কৰি আইনৰ সুৰুঙাইদি পলায়ন কৰা অপৰাধীজনেও 

প্ৰাৰ্থনাৰ মাজেৰে আচল সত্যক প্ৰকাশ কৰে

কিয়নো প্ৰাৰ্থনাৰে প্ৰকাশ কৰা চৰম অপৰাধৰো ক্ষমা আছে বুলি বিশ্বাস 

প্ৰাৰ্থনা গৃহত থকা অবয়বহীন সত্তাক সকলো ক’ব পাৰি

ভয় আৰু লাজ পৰিহৰি

নকলেও জ্ঞাত

প্ৰাৰ্থনাবোৰ মিছা মাতিবৰ বাবে নহয়।।

Scroll to Top