ভোগালী

ড° জাহ্নু ভৰদ্বাজ
সহকাৰী অধ্যাপক
বুৰঞ্জী বিভাগ
টিহু মহাবিদ্যালয়, নলবাৰী

পুহৰ আবেলি লেহেমীয়া
আৰু  
ঠেতুৱৈ লগা জাৰতো
জহলগা ব্যস্ততা
চেঙেলীয়াবোৰৰ সময় নাই,
অথচ-
ভেলাঘৰ- ধুনী-মেজি
এৰোঁ বুলিও এৰিব নোৱাৰা
বাপতি সাহোন একোটা মোহ৷ 
গাওঁখনে অতীজৰে পৰা
এনেকৈয়ে বাস কৰে;
খেতি-চাকৰি-বেপাৰ
আৰু হেজাৰটা অংক-
গতি আছে, উদ্দেশ্য আছে,
আৰু
খাবৰ বাবে-
পৰিয়াল পুহিবৰ বাবে 
নিত্য ভাৰাক্ৰান্ত চিন্তা৷  
ছেগা-ছোৰোকা ভোগালী;
ছাটি মাৰি যোৱা নিয়াৰ- 
বাট ভেটা অকৰা কুঁৱা;
লাজকুৰীয়া বেলাটোৰ ক্ষণে ক্ষণে
ঢেকীৰ সান্দহৰ নিমন্ত্ৰণ৷
মনবোৰ মিলে- নিমিলে;
মানুহবোৰ মিলে, 
অজস্ৰ অস্থায়ী স্থানীয় জুইৰ উমত
লানি নিছিগা কথা৷
ক’ৰবাত
অজিনপাতকী মানুহবোৰ অসুখী-
চিতল- হাঁহৰ কথাবোৰ কিবা 
হাস্যকৰ সমীকৰণ;
আমাৰ ভোগালী অন্তৰৰ অভ্যাস৷
[কুঁৱা — কুঁৱলী; নিয়াৰ- নিয়ঁৰ]

Scroll to Top