সম্পাদকীয়

নাৰী শক্তি বন্দন অধিনিয়ম আৰু ভাৰতীয় নাৰীৰ ৰাজনীতিত অংশগ্ৰহণ

                          যোৱা ২০২৩ বৰ্ষৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত সংসদৰ বিশেষ অধিৱেশনে ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত নাৰীশক্তি উত্থানৰ পথ প্ৰশস্ত কৰি এক ইতিহাসৰ সৃষ্টি কৰিলে। ভাৰতীয় সংবিধানৰ ১২৮ সংখ্যক সংশোধনী বিধেয়ক অৰ্থাৎ ‘মহিলা সংৰক্ষণ বিধেয়ক ২০২৩’ সংসদৰ দুয়োটা সদনতে গৃহীত হয়, যাৰদ্বাৰা লোকসভা, ৰাজ্যিক বিধানসভা আৰু দিল্লী বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ প্ৰস্তাৱে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। ‘নাৰী শক্তি বন্দন অধিনিয়ম’ হিচাপে পৰিচিত উক্ত বিধেয়কখনৰ সপক্ষে বিগত বৰ্ষৰ ২০ ছেপ্তেম্বৰ তাৰিখে নিম্ন সদনত ৪৫৪ জন সাংসদে ভোটদান কৰে। ২১ ছেপ্তেম্বৰত উচ্চ সদনত উপস্থিত থকা মুঠ ২১৪ জন সাংসদৰ সকলোৱেই বিধেয়কখনৰ সপক্ষে ভোটদান কৰি সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত কৰে। ২৮ ছেপ্তেম্বৰ তাৰিখে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বিধেয়কখনত অনুমোদন জনোৱাৰ লগে লগে ই আইনত পৰিণত হয়। উল্লেখযোগ্য যে এই আইনখন কাৰ্যত পৰিণত হোৱাৰ লগে লগে ৫৪৩ জনীয়া লোকসভাত মহিলা সদস্যৰ সংখ্যা বৰ্তমানৰ ৮২ গৰাকীৰপৰা ১৮১ গৰাকীলৈ আৰু ৰাজ্যিক বিধানসভাতো মহিলা প্ৰতিনিধিত্বৰ সংখ্যা বুজন পৰিমাণলৈ বৃদ্ধি পাব। বিধেয়কখন অনুসৰি মহিলাৰ বাবে সংৰক্ষিত আসনত অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব। বৰ্তমান এই আইনখনত সংৰক্ষণৰ ব্যৱস্থা ১৫ বছৰৰ বাবে কৰা হৈছে যদিও সংসদে এই সময়সীমা বৃদ্ধি কৰাৰ অধিকাৰ থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখনৰ আলোচনাৰ সময়ত সংসদক সম্বোধন কৰি অমীমাংসিত লোকপিয়ল আৰু সীমা-নিৰ্ধাৰণৰ বাবে এই আইন কেৱল ২০২৯ চনৰ পিছতহে কাৰ্যকৰী হ’ব বুলি অৱগত কৰে।

                          উল্লেখনীয় যে ১৯৯৬ চনৰপৰাই মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত কৰাৰ বাবে কেবাবাৰো প্ৰচেষ্টা চলোৱা হৈছিল। সংবিধানৰ ৮১ তম সংশোধনীৰ জড়িয়তে ১৯৯৬ চনত এইচ. ডি. দেৱেগৌড়া নেতৃত্বাধীন সংযুক্ত মৰ্চা চৰকাৰৰ দিনত মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়টোত গুৰুত্ব দিয়া হৈছিল। পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত মহিলা সংৰক্ষণ বিধেয়কক লৈ ব্যাপক আলোচনা হৈছিল আৰু ১৯৯৮ ৰ পৰা ২০০৩ চনৰ ভিতৰত সংসদত বিধেয়কখন চাৰিবাৰ উত্থাপিত হৈছিল। কিন্তু বিধেয়কখন গৃহীত হ’বৰ বাবে প্ৰয়োজনীয় সমৰ্থন লাভ কৰা নাছিল। ২০১৪ চনত লোকসভাত পুনৰবাৰ বিধেয়কখন উত্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল। শেহতীয়াকৈ আইনত পৰিণত হোৱা নাৰী শক্তি বন্দন অধিনিয়মে দেশৰ সংসদীয় ৰাজনীতিৰ নীতি নিৰ্ধাৰণত মহিলাৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধিৰ পথ প্ৰশস্ত কৰি এক যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰিলে।

                        এখন সমাজ তথা দেশৰ উত্তৰণৰ ক্ষেত্ৰত পুৰুষৰ সমানে মহিলাসকলৰ প্ৰত্যক্ষ অংশগ্ৰহণ অতিকৈ প্ৰয়োজনীয়। কিয়নো, ইয়াৰ লগত মহিলা সৱলীকৰণৰ বিষয়টো সম্পৰ্কিত হৈ আছে। ভাৰতীয় গণতন্ত্ৰত সংবিধানে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ নিৰ্বিশেষে সকলো ভাৰতীয়কে সম অধিকাৰ প্ৰদান কৰিছে আৰু সেই হেতুকে মহিলাসকলো সম ৰাজনৈতিক অধিকাৰৰ অধিকাৰী। তৎসত্বেও স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰক কৰা ভাৰতবৰ্ষত বৰ্ত্তমানেও মহিলা জনপ্ৰতিনিধিৰ সংখ্যা যথেষ্ট পুতৌলগা। কিছু সংখ্যক মহিলাই দেশৰ ৰাজনীতিত সবল ভূমিকা পালন কৰি বিচক্ষণতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে যদিও সেই সংখ্যাই ভাৰতবৰ্ষৰ মহিলাৰ মুঠ সংখ্যাক প্ৰতিনিধিত্ব কৰিব পৰা নাই। যিসকল মহিলাই প্ৰত্যক্ষভাৱে ভাৰতবৰ্ষৰ ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে, তাৰ প্ৰায়সংখ্যকেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ জড়িয়তেহে এই ক্ষেত্ৰখনত প্ৰৱেশৰ সুবিধা পাইছে। কিছুসংখ্যকৰ ক্ষেত্ৰত ৰাজনৈতিক দল বিশেষৰ মুনাফা আদায়ৰ কথাটোও যে জড়িত হৈ থাকে, তাক অস্বীকাৰ কৰিব নোৱাৰি। সেয়েহে নাৰী শক্তি বন্দন অধিনিয়মখন এক প্ৰশংসনীয় আৰু যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হ’লেও নাৰীৰ বাবে আসন সংৰক্ষণৰ সমান্তৰালভাৱে নাৰীৰ ৰাজনৈতিক সচেতনতাৰ ওপৰতো সমানেই গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত সংসদীয় ৰাজনীতিত মহিলাৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে মহিলাসকলে যাতে স্বতন্ত্ৰ আৰু সবলভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিব পাৰে, তাৰ ওপৰতো চকু ৰাখিব লাগিব।

                        অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ তৰফৰপৰা প্ৰকাশ কৰা ছমহীয়া ই-আলোচনী ”অনুৰণন’ৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটি পৰিকল্পনাৰ পৰা এই মুহুৰ্ত্তলৈকে আমাক প্ৰতিমূহুৰ্ত্ততে বিভিন্ন দিহা পৰামৰ্শৰে সহায় কৰা অসম কলেজ শিক্ষক সংস্থাৰ সন্মানীয় সাধাৰণ সম্পাদক ড° জয়ন্ত বৰুৱাৰ লগতে সম্পাদনা সমিতিৰ সমূহ সন্মানীয় সদস্যবৃন্দক এই ছেগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কেন্দ্ৰীয় কমিটিৰ সমূহ বিষয়বৱীয়া আৰু সদস্যবৃন্দৰ লগতে বিভিন্ন মণ্ডলক প্ৰতিনিধিত্ব কৰা মহিলা কোষৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু আহ্বায়কসকলে বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়াই ‘অনুৰণন’ৰ দ্বিতীয় সংখ্যাটি প্ৰকাশ কৰাত যি উদগণি যোগালে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰতিগৰাকী লিখকৰ লগতে বেটুপাত অংকণ আৰু ই-আলোচনীখনৰ সামগ্ৰিক অংগসজ্জাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত আমি চিৰকৃতজ্ঞ। শেষত পঢ়ুৱৈ সমাজে ‘অনুৰণন’ৰ প্ৰথম সংখ্যাটিৰ দৰে এই সংখ্যাও আদৰি লৈ বিভিন্ন দিহা পৰামৰ্শৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ।

 

ড° ৰুমী খালেন
বন্দিতা বৰবৰা

Scroll to Top