আমি পাহৰিলো নেকি?

(মূল বড়ো “जों बावबाय नामा” কবিতাৰ অসমীয়া অনুবাদ)

ড. বিলাইশ্ৰী ব্ৰহ্ম

সহকাৰী অধ্যাপিকা

লামডিং মহাবিদ্যালয়, লামডিং

আমি পাহৰিলো নেকি?
আমি আমাৰ কাৰ্য্যসূচীবোৰ পাহৰিলো নেকি?
ছাত্র হিচাপে পঢ়া
শিক্ষক হিচাপে পঢ়োৱা
শাসক হিচাপে শাসন কৰা
ৰক্ষক হিচাপে ৰক্ষণাবেক্ষণ দিয়া
নিজৰ নিজৰ কাৰ্য্যসূচী মতে কাৰ্য্যনিৰ্বাহ কৰিবলৈ, আমি পাহৰিলো নেকি? ক’ৰবাত ভুল হ’ল নেকি?
নহ’লে আজি চাৰিওদিশে জুই কিয়?
মানুহবোৰ অশান্ত কিয়?
সমাজখন আগুৱাই যোৱাৰ নামত “আমিত্ব”বোধ ক’ত হেৰুৱালো?
দেশখনৰ উন্নতিৰ নামত
সৰ্বসাধাৰণৰ সুৰক্ষা কেনেকৈ নোহোৱা হ’ল !
শিক্ষাৰ কোনটো অধ্যায়ে
আমাক নিজক মাত্ৰ চিনি পাবলৈ শিকালে?
জীৱন যুঁজত উন্নতি কৰিব বিচাৰি 
আমি কিয়নো সকলোৱে অকলশৰীয়া হৈ পৰিলো !
উত্তৰত — আমি নিজকে পাহৰা নাইতো?
সংসাৰখন তোমাক-মোক লৈয়ে সৃষ্টি
আমাৰ সকলোৰে নিজৰ কাৰ্য্য‌ আৰু তাৰ সম্পাদনেহে 
সংসাৰৰ ভাৰসাম্য ৰাখিব।
আমাৰে কোনোবা এজনে যদি গাফিলতি কৰে
সংসাৰৰ স্থিতি কপি উঠিব লৰচৰ  হ’ব।
তেতিয়া হ’লে আমি আমাৰ কাৰ্য্যসূচী মতে কাম
নকৰিলো নেকি?
কাৰ্য্যসূচীৰ কোনোবা ঠাইত ভুল ৰৈ গ’ল নেকি !অলপ ভাবি চাবলৈ সময় হ’ল
এয়া সময়ৰ আহ্বান।

 *******&&&&*******

Scroll to Top