ৰাধা

   জবা কলিতা
   সহকাৰী অধ্যাপিকা
   দক্ষিণ কামৰূপ মহাবিদ্যালয়
   মিৰ্জা
   মোবাইল:- 8638753386
   ইমেইল:- jabakalita888@gmail.com
হালধীয়া দুখটো লৈ ৰৈ আছে
তাই গধূলি লৈ
বংশী বজাই কানাই আহিব 
বিৰহ বুকুত বাজিব ৰৈ
এটা, দুটা, প্ৰেমৰ আধাসজা সুৰ
ফুলনিৰ ফুল ফুলি উঠিব
পুখুৰীৰ মাছে চেও ধৰিব
বৃন্দাবনৰ ৰাধা চমকি উঠিব।
 
গধূলি ভাঙিল
কানাই নাহিল
বৃন্দাবনত উচুপি ৰʼল
ৰাধাৰ শূণ্য বুকুৰ হুমনিয়াহ।।
Scroll to Top