স্রোতস্বিনী

হিমাঞ্জলী বৰুৱা
সহকাৰী অধ্যাপিকা
টংলা মহাবিদ্যালয়

নাৰী…

যি নিজতেই নিজে এক সুগভীৰ স্ৰোতস্বিনী

আইৰ জৰায়ুৰ আন্ধাৰৰ লগত

সম্পৰ্ক স্থাপিত হোৱা দিনৰে পৰা,

যি কঢ়িয়াই আনে ৰহস্যময় প্ৰাচীনৰ দুৱাৰ।

বৈ যায় সুগভীৰ স্ৰোতস্বিনী হৈ…

কঢ়িয়াই লৈ যায় হেজাৰ সুখ দুখ।

ক’তো একো আক্ষেপ নোহোৱাকৈ

যি পম খেদি যায় সুখৰ।

প্ৰাচীনৰ দুৱাৰ ভেদ কৰি

বৰ্তমানত যি ৰচিব বিচাৰে

এক নতুনৰ পৃথিৱী,

কিয়নো….

তাই যে এক স্ৰোতস্বিনী নাৰী।

Scroll to Top