অনুবাদ আৰু সংবাদ অনুবাদ প্ৰক্ৰিয়াৰ গুৰুত্ব

ড° গীতিৰেখা ভূঞা
সহকাৰী অধ্যাপিকা,
অসমীয়া বিভাগ
খাগৰিজান মহাবিদ্যালয়
Email:gbhuyan21@gmail.com

          অনুবাদ হৈছে এনে এক প্রক্রিয়া, য’ত অর্থান্তৰণ আৰু ভাষিক বাক্য ৰচনাৰ প্ৰক্ৰিয়া সমান হয়। বিগত তিনিটা দশকত অনুবাদক এক প্রক্রিয়া হিচাপে গ্ৰহণ কৰি বিভিন্ন গৱেষণা চলিবলৈ ধৰিছে। প্ৰকৃতাৰ্থত অনুবাদৰ প্ৰক্ৰিয়া মানে হৈছে অনুবাদৰ সম্পূৰ্ণ কাৰ্য আৰু তাৰ পৰিণতিস্বৰূপে লাভ কৰা অনূদিত ৰূপ, যাক সাধাৰণতে অনুবাদ বুলি কোৱা হয়। এই অনুদিত ৰূপটো মানুহে দেখা পায় যদিও কি কি প্ৰক্ৰিয়াৰ জৰিয়তে এই ৰূপ হৈ উঠিল সেই সম্পর্কে পাঠক-শ্রোতা জ্ঞাত নহয়। মূল পাঠটোৰ অৰ্থ গ্ৰহণৰ বিভিন্ন মুহূর্ত লক্ষ্য ভাষালৈ মূলৰ পৰিবৰ্তন ঘটোৱাৰ সময়ত লক্ষ্য ভাষাত উপযুক্ত শব্দৰ সন্ধান, সেইবোৰৰ লগত জড়িত হৈ থকা বিভিন্ন অভিব্যক্তিৰ সন্ধান, বিভিন্ন বাক্য তথা সেইবিলাকে প্ৰকাশ কৰা অৰ্থৰ ধৰণ কৰণৰ বিশ্লেষণ আদি বহুতো দিশ সমগ্র অনুবাদ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে। আশীৰ দশকত অনুবাদ প্রক্রিয়া সম্পৰ্কীয় চিন্তা-চর্চা দৃঢ়ভাৱে প্রতিষ্ঠা লাভ কৰিবলৈ ধৰে বুলি অভিহিত কৰিব পাৰি।
            অনুবাদ প্ৰক্ৰিয়াটো প্ৰকৃতাৰ্থত জটিল মানসিক ক্রিয়া-কলাপৰ লগত জড়িত। সেয়েহে এইবিলাক পূৰ্ব ধাৰণাৰো অযোগ্য। অনুবাদৰ এনে দিশলৈ লক্ষ্য ৰাখিয়েই যোৱা আঠ-দহ বছৰত অনুবাদৰ পদ্ধতি সম্পর্কীয় গবেষণাই মনোবৈজ্ঞানিক ভেটিৰ ওপৰত নিজকে প্রতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
অনুবাদকে এটা ভাষাৰ পাঠৰ পৰা আন এটা ভাষাৰ পাঠ কেনেদৰে নিৰ্মাণ কৰে, তাৰ বিশ্লেষণেই হ’ল প্ৰকৃততে অনুবাদ প্ৰক্ৰিয়াৰ ক্ষেত্র। এই প্ৰক্ৰিয়াটোৰ অন্তৰ্গতভাৱে অনুবাদকজনে মূল সামগ্ৰীক লক্ষ্য ভাষালৈ নিয়াৰ ক্ষেত্ৰত এলানি প্রচেষ্টা আগবঢ়ায়। এই প্ৰচেষ্টাৰ ভিতৰত মূলতঃ পাঁচটা পৰ্যায়ৰ কাম সোমাই থাকে। সেয়েহে সমগ্র অনুবাদ প্ৰক্ৰিয়াটোক পাঁচটা ভাগত ভাগ কৰিব পাৰি এনেদৰে—
(ক) পাঠ-পঠন আৰু অৰ্থ গ্রহণ
(খ) পাঠ বিশ্লেষণ
(গ) ভাষাস্তরণ বা অন্তৰণ
(ঘ) পুনঃ গঠন
(ঙ) উৎস পাঠ আৰু লক্ষ্য পাঠৰ তুলনা প্রকৃততে সমগ্র অনুবাদ প্ৰক্ৰিয়াটো বিভিন্ন স্তৰৰ এক সমন্বিত রূপ। প্ৰত্যেকটো স্তৰ

ক্রমান্বয়ে অতিক্রমী এজন অনুবাদকে অনুবাদ কার্য সম্পন্ন কৰে। পাঠকৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতেই অনুবাদ কার্যৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে। অনুবাদ প্ৰক্ৰিয়াটোৰ প্ৰত্যেকটো স্তৰ অনুবাদকজনে সফলতাৰে পাৰ কৰি অনুবাদ কাৰ্য সম্পন্ন কৰিলে, সেই অনুবাদ স্বাভাবিকতেই সফল হৈ উঠিব বুলি নিঃসন্দেহে ক’ব পাৰি।

       সংবাদ অনুবাদ প্রক্রিয়া:
সাম্প্রতিক সময়ত সংবাদ মাধ্যমসমূহ জনসাধাৰণৰ এৰাব নোৱাৰা অংগস্বৰূপ হৈ পৰিছে। কিয়ানো এইবোৰ হ’ল জনসংযোগৰ অন্যতম মাধ্যম, যাৰ জৰিয়তে বিশ্বৰ বিভিন্ন খবৰ সকলোবে লাভ কৰিব পাৰে। সংবাদ মাধ্যমৰ গুৰুত্বও দিনে দিনে বাঢ়ি আহিছে। এককথাত ক’বলৈ হ’লে, জনসংযোগৰ এই মাধ্যমসমূহে দেশ তথা সমাজত বিপ্লৱৰ সূচনা কৰিব পাৰে।
          ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বা-বাতৰি অনুবাদৰ জৰিয়তে বিভিন্ন দেশৰ জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হয়। যথার্থতে সংবাদ মাধ্যমসমূহ হ’ল অনুবাদৰ একো একোখন বিস্তৃত ক্ষেত্র। কিন্তু সংবাদ অনুবাদ অনুবাদ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা থাকে। কিয়নো আন বিভিন্ন ক্ষেত্ৰৰ অনুবাদ প্রত্রিয়াতকৈ সংবাদ অনুবাদৰ প্ৰকৃতি কিছু ভিন্ন। সমগ্র অনুবাদ প্ৰক্ৰিয়াটো যিকেইটা স্তৰৰ মাজেৰে সম্পন্ন কৰা হয়, সংবাদ অনুবাদৰ ক্ষেত্ৰত ইয়াত কিছু সমস্যাই দেখা দিয়ে। কাৰণ, অনুবাদ প্ৰক্ৰিয়াৰ গোটেইকেইটা স্তৰ অতিক্ৰম কৰিবলৈ সততে কিছু সময় আৱশ্যক, কিন্তু সংবাদ অনুবাদৰ ক্ষেত্ৰত এনে দীর্ঘ সময়ৰ অভাৱ ঘটে।
         “অনুবাদ স্বচ্ছ হ’ব লাগে, ভাল হ’ব লাগে, বিশ্বাসযোগ্য হ’ব লাগে, পাঠকৰ হৃদয়গ্রাহী। হ’ব লাগে। ইয়েই অনুবাদৰ প্ৰথমিক চৰ্ত। অথচ তাৎক্ষণিকভাবে অনুবাদ কার্য সম্পাদন কৰি বাতৰি প্ৰস্তুত কৰিবলগীয়া দিশটোৱেই হ’ল সংবাদ অনুবাদৰ এক গুৰুত্বপূৰ্ণ সমস্যা। ছপা মাধ্যমৰ ক্ষেত্ৰত বাতৰিটোৱে কিমান ঠাই আগুৰিব পাৰিব, এনে কিছুমান সীমাবদ্ধতাৰ কথা আহি পৰে৷ আকৌ, বৈদ্যুতিন মাধ্যমৰ সংবাদৰ ক্ষেত্ৰত কিমান সময়ৰ ভিতৰত বাতৰিটো শেষ কৰিব লাগিব। তাৰ এক নিৰ্দিষ্ট মাপকাঠী থাকে আৰু তেনে নির্ধারিত সময় অনুযায়ীহে বাতৰিটো প্ৰকাশ হয়। এনেক্ষেত্ৰত কম সময়ৰ ভিতৰতে নিৰ্দিষ্ট ৰীতি অনুসৰি অনুবাদ কাৰ্য সম্পন্ন কৰোঁতে মূলৰ কোনো গুৰুত্বপূর্ণ অংশ বৈ যোৱাৰ সম্ভাৱনা থাকে। অথচ এনে দৰকাৰী অংশ বাদ পৰিলে নিশ্চিতৰূপত সংবাদৰ গ্ৰহণযোগ্যতাও হ্ৰাস পাব আৰু কেতিয়াবা তেনে সংবাদে সমাজত নেতিবাচক প্রভাৱ পেলাব পাৰে।
          ভাৰতবৰ্ষত বিভিন্ন প্রাদেশিক ভাষাত সংবাদ পত্র প্রকাশ পায়। দেশৰ বিভিন্ন স্থানত সভা-সমিতি, উৎসৱ-অনুষ্ঠান আদি ইংৰাজীতে অনুষ্ঠিত হয় আৰু এনেবোৰ অনুষ্ঠানৰ বাতৰিসমূহ ইংৰাজীতে টাইপ কৰি বাতৰি কাকতৰ কাৰ্যালয়লৈ পঠোৱা হয়। এনে ক্ষেত্ৰত সাংবাদিকসকলে নিজৰ নিজৰ আঞ্চলিক ভাষালৈ বাতৰিসমূহ অনুবাদ কৰি সমগ্ৰ সংবাদ অনুবাদৰ প্ৰক্ৰিয়াটো যথেষ্ট ক্ষিপ্ৰতাৰে সম্পন্ন কৰে। বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰতো এনেদৰে তাৎক্ষণিকভাৱে অনুবাদ কার্য সম্পন্ন হয়। গতিকে এই প্রক্রিয়াটোত অনুবাদক তথা সংবাদদাতাৰ ভাষা জ্ঞান আৰু অনুবাদ দক্ষতাৰ ওপৰত সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰে। তদুপৰি দেখা যায় যে, বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত এনেধৰণৰ গুৰুত্বপূর্ণ সভা-সমিতি অথবা অনুষ্ঠানৰ কেতিয়াবা পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ কোনো গুৰুত্বপূৰ্ণ ঘোষণা, অথবা অন্যান্য দপ্তৰত থকা কেন্দ্রীয় অথবা ৰাজ্যিক মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণাও লগে লগে প্রাদেশিক ভাষালৈ অনুবাদ কৰি জনসাধাৰণৰ উদ্দেশ্যে প্ৰচাৰ কৰা হয়। এনে প্ৰেক্ষাপটত যথেষ্ট দক্ষতাসম্পন্ন অনুবাদকৰ প্রয়োজন ইয়াৰ অন্যথাই প্ৰকৃত সংবাদৰ বিচ্যুতি ঘটাৰ সম্ভাৱনা অধিক। অনুবাদ কার্য এক জটিল প্রক্রিয়া, তাৰ মাজত সংবাদ অনুবাদৰ ক্ষেত্ৰত তাৎক্ষণিক অনুবাদ কার্য সম্পাদন কৰিব লগা দিশটোৱে ইয়াৰ জটিলতা তথা সীমাবদ্ধতাকে সূচিত কৰে।
          সংবাদ মাধ্যমসমূহ যিহেতু জনসংযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম, অনুবাদৰ সহায়তে দেশ-বিদেশৰ বিভিন্ন বা বাতৰিসমূহ জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হয়। গতিকে এইক্ষেত্ৰত সংবাদৰ গ্ৰহণযোগ্যতা আৰু আকৰ্ষণীয়তাৰ ওপৰত অনুবাদকে বিশেষভাৱে গুৰুত্ব দিয়া উচিত। তদুপৰি মূল বাতৰিটোৰ পৰাই সংবাদদাতা তথা অনুবাদকজনে প্রাদেশিক ভাষাত বিষয়টোৰ নামকৰণ কৰি সংবাদ অতি কম সময়ত সংবাদ প্রস্তুত কৰে। গতিকে এইক্ষেত্ৰত অনুবাদকজনে অত্যন্ত সাৱধান হৈ বাতৰিটোৰ কোনো অংশ যাতে বাদ নপৰে সেই দিশটোৰ প্ৰতিও সতর্ক দৃষ্টিভংগী নিক্ষেপ কৰিব লাগে। সংবাদ অনুবাদৰ ক্ষেত্ৰত মূলতঃ শাব্দিক অনুবাদৰে প্ৰয়োজনীয়তা আছে। এইপ্রকাৰ অনুবাদত মূলৰ প্ৰতিটো শব্দৰ অৰ্থৰ অনুবাদৰ প্ৰতি অনুবাদক-সংবাদদাতাই সতর্ক দৃষ্টি নিক্ষেপ কৰা প্ৰয়োজনীয়।
          সাহিত্যৰ বিভিন্ন দিশ যেনে কবিতা, উপন্যাস, চুটিগল্প, নাটক আদিৰ দৰে সংবাদ অনুবাদৰ স্বৰূপ বা প্রকৃতি একে বুলিব নোৱাৰি। কিয়নো সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সময়ৰ যি ধাৰণা, সংবাদৰ অনুবাদৰ ক্ষেত্ৰত ই সম্পূৰ্ণ পৃথক। অনুবাদকৰ নিজস্ব সময় অনুযায়ী সংবাদ অনুবাদ কৰিব নোৱাৰি। সংবাদ পত্ৰৰ ক্ষেত্ৰত দেখা যায় যে কাকতৰ কাৰ্যালয়লৈ অহা বাতৰিসমূহ অনুবাদকে ৰাতিৰ ভিতৰতে অনুবাদ কৰি নিজৰ নিজৰ প্ৰাদেশিক ভাষাত প্ৰস্তুত কৰিবলগা হয়। গতিকে অতি কম সময়ৰ ভিতৰত সংবাদ অনুবাদকাৰীজনে বাতৰিটো পাঠকৰ সমুখত গ্রহণযোগ্য ৰূপত দাঙি ধৰিব লাগে। অনুবাদকজনে ইয়াত অত্যন্ত সাৱধানেৰে নিজৰ কাৰ্য সম্পন্ন কৰে। ইয়াৰ অন্যথা বাতৰিটোটোৰ সত্যতা নোহোৱা হৈ সমাজত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে আৰু তেনে সংবাদ মাধ্যমৰ প্ৰতি জনসাধাৰণৰ আস্থা হেৰাই যোৱাৰ সম্ভাৱনাই অধিক।
         সংবাদ পত্ৰত বিভিন্ন বিষয়ৰ বাতৰিৰ লিখন শৈলীৰ ভিন্নতা আছে। “বাতৰি কাকতলৈ বিভিন্ন বিষয়ৰ বাতৰি আহে। বিষয় অনুসৰি বাতৰি পৰিৱেশনৰ ভাষা-শৈলী বেলেগ ধৰণৰ হয়। খেল-ধেমালি, আন্তৰাষ্ট্ৰীয় ৰাজনীতি, চৰকাৰী বিষয়, মৰাপাটৰ উৎপাদন বৃদ্ধি, বিজ্ঞানৰ আৱিষ্কাৰ- আলোচনা এই সকলো ধৰণৰ বিষয়ৰ বাতৰি পৰিৱেশনৰ ভাষা একে নোহোৱাৰ উপৰিও প্রত্যেক বিষয়ৰ নিজা কিছুমান পাৰিভাষিক শব্দ আছে। গতিকে সংবাদসাহিত্যৰ অনুবাদকৰ ক্ষেত্ৰত বিভিন্ন বিষয় তথা সেই সম্পর্কীয় বিশেষ ভাষা-শৈলী আৰু পাৰিভাষিক শব্দাৱলীৰ জ্ঞানৰ আৱশ্যকতা অন্য সকলো বিষয়ৰ অনুবাদতকৈ বেছি।” ৰয়টাৰ, ইউ.এন.এ. আদি বাতৰি প্ৰতিষ্ঠানৰ নিজা নিজা অনুবাদ বিভাগ আছে। বিভিন্ন কাকত-আলোচনীৰ কাৰ্যালয়ত অনুবাদকে নিজৰ কর্তব্য পালন কৰি আছে। কিন্তু সকলো সংবাদ মাধ্যমৰ ক্ষেত্ৰত অনুবাদৰ তেনেকুৱা বিশেষ শাখা নাথাকে আৰু সাংবাদিকেই অনুবাদকৰ ভূমিকা পালন কৰে। প্ৰযোজকে বিষয়টো নিয়ন্ত্রণ কৰে আৰু সেই অনুসৰি সংবাদ একোটা প্রকাশ পায়। বাতৰি এটা অনুবাদ কৰোঁতে মূল বিষয়ৰ গুৰুত্বপূৰ্ণ অংশৰে শীৰ্ষকো প্ৰস্তুত কৰিব লাগে। শীর্ষক, উপশীর্ষকে যাতে সমগ্ৰ বাতৰিটোৰ সম্যক ধাৰণা দিব পাৰে সেই দিশটোৰ প্ৰতিও অনুবাদক সতর্ক হোৱা উচিত। গতিকে এইক্ষেত্ৰত সমগ্র বিষয়টো অনুধাৱন কৰি মূল বাতৰিৰ হানি-বিঘিনি নঘটাকৈ সংবাদ অনুবাদকাৰীজনে নিজস্ব সৃজনীশীলতাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত বাতৰি এটা প্ৰস্তুত কৰি উলিওৱাটো স্বাভাৱিকতে সহজ কথা নহয়।
          এককথাত ক’বলৈ হ’লে সাম্প্ৰতিক সময়ত অনুবাদৰ যথেষ্ট প্ৰসাৰ ঘটিছে আৰু বিভিন্ন সংবাদ মাধ্যমৰ দ্ৰুত উন্নতিয়ে অনুবাদৰ ব্যাপ্তিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অনুবাদৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ কম সময়তে সংবাদ মাধ্যমে দাঙি ধৰে। উন্নত যোগাযোগ তথা ভাব বিনিময়ৰ এক অপৰিহাৰ্য অংগ হৈেেছ অনুবাদ। গতিকে এইক্ষেত্ৰত সংবাদ মাধ্যম, সাংবাদিক-অনুবাদক আদি সকলোৰে নিজস্ব দায়িত্ব আছে আৰু এই দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ ওপৰতে সংবাদ অনুবাদ প্ৰক্ৰিয়াৰ সাৰ্থকতা নিৰ্ভৰ কৰে।

Scroll to Top