নাৰী

ড° বিশ্বদীপা দাস
সহকাৰী অধ্যাপিকা
অসমীয়া বিভাগ
গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়
হাতীয়েখোৱা, গোলাঘাট, অসম
তুলবুল জোনাক
নিশাটোৰ সেওতা ফালি
উকা চেতনা বিয়পাই
তাই ক’লে আহাচোন খোজ কাঢ়ো তৰা বাছি..
মিচিক মাচাক হাঁহিৰে তাই
অহৰহ চলি থকা গাড়ীবোৰ চায়
হতবাক হোৱাৰতো কোনো প্ৰশ্ন নাই
তাই হাঁহিলে _
কি কথা জানো পাতি আছিলে..
ভগৱান বিচৰাৰ উকমুক দৌৰ!
তাইৰ ভৰিৰ ৰুণুক জুনুক
ক’ত ক’ত তোমাৰ সন্ধান
য’ত য’ত পাও তোমাৰ নিৰ্যাস য’তে য’তে নিষিদ্ধতাৰ সুবাস।
বতাহত তুলবুল অদূৰত জোনাকৰ নাওঁ
ৰিবৰিব প্ৰশান্তি সেওতাৰে বয় শুভ্ৰতাৰ হাতীপটি।
ঈশ্বৰকন্যাৰ আঁচলৰ টপটপ হাঁহি
কোন তাই নিৰ্ঝৰিণী!?
খোজৰ ছন্দত ওপঙে অনুভৱৰ শাৰী
আন্ধাৰত বুটাবছা নৱনিধি নিষিদ্ধতাৰ মন্দিৰত জোনাকী পৰী
ঈশ্বৰউপাসী…তাই নাৰী আকুলকান্তা.. আত্মবিবৃতা..
Scroll to Top