পৰিক্ৰমা

ড°সবিতা মজুমদাৰ কলিতা
সহযোগী অধ্যাপিকা
টংলা মহাবিদ্যালয়, টংলা ।

জীৱনৰ চোমনিত
গুন গুন ৰাগিয়াল
গীত এটি হৈ
সময়ে বগুৱা বায় ।

জীৱনৰ ছন্দতে
পাহে পাহে
ফুলি উঠে,
সুখ দুখৰ কত কঁহুৱাই।

কৈশোৰ আৰু যৌৱনৰ দৰিয়লিত
ওলমি থকা সপোনবোৰে
পশ্চিম আকাশলৈ
অজানিতে ডেউকা মেলে।

ভাগৰুৱা পক্ষীটিৰ কলৰৱত
লঠঙা ডালৰ পৰা,
থোপা থোপে সৰিপৰে
ঘৰমূৱা বেলিৰ হেঙুলী কিৰণ।

Scroll to Top