অসমৰ টাংচাসকল

ড. ৰুণজুন শইকীয়া
মুৰব্বী, অধ্যাপক
অসমীয়া বিভাগ
মাৰ্ঘেৰিটা মহাবিদ্যালয়, তিনিচুকীয়া
 টাংচাসকল মংগোলীয় নৃগোষ্ঠীৰ লোক ৷ ভাষিক দৃষ্টিকোণৰ পৰা এওঁলোক তিব্বতচীনীয় ভাষাগোষ্ঠীৰ উত্তৰ অসম শাখাৰ ৷ অসমৰ টাংচাসকল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন গাঁৱত সিচঁৰতি হৈ আছে ৷এওঁলোকৰ বহুতো ফৈদ আছে ৷ তাৰ ভিতৰত লুংচা, মোছাং, ৰনৰাং, হাখুম,টিখাক,কিমচিং,থামফাং,লুংফি,লুংৰি,মুকলুম,পাংৱা ইত্যাদি ইত্যাদি ৷এই ফৈদ বিলাকৰ প্ৰত্যেকৰে ভাষা বেলেগ বেলেগ ৷ টাংচাসকলে বসবাস কৰা গাঁওকেইখন-মালৌ পাহাৰ,১নং হঞ্জু,২নং হঞ্জু, চালেকি,মোংকম,ফুলবাৰী,লাকলা,নিংগাম, লেখাপানী, কাম্বা, টিকক, আদি ৷ টাংচাসকলেও চাংঘৰত বাস কৰে ৷ খাদ্য বিশেষকৈ টোপোলা ভাত আৰু সিজোৱা পাচলি,মাছ মাংস ৷মচলা হিচাপে বিভিন্ন পাত ব্যৱহাৰ কৰে ৷ তেওঁলোকেও বোৱা কাপোৰকানি ব্যৱহাৰ কৰে ৷ মহিলাই খোছা(মেখেলা),খুফাক(চাটি মাৰি লোৱা বগা কাপোৰ)আৰু চোলা পৰিধান কৰে ৷ফৈদভেদে সাজপাৰৰো ভিন্নতা আছে ৷ পুৰুষ আৰু মহিলাই নানা ধৰণৰ অলংকাৰ পিন্ধে ৷ এই অলংকাৰবোৰ লোহা, ৰূপ, কড়ি, মুদ্ৰা,হাতীৰ দাঁত,আৰু পাথৰেৰে তৈয়াৰ কৰে ৷ মুদ্ৰাৰে তৈয়াৰী মালাডালক “খিমফতম”বোলে আৰু কমলা ৰঙৰ পাথৰেৰে তৈয়াৰী মালাডালক “লিখাতম”বোলে ৷এওঁলোকে বাহুত লোৰে নিৰ্মিত খাৰু “তিডুং”পিন্ধে ৷পুৰুষসকলে মুৰত বেতৰ টুপী পিন্ধে ৷ এই টুপীত কেতিয়াবা ধনেশ চৰাইৰ পাখি গুজি লয় ৷ অসমৰ টাংচাসকলে বিভিন্ন উৎসৱ পালন কৰে ৷ এইবিলাকৰ ভিতৰত চামফলং ম’ল,ছামফাই ম’ল,ছামৰিং থাট,ছামউইন ম’ল,ৱং হি উইন আদি ৷ তেডা°লোকৰ মুছাং ফৈদে পালন কৰা দুটি উৎসৱ হ’ল চামফলং ম’ল আৰু ৱিহু-কু উৎসৱ ৷ আগতে ৱিহু_-কু ডিচেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰী মাহৰ মাজভাগলৈকে পালন কৰে যদিও এতিয়া ৫জানুৱাৰীৰ দিনটোতে এই উৎসৱ পালন কৰে ৷ এতিয়া যিহেতু তেওঁলোক খ্ৰীষ্টান ধৰ্মাৱলম্বী ,বৰদিনটো সকলোৱে উলহমালহেৰে পালন কৰে ৷ তেওঁলোকৰ মাজত ডেকাচাং আৰু গাভৰুচাঙৰো প্ৰচলন আছিল ৷ তেওঁলোকে নিজা ফৈদৰ মাজত নিজা ভাষা ব্যৱহাৰ কৰে ৷

পূৰ্বতে তেওঁলোকে নানা দেৱ দেৱতাক  পূজা কৰিছিল  এতিয়া বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত নকৰা   তেওঁলোকৰ মাজত নানা ধৰণৰ নৃত্য গীতৰ প্ৰচলন আছে  ইয়াৰ উপৰি বিভিন্ন সাধুকথা মুখে মুখে চলি আহিছে  টাংচা সকলৰ প্ৰধান নৃত্যৰ ভিতৰত ৱাৰা,ৱাৰাচি,আৰু চাপলু নৃত্য অন্যতম 

অসমৰ টাংচাসকলৰ মাজলৈও ভাষিক আৰু সাংস্কৃতিক সংকট আহিছে  তেওঁলোকো অস্তিত্বৰ সংগ্ৰামত লিপ্ত হব লগা হৈছে 

টাংচাসকল থকা মালৌপাহাৰ,হঞ্চু,ৱাৰা আদি অঞ্চলবোৰ বৰ ধুনীয়া , প্ৰকৃতিৰ লীলাভূমি  কিন্ত বৰ দূৰ্গম  বাটপথৰ সুচল ব্যৱস্থা নাই   তথাপি ৱাৰালৈ দুবাৰ গৈছোঁ,ইমান আতিথ্য জীৱনত পাহৰিব নোৱাৰি  দিনকাল ভাল হওক,আকৌ যাম,আপোনালোকো আহিব নাগালেণ্ডৰ নগাসকলতকৈ পৃথক জীৱনশৈলীৰ আমাৰেই ভাইভনীহতঁক চাবলৈ

Scroll to Top