পূৰৱী বৰমুদৈৰ ‘বাঘশাল বাঘজাল আৰু মানুহ’ উপন্যাসত নাৰীমুক্তিৰ চেতনা

ড° মানৱী গগৈ, সহযোগী অধ্যাপিকা
মৰিয়নি মহাবিদ্যালয়

ঔপন্যাসিকা পূৰৱী বৰমুদৈৰ ‘বাঘশাল বাঘজাল আৰু মানুহ’ উপন্যাসখন কুৰি শতিকাৰ ত্ৰিশৰ দশকৰ ৰক্ষণশীল সমাজখনক পটভূমি হিচাপে লৈ ৰচনা কৰা হৈছে। উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ ৰক্ষণশীল অসমীয়া সমাজখনত নাৰীৰ অৱস্থাৰ চিত্ৰণ তথা নাৰীমুক্তিৰ চেতনা। উপন্যাসত দুবাৰকৈ দুইধৰণে বাঘ ধৰাৰ বৰ্ণনা কৰা হৈছে। প্ৰথমবাৰ শাল পাতি বাঘ ধৰি গাঁৱৰ মানুহে হানি-খুচি হত্যা কৰিছিল আৰু দ্বিতীয়বাৰ জালপাতি ধৰা এজনী বাঘিনী জাল ফালি ওলাই যাবলৈ সক্ষম হৈছিল। ৰক্ষণশীল সমাজত বন্দিনী নাৰীৰ স্বাধীনতা, আশা-আকাংক্ষাক সমাজৰ নিয়ম পৰম্পৰাই কিদৰে হত্যা কৰে তাৰ প্ৰতীকস্বৰূপে শালত বন্দী কৰা বাঘটোক লোৱা হৈছে। আনহাতে সময়ৰ সুৰুঙাৰে বন্দিনী নাৰীয়ে কিদৰে নিজৰ শক্তিৰ বলত সমাজৰ জাল সদৃশ নিয়ম-পৰম্পৰাৰ শিকলি ছিঙি বাহিৰ ওলাই যাব পাৰে, তাৰেই প্ৰতীক হিচাপে অংকন কৰা হৈছে জাল ফালি ওলাই যোৱা বাঘিনীজনী।

উপন্যাসখনত দেখিবলৈ পোৱা ঘাই কথাষাৰ হৈছে নাৰীয়ে নাৰীৰ মুক্তিৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ বিপৰীতে পুৰুষেহে নাৰীৰ মুক্তিৰ বাবে প্ৰতিবাদৰ ধ্বনি তুলিছে। বিংশ শতিকাৰ তৃতীয় দশকৰ এটি ৰক্ষণশীল গোঁসাই পৰিয়ালৰ লগত সংপৃক্ত কৰি কাহিনীভাগ আগবঢ়াই নিয়া হৈছে। উপন্যাস খনৰ মূল ব্যক্তিজন হ’ল নীলাম্বৰ দেৱগোস্বামী, চমুকৈ নীল গোঁসাই। নীল গোঁসাইৰ যোগেদিয়ে সমাজলৈ অহা পৰিৱৰ্তনৰ ছবিখন দাঙি ধৰিব খোজা হৈছে। নীল গোঁসাই চাৰিজনী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ পিতৃ। মাক ডাঙৰজনা গোঁসানী আৰু ঘৈণীয়েক সৰুজনা গোঁসানী; দুয়োগৰাকীয়েই সমাজৰ নিয়ম পৰম্পৰা বেহুৰ মাজত আৱদ্ধ নাৰী। আনকি নীলগোঁসায়ে নিজেও পুৰুষ প্ৰধান সমাজৰ নিয়ম-শৃংখলা ৰক্ষা কৰি ডাঙৰ জীয়েক অমলাক সৰুতেই বিয়া দিছে আৰু কমলাকো আগবিয়া দি গোঁসাই পৰিয়ালৰ নিয়ম ৰক্ষা কৰিছে। কিন্তু গাঁৱৰে শিক্ষিত ডেকা চন্দ্ৰনাথৰ লগত যেতিয়া দেশৰ পৰিস্থিতি সম্পৰ্কে কথা পাতিছে, ‘গান্ধীৰজাৰ আন্দোলনৰ প্ৰসংগত চন্দ্ৰনাথে যি বিপর্যস্ত অসমৰ সমাজ জীৱনৰ উমান দিছে; লগতে জানিব পাৰিছে যে কানি বৰবিহ অজ্ঞতা, অন্ধবিশ্বাস আৰু নিৰক্ষৰতাই সমাজৰ উন্নতিৰ অন্তৰায় হৈ থিয় দিছে। চন্দ্রনাথে তেওঁক বুজাই দিছে যে মুনিহ- তিৰোতা উভয়ে সমানে শিক্ষিত হ’লেহে সমাজলৈ পৰিৱৰ্তন আহিব আৰু উন্নতিৰ পথত আগুৱাই যাব পাৰিব। চন্দ্ৰনাথৰ কথাই নীলগোঁসাইৰ চিন্তাৰ বাট মুকলি কৰিলে। ঘৰলৈ আহি পাকঘৰত মেখেলা-চাদৰ পিন্ধি আগবিয়া দিয়া অকণমানি কমলাই চাহ কৰি থকা দেখি আত্মদহনে পীড়া দিলে। তেওঁ সিদ্ধান্ত ল’লে – কমলা, অমলাৰ ক্ষেত্ৰত কৰা অবিচাৰ গোঁসায়ে সৰু দুজনীৰ ক্ষেত্ৰত অৰ্থাৎ বিমলা আৰু প্ৰমিলাৰ ক্ষেত্ৰত নকৰে। গোঁসায়ে সিহঁত দুয়োজনীক পাঠশালাত নাম লগাই দিয়াৰ সিদ্ধান্ত ল’লে । লগে লগে সংঘাত আৰম্ভ হ’ল । ঘাইকৈ মাক ডাঙৰজনা গোঁসানীৰ পৰা তীব্ৰ বাধা আহিল । লগতে মৃদু আপত্তি কৰিলে নীলগোঁসাইৰ পত্নীয়েও। সমাজ, পৰিয়াল সকলোৰে পৰা অহা প্ৰতিবন্ধকতাত নীলগোঁসাইৰ মনৰ মাজতো তীব্র সংঘাতৰ সৃষ্টি হ’ল। এই সংঘাতৰ মাজতে লুকাই আছে নাৰীমুক্তিৰ চেতনা। সেই সময়ৰ সমাজত নাৰীমুক্তিৰ কথা বৰ সহজ নাছিল। কিন্তু নীলগোঁসাইৰ বিয়া দি উলিয়াই দিয়া জীয়েক অমলাৰ সাংসাৰিক জীৱনৰ নানানটা লেঠাই নীলগোঁসাইক ভাৰাক্ৰান্ত কৰি তুলিছিল।

কমলাকো নীলগোঁসায়ে ধৰি ৰাখিব নোৱাৰিলে। সমাজৰ নিয়ম বান্ধোনত এজনী ফুল কুমলীয়া ছোৱালীৰ জীৱন পিষ্ট হৈ গ’ল। কম বয়সতে মৃত্যুৰ যোগেদি কমলাই জীৱনৰ পৰা মুক্তিও পালে। ঔপন্যাসিকা বৰমুদৈয়ে কমলাৰ বন্দী জীৱনক শালত বন্দী কৰি হানিখুচি হত্যা কৰা বাঘটোৰ লগত তুলনা কৰিছে। বাঘটোৰ দৰেই কমলাকো সংসাৰ নামৰ বন্দীশালত সুমুৱাই নৃশংসভাৱে মাৰি পেলোৱা হ’ল।

সমাজত নাৰীৰ এনে কৰুণ পৰিণতিৰ মূলতে এক গুৰুত্বপূৰ্ণ কাৰণ হ’ল নিৰক্ষৰতা। নিৰক্ষৰতাই মানুহক অজ্ঞানতাৰ

আন্ধাৰ গহ্বৰলৈ ঠেলি দিয়ে। বিমলা / প্রমিলাকো আগবিয়া নিদি পাঠশালালৈ পঢ়িবলৈ পঠোৱাৰ বাবে সমাজৰ অজ্ঞানতাৰ আন্ধাৰতে ডুব গৈ থকা এচামে পিতৃ/কন্যাৰ প্ৰাণৰ সম্পৰ্কক কুঠাৰাঘাত কৰিবলৈও কুণ্ঠাবোধ নকৰিলে :

….. বাপেকে জীয়েকক নিজলৈ ৰাখিছে। ছি.ছি.ছি.ছি.” কিন্তু এনেবোৰ কথাই দুখ দিলেও নীলগোঁসাই নিজৰ মতত অবিচলিত হৈ ৰ’ল। বিমলাক তেওঁ উচ্চ শিক্ষাৰ বাবে সাজু কৰিলে। ফলত মাক আৰু নীলগোঁসাইৰ মাজত বিৰোধ তুংগত উঠিল। মাকে অসহযোগ কৰিবলৈ আৰম্ভ কৰিলে। ঘৰতে কন্যাকাল পোৱা বিমলা ডাঙৰজনা গোঁসানীৰ বাবে চকুৰ কুটা হৈ পৰিল।

মাজে মাজে গোঁসাই বিচলিত নোহোৱাও নহয়। বিংশ শতিকাৰ ৰক্ষণশীল সমাজখনৰ ঘাই খুঁটিস্বৰূপেই আছিল গোঁসাইৰ নিজৰ ঘৰখন। স্বাভাৱিকতে বিৰোধ আৰম্ভ হ’ল ঘৰখনৰ পৰাই। কিন্তু তাৰ বাবে নীলগোঁসাই যুঁজিবলৈও সাজু হ’ল। কাৰণ তেওঁ জানিছিল নাৰীজীৱনৰ কৰুণ পৰিণতিৰ কাৰণ বহু সময়ত নাৰী নিজে। নিজে নিৰ্মাণ কৰি লোৱা বৃত্তৰ পৰা নাৰী নিজেই ওলাব নোখোজে। তাৰ উদাহৰণ তেওঁৰ মাক আৰু তেওঁৰ পত্নী। নীলগোঁসায়ে বুজিছিল নাৰীৰ ভিতৰতো মুক্তিকামী মন এটা লুকাই থাকে। কিন্তু সংসাৰৰ চেপাত তথা সমাজৰ চেপাত সি পিষ্ট হৈ যায়। সেইবাবেই কমলাক উলিয়াই দিবৰ সময়ত মাকৰ স’তে কৰা কথোপকথনত মাকৰ অন্তৰ খুঁচৰি উমান ল’ব বিচাৰিছিল এনেদৰে ঃ “তোমাৰ বিয়াৰ কথা মনত পৰেনে ?………. “আই, ইয়ালৈ আহি তুমি কন্দা-কটা কৰা নাছিলানে ? ঘৰলৈ তোমাৰ মনত পৰা নাছিলনে?” “… এৰা ” – ডাঙৰজনা গোঁসানীয়ে এটা ডাঙৰ উশাহ ল’লে। মাকৰ নিজক ঢাকিবলৈ কৰা প্ৰচেষ্টাৰ আঁৰৰ কথা নীলগোঁসায়ে বুজি পায় যে তেওঁৰ মাকো সমাজে বন্দী কৰি ৰখা এজনী বন্দিনী বাঘিনী। আনকি তেওঁৰ পত্নীও একেই বন্দিনী নাৰী।

বিমলাক উচ্চ শিক্ষাৰ বাবে কলকতালৈ যোৱাৰ বাবে ডাঙৰজনা গোঁসানীয়ে শেষ সময়ত সন্মতি প্ৰদান কৰিছে। ঔপন্যাসিকা বৰমুদৈয়ে ইয়াৰ মাজেদিও নাৰীৰ মনৰ মাজত লুকাই থকা মুক্তি প্রয়াসী মনৰ কথাকে ক’ব বিচাৰিছে। ডাঙৰজনা গোঁসানীৰ জীৱনতো আছিল খুলিব নোৱৰা এক দুখৰ অধ্যায়। নীলগোঁসায়ে খুচৰি খুচৰি মাকৰ জীৱনৰ সেই ক’লা অধ্যায়ৰ যৱনিকা পেলাইছিল। শহুৰেক অৰ্থাৎ নীলগোঁসাইৰ পিতৃৰ হাততে মাক লাঞ্চিতা হৈছিল; যি কথা সমাজৰ ভয়ত, অপবাদৰ ভয়ত মুখ খুলি নোকোৱাকৈ বুকুত লৈ কালাতি পাত কৰিছিল। নীলগোঁসাইৰ মৰম, যুক্তিবাদী আৰু সংস্কাৰ্মিনে মাকৰ মন জাগৃত কৰিলে। মাকে বুজি পালে পুৰুষশাসিত সমাজত মূৰ তুলি থিয় দিবলৈ নাৰীক এখন বহল ক্ষেত্ৰৰ প্ৰয়োজন, য’ত থিয় হৈ নাৰীয়ে নিজৰ মত সাব্যস্ত কৰিব পাৰে। সেই বহল ক্ষেত্ৰখনলৈ যাবলৈ নাৰীক এটা নতুন বাট লাগিব। দুজোপা লেচু গছৰ মাজেৰে বিদ্যামন্দিৰলৈ সোমাই যোৱা বিমলাৰ সপোনৰ বাটটোৱেই হৈছে নতুন বাট। আগবিয়া নিদিয়া বিমলাক ভাত খাই উঠি মুহুদি নকৰাকৈ চুলে যিগৰাকী মানুহে এসাজ ভাত লঘোণ দিছিল; সেইগৰাকী ডাঙৰ্জনা গোঁসানীয়েই মুহুদি নকৰাকৈয়ে বিমলাৰ হাতত ধৰি মজিয়াৰ পৰা উঠি ভিতৰলৈ গৈছে।

সময়ৰ হাতোৰাত এনেদৰেই কিছুমান যুক্তিহীন নিয়ম পৰম্পৰাৰ নাশ হৈ পুৰণি সমাজৰ অৱসান ঘটে। নিয়ম- নীতি, পৰম্পৰা আদি এখন সমাজৰ বিকাশ সাধনৰ অন্তৰায়। বিমলাই সেই অন্তৰায় দূৰ কৰিব পাৰিছে। ডাঙৰজনা গোঁসানীয়েও বিমলাৰ নতুন যাত্ৰাক মানি লৈছে। উপন্যাসখনত বিমলাক জাল-ফালি ওলাই অহা বাঘিনীজনীৰ লগত তুলনা কৰা হৈছে।

উপন্যাসখনত দেখুৱাব বিচৰা নাৰীমুক্তিৰ ভাৱনাৰ আঁৰত লুকাই থকা মূল কথাটো হৈছে স্ত্রী শিক্ষা। ঔপন্যাসিকা বৰমুদৈয়ে নীলগোঁসাইৰ জৰিয়তে নাৰীজীৱনৰ এখন বন্ধ দুৱাৰ মুকলি কৰিব খুজিছে। বৰমুদৈৰ কলমত স্পষ্টভাৱে ফুটি উঠিছে নাৰী কেতিয়াও দুর্বল নহয়। মাথো শিক্ষাৰ অভাৱৰ বাবে বন্ধ দুৱাৰ মুকলি কৰাৰ সাহস নাৰীৰ নাই। সেয়েহে পূৰৱী বৰমুদৈয়ে উপন্যাসখনত স্ত্রী শিক্ষাই নাৰীমুক্তিৰ ঘাই অস্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। এইপাট অস্ত্ৰৰ আগত অৱশেষত ডাঙৰনা গোঁসানীও নতশিৰ হ’বলৈ বাধ্য হৈছে। নীলগোঁসায়েও মাকক বুজাবলৈ সক্ষম হৈছে :

“এৰা আই, শিক্ষা বৰ ডাঙৰ অস্ত্ৰ। শিক্ষা থাকিলে ভয় নাই ”।

Scroll to Top