আমাৰদ্বাৰা ৰচিত মূল বড়ো "जिउनि जोबथा थांखि" নামৰ কবিতাৰ অসমীয়া অনুবাদ

জীৱনৰ চৰম লক্ষ্য

ড: বিলাইশ্ৰী ব্ৰহ্ম
সহকাৰী অধ্যাপিকা,
শিক্ষা বিভাগ
লামডিং মহাবিদ্যালয়
Phone no. 9401027674
তুমি মই যেতিয়া এই বিশাল পৃথিৱীত
মানৱতাৰ অনুভৱেৰে আগুৱাই যাওঁ
দুখ বোৰ দুখ বুলি নাভাবি
সুখবোৰ সুখ বুলি নাভাবি
মই ভাবো — জীৱনৰ লক্ষ্যত আমি উপনীত হমগৈ।
জীৱনৰ সুখেই তোমাৰ মোৰ লক্ষ্য
জীয়াই থকা মুহুৰ্তত মৃতপ্ৰায় হৈ জীয়াই নাথাকি
মূৰ দাঙি জীয়াই থকাটোৱে
তোমাৰ, মোৰ, আমাৰ সকলোৰে হাবিয়াস
মই ভাবো — জীৱনৰ সেই সুখ আমি পামেই।
তুমি আৰু নৰ’বা তোমাৰ মাত্ৰ হৈ
মই আৰু নৰওঁ মোৰ মাত্ৰ হৈ
আমি দুয়ো দুয়োৰে হ‌ওঁগৈ
তোমাৰ মোৰ নথকাবোৰ বিনিময় কৰি ল‌ওঁগৈ
মই ভাবো — জীৱনত আমি এজনে আনজনক বুজি পাম।
সুখৰ ঠাই বা স্বৰ্গ তাতেই থাকে
যʼত আমি এজনে আনজনক বুজি পাওঁ
তোমাৰ সুখ-দুখৰ, মোৰ সুখ-দুখৰ
যʼত মিলন হয়, বুজা-বুজি হয়
ম‌ই ভাবো — জীৱনৰ স্বৰ্গ আমি তাতেই পাম ।
Scroll to Top