হৃদয়ানুৰাগ

 বিনীতা গগৈ।
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ |
কন্যা মহাবিদ্যালয়, গীতানগৰ গুৱাহাটী – ২১
ফোন নম্বৰ :৯৮৫৪৮০০১৯৭ আৰু ৭০০২৭৭৯৯০৫
ইমেইল: write2binitag@gmail.com

ফাগুনৰ প্ৰথম জাক বৰষুণত
ধূলিৰে ধূসৰিত উন্মুক্ত পৃষ্ঠাবোৰত
প্রেমময় স্পৰ্শৰ আলিঙ্গন….
পলাশ শিমলুবোৰ জুই হৈ ফুলি,
বতাহত হালি জালি দূৰন্ত বসন্তক
আদৰিবলৈ যেন ব্যাকুল ….
ঝাউবনৰ ভাঁজে ভাঁজে,
কহুৱাৰ মাজে মাজে
বনহংস জাকৰ কাকলিত সাৰ পায়
নৈপৰীয়া জীৱনৰ কল্লোল…..
দূৰণিত পালতা নাৱৰ ছৈত বহি
মাঝিৰ জীৱনৰ তাড়নাত
জীৱিকাৰ সন্ধানত
ভাটিয়ালী সুৰৰ ঐকতান
ধূলিয়ৰি পথৰ হেঁপেহুৱা
আদৰৰ ৰঙীন শিমলু ফুলি
কমোৱা তুলাৰ দৰে উৰা মনৰ চাপৰিত
বৰনৈৰ জাঁজীৰ দৰে
জীৱনৰ উজান ভাটি….
ফাগুনৰ এই প্ৰথম জাক বৰষুণত
তিতাৰ সুকীয়া আমেজেৰে
এয়া প্রেমময় বসন্তৰ সুৰীয়া গান…..
ৰাগ কল্যাণ খৰমান…

Scroll to Top