কবিতা এক উদ্দেশ্য নহয়, ভাবাৱেশহে
ৰীতামণি বায়ন
সহকাৰী অধ্যাপক,
বৰপেটা ছোৱালী মহাবিদ্যালয়।
কবিৰ মনৰ গোপন কক্ষত একোলা- দুকলাকৈ বাঢ়িছে
অনুভৱৰ সহিব নোৱাৰা ভৰ ;
সময়ে বাগৰ সলায়
প্ৰকাশৰ অভাৱত
অন্তর্নিহিত অনুভৱ অস্পষ্ট হৈ যায়।
হঠাৎ !
শৈশৱ, কৈশোৰৰ এক আনন্দৰ কোলাহল আত্মাৰ
গভীৰত প্ৰতিধ্বনিত
ধুমুহাৰ ৰাতিৰ আকাশত জিলিকিল যেন পূৰ্ণিমাৰ
জোন !
আবেগবিহ্বল কবি মন হৈ পৰে উচ্চাটন,
যাত্ৰাৰাম্ভ অদৃশ্য গলিয়েদি আপোন গাঁৱখনলৈ বুলি ।
কি যে মিঠা সেই ক্ষণ, জীৱন পৰিক্ৰমাত উপলদ্ধ সমস্ত
অনুভৱৰ তুংগত!
ভয়- শংকাবিহীন প্ৰতিপল,
গাঁৱৰ প্ৰতিটো একাবেঁকা পথত লগৰীয়াৰ স’তে হাতে
হাত ধৰি সময় অতিবাহিত কৰাৰ মনোমুগ্ধকৰ দৃশ্য!
আপোন চিন্তনৰ সমুদ্ৰত নিমজ্জিত কবি
নাই কোনো আন উদ্দেশ্য সাধনৰ মতি ৷
প্রচণ্ড জোৰেৰে অহা ধুমুহাজাকে কবিক বাস্তৱলৈ লৈ
আহে।
লৰালিৰ মধুৰ স্মৃতিয়ে কবিৰ হৃদয়ত অংকুৰিত কৰে
সৃষ্টিৰ বীজ
শব্দৰূপী শক্তিৰ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি অতীত স্মৃতিৰ
অনুভৱক
কবিয়ে কাব্যৰে সজীৱ কৰি তোলে৷