"পৈতৃক সম্পত্তি"
ৰিংকুমণি গগৈ
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়
গেটখন খুলি ওলাই যোৱা ভায়েকলৈ চাই চাই হেমেনৰ মূৰটো ঘূৰোৱা যেন অনুভব হ’ল ।কাণত বাজি উঠিল মৃত দেউতাকৰ গুৰু-গম্ভীৰ মাতষাৰ— “মই নিজৰ মাটি ভেটিতহে থাকিম । আনৰ মাটি ভেটিত থাকিবলৈ নাযাওঁ।”
গাৱঁত দেউতাক অকলশৰে থকাতকৈ হেমেনে আত্মাভিমানী দেউতাকক সন্তুষ্ট কৰিবলৈ তেওঁৰ প্ৰতি সন্মান জনাই চহৰৰ ডি চি অফিচৰ সৰু চাকৰিটোৰ ধনেৰে বহু কষ্টৰে কিনি লোৱা মাটি দুকঠা দেউতাকৰ নামত নামজাৰি কৰি দিছিল ।
আজি দেউতাকৰ বছেৰেকীয়া মৃতকৰ কৰ্ম শেষ কৰি অন্য এখন চহৰত থকা ভায়েক যাবলৈ ওলাই হেমেনক কৈ গ’ল–
“দেউতাৰ সম্পত্তি যেতিয়া এই মাটিকনৰ কোন কণ মোক দিবি চিন্তা কৰি সোনকালে জনাবি –।”