স্রোতস্বিনী হিমাঞ্জলী বৰুৱাসহকাৰী অধ্যাপিকাটংলা মহাবিদ্যালয় নাৰী…যি নিজতেই নিজে এক সুগভীৰ স্ৰোতস্বিনীআইৰ জৰায়ুৰ আন্ধাৰৰ লগতসম্পৰ্ক স্থাপিত হোৱা দিনৰে পৰা,যি কঢ়িয়াই আনে ৰহস্যময় প্ৰাচীনৰ দুৱাৰ।বৈ যায় সুগভীৰ স্ৰোতস্বিনী হৈ…কঢ়িয়াই লৈ যায় হেজাৰ সুখ দুখ।ক’তো একো আক্ষেপ নোহোৱাকৈযি পম খেদি যায় সুখৰ।প্ৰাচীনৰ দুৱাৰ ভেদ কৰিবৰ্তমানত যি ৰচিব বিচাৰেএক নতুনৰ পৃথিৱী,কিয়নো….তাই যে এক স্ৰোতস্বিনী নাৰী।