চৰ-চাপৰিৰ মহিলাৰ সামাজিক-শৈক্ষিক অৱস্থা আৰু নাৰী দিৱসৰ প্ৰাসংগিকতা : এটি বিশ্লেষণ

ড° আব্দুছ ছবুৰ
সহকাৰী অধ্যাপক
ৰাজীৱ গান্ধী মেম’ৰিলেয় কলেজ, লেংটিছিঙা

পাতনি :

          অসমৰ ভৌগলিক মানচিত্ৰত চৰ-চাপৰি বুলি ক’লে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ দাঁতিকাষৰীয়া বান কবলিত অঞ্চলক বুজোৱা হয়। এই অঞ্চলবোৰ সৰ্বদিশতে অনুন্নত, পিছপৰা আৰু কু-সংস্কাৰেৰে আঁৱৰা। সমাজ জীৱনৰ পৰা আদি কৰি আধুনিক জীৱনশৈলীৰ পৰশৰ পৰা বহুলাংশে দূৰত থকা এই অঞ্চল সমূহত বসবাস কৰা নাৰী সকলৰ বিষয়ে অধ্যয়ন কৰিলে যিকোনো ব্যক্তিয়ে নির্মম সত্যৰ মুখামুখী হ’ব পাৰিব। এক দুর্বিষহ তথা এলান্দুকলীয়া পৰম্পৰা, ৰীতি-নীতিৰে পৰিৱেষ্টিত এই সকল মহিলা শিক্ষা দীক্ষাৰ লগতে মূল সুঁতিৰ ধ্যান-ধাৰণা আৰু চিন্তা-চৰ্চাৰ লগত পৰিচিত নহোৱাটোৱেই স্বাভাৱিক। গতিকে, ৮ মাৰ্চৰ দিনা বিশ্বব্যাপি উদযাপন হ’বলগীয়া নাৰী দিৱসৰ সৈতে সংগতি ৰাখি চৰ-চাপৰিৰ নাৰী সমাজৰ সামাজিক আৰু শৈক্ষিক দিশৰ ওপৰত আলোকপাত কৰিব বিচৰা হৈছে।

চৰ-চাপৰিৰ নাৰী সমাজৰ লগত জড়িত দিশসমূহ :

           অসমত সৰ্বমুঠ ২০৮৯ খন চৰ গাঁও আছে।’ এই চৰ সমূহৰ মুঠ জনসংখ্যা প্রায় ১৬ লাখ। সামাজিক, শৈক্ষিক, অর্থনৈতিক, ৰাজনৈতিক ইত্যাদি ক্ষেত্ৰত চৰ-চাপৰি অঞ্চলৰ মহিলাৰ স্থান আৰু মৰ্যদা খুবেই পুতৌজনক   ।

সামাজিক ক্ষেত্ৰত চৰ-চাপৰিৰ নাৰী :

           চৰ-চাপৰিৰ নাৰী সমাজ সামাজিক ক্ষেত্ৰত অত্যন্ত পিছপৰা। তেওঁলোক মূলতঃ পুরুষ প্রধান ব্যৱস্থাৰ মাজত লালিত-পালিত আৰু নিয়ন্ত্রিত। ইয়াত মাতব্বৰ বা দেৱানী প্ৰথাৰ প্রভাৱ অত্যাধিক পৰিমানে দেখা যায়। পৰিয়াল পৰিকল্পনাৰ অভাৱ, কম বয়সতে বিয়া-বাৰুৰ ব্যৱস্থা, অনাহার-অৰ্দ্ধহাৰত কালাতিপাত কৰিবলগা হোৱা বাবে তেওঁলোক শোষিত, বঞ্চিত আৰু অত্যাচাৰিত হোৱা দেখা যায়। ১৪-১৫ বছৰ বয়সতে মাতৃত্বৰ বোজা বহন কৰিব লগা হোৱাত তেওঁলোক ৰক্তহীনতাকে আদি কৰি নানা ধৰণৰ বেমাৰ আজাৰৰ কবলত পৰে। তদুপৰি ঘৰুৱা কাম-কাজত ব্যস্ত থাকা, নিজস্ব ৰোজগাৰ বা কৰ্ম সংস্থাপনৰ কথা ভাৱিব নোৱাৰা বাবে এইসকল মহিলা পুৰুষ সকলৰ চৰম শাসনৰ তলত (under extreme rule of male) জীৱন ধাৰণ কৰিব লগা হয়। বাল্য বিবাহৰ মাত্ৰাধিক্যতাৰ বাবে কম বয়সীয়া ছোৱালী বিলাকে স্বামীৰ যৌন নির্যাতন নিৰৱে সহিব লগা হয়। ইয়াৰ ফলত বিবাহ বিচ্ছেদ (তালাক) আদিও এইখন সমাজত ঘটি থাকে। অথচ সেইবোৰ ঘটনা বহিঃজগতৰ মানুহ বা আইন-আদালতৰ দৃষ্টিগোচৰ হোৱাৰ সুযোগ নাথাকে। একোখন গাঁৱৰ দেৱানী-মাতব্বৰে (মুখীয়াল ব্যক্তি বা গাঁওবুঢ়া) সয়ম্ভূ বিচাৰকৰ ভূমিকা গ্ৰহন কৰি ডাবি-ধমকিৰে অন্যায়-অবিচাৰ আদি দমন কৰি ৰখাৰ বহু দৃষ্টান্ত আছে। এইখন সমাজতে ধর্ষণজনিত সমস্যাও গাপ দি ৰাখি দেৱানী মাতব্বৰে প্ৰতিপত্তি দেখাব পাৰে। কাৰণ, যোগাযোগ ব্যৱস্থাৰ অসুবিধা আৰু দুৰ্গম অঞ্চল হোৱা বাবে প্ৰশাসনক সাধাৰণ লোকে ঢুকি নাপায়। তেওঁলোকে ভয় পায়। পুলিচ আদিৰ কাষ চপাতকৈ দেৱানী-মাতব্বৰৰ ওচৰতে কাকুতি-মিনতি কৰি ন্যায় লাভৰ আশা কৰে। এনে অৱস্থাই নাৰী সমাজক সামাজিক মৰ্যদাৰ পৰা বঞ্চিত কৰাই নহয়, তেওঁলোক মানৱীয় সংকটৰ গৰাহত পৰা বুলিও ক’ব পাৰি  ।

চৰাঞ্চলৰ নাৰী শিক্ষা :

             চৰাঞ্চলৰ সামগ্রিক শিক্ষা ব্যৱস্থা একেবাৰে পয়ালগা। বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰখন অতিশয় পুতৌজনক। তলত এটি সাৰণিৰ সহায়ত চৰাঞ্চলৰ শিক্ষা ব্যৱস্থাৰ এটি ছবি দাঙি ধৰা হ’ল ঃ সাৰণি (চৰাঞ্চলত শিক্ষাৰ হাৰ)

District Total Chars in
1992-93
% of Literacy
in 1992-93
Total Chars in
20025-03
% of Literacy
in 2002-03
Darrang
121
10.12
134
12.34
Barpeta
351
12.90
277
17.63
Kamrup
148
16.85
175
15.16
Nalbari
58
7.90
32
16.24
Bongaigaon
150
12.85
117
12.46
Goalpara
187
8.38
179
13.65
Dhubri
313
19.06
480
14.60
Morigaon
41
8.02
39
18.50
Nagaon
29
9.44
43
17.59
Dhemaji
95
14.44
149
15.69
Lakhimpur
182
14.01
109
18.50
Sonitpur
118
12.63
145
16.93
Tinsukia
86
14.20
79
14.00
Jorhat
210
13.90
293
60.55
Total
2089
2251
Literacy in Char Areas in 1992-93
15.45
Literacy in Char Areas in 2002-03

             ওপৰৰ সাৰণিৰ পৰা এই কথা জলজল-পটপটকৈ ওলাই পৰে যে যিসময়ত আমাৰ ৰাজ্যখন সামগ্রিক ভাৱে ৭৩.১৮ শতাংশ বা তাতোকৈ অধিক লোক শিক্ষিত হৈছে, সেই একে সময়তে প্রায় ২৪ লাখ লোকে বসতি কৰি থকা চৰ-চাপৰিত শিক্ষিতৰ হাৰ মাত্ৰ ১৯.৩১ শতাংশ।º ই এক ভয়ানক ছবি আৰু তথ্য। এইখিনি শিক্ষিতৰ ভিতৰৰ সৰহসংখ্যকেই হৈছে প্ৰাথমিক বিদ্যালয়ৰ মজিয়া গৰকা ।
             চৰাঞ্চলত কর্মসংস্থানৰ কোনো বিকল্প ব্যৱস্থা নাই। সেয়েহে, যি দুই-চাৰিজনে নানা প্রতিকূলতাকো নেওঁচি উচ্চ শিক্ষা গ্ৰহণ কৰে, তেওঁলোকে কৰ্মসংস্থাপন বিচাৰি নগৰ-চহৰলৈ যাবলৈ বাধ্য হয়। গতিকে চৰাঞ্চলৰ পৰা ‘ব্ৰেইন-ড্রেইন’ৰ এক অবিৰত যাত্ৰা পূৰ্বৰ পৰাই চলি আহিছে। সাতে-পাঁচে মিলি এই অঞ্চলসমূহত শিক্ষাৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস হোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে।
           ২০০৪-০৫ চনত অসমত সম্পাদন কৰা আৰ্থ-সামাজিক সমীক্ষাত প্ৰকাশ পাইছে যে ৰাজ্যখনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক হৈছে ৩৬.৪০ শতাংশ। ইয়াৰে ৬৭.৮৮ শতাংশই হৈছে চৰ-চাপৰি অঞ্চলৰ। এই তথ্যসমূহে স্পষ্টভাৱে প্ৰমাণ কৰে যে অসমৰ চৰ-চাপৰি অঞ্চলৰ সামাজিক, শৈক্ষিক ক্ষেত্ৰৰ লগতে অর্থনৈতিক ক্ষেত্ৰতো উন্নতি একেবাৰে পুতৌজনক। তদুপৰি এই তিনিওটা ক্ষেত্ৰতে মহিলাৰ অৱস্থা পীনত হাঁহ নচৰাৰ দৰে। তেওঁলোকৰ নিজস্বতা বুলিবলৈ একো নাই। অধিকাংশ মহিলাই নাজানে স্বাধীনতা আৰু অধিকাৰ খায় নে পিন্ধে! পুৰণিকলীয়া ধর্মান্ধতাক সম্বল কৰি জীৱন সংগ্ৰাম কৰি থকা এই অঞ্চলত নাৰী সমাজৰ কাৰণে ‘আন্তৰ্জাতিক নাৰী দিৱস’ বা ৮ মার্চ দিৱসৰ বাণী সুদুৰ পৰাহত ।
          যি কি নহওঁক, চৰ-চাপৰি সমূহ হৈছে অসমৰ ভৌগোলিক মানচিত্ৰৰ অখণ্ড অংগ। কিন্তু এই অঞ্চলত বসবাস কৰি থকা মানুহখিনিৰ মাজত শৈক্ষিক আৰু সুস্থ আৰ্থ সামাজিক পৰিৱেশ নাই। তেওঁলোক এতিয়াও মূল
            সুঁতিৰ অসমীয়া সমাজখনৰ পৰা বহু যোজন দূৰত আছে। এনে এক প্রেক্ষাপটত চৰাঞ্চলত নিম্ন উল্লেখিত সমস্যাসমূহ নিৰন্তৰে বৃদ্ধি পাব ধৰিছে।
   ১) নিৰক্ষৰতাই নাৰী সমাজক স্ব-অধিকাৰ আৰু স্বতন্ত্রতা উপভোগ কৰাত প্রতিবন্ধকতা সৃষ্টি কৰিছে। ফলত চৰ-চাপৰি অঞ্চলত (ক) বাল্য বিবাহ, (খ) বহু বিবাহ, (গ) নিয়ন্ত্রনহীন জনসংখ্যা বৃদ্ধিকে আদি কৰি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা জীয়াই ৰখাত ইন্ধন যোগাইছে।
     ২) নিৰক্ষৰতাৰ কবলত পৰি নাৰী সমাজৰ লগতে সামগ্রিকভাৱে চৰ-চাপৰিৰ মানুহখিনিয়ে নানা ধৰণৰ
সোঁচৰা বেমাৰ যেনে – ডায়েৰিয়া, মেলেৰিয়া, যক্ষ্মা, ৰক্তহীনতা, আদি বেমাৰত ভূগিব লগা হয়।
    ৩) এই অঞ্চল সমূহত দেৱানী-মাতব্বৰ নামৰ সৰু-সুৰা স্ব-ঘোষিত এক প্ৰকাৰ শাসক! উদ্ভৱ হোৱা দেখা যায়। তেওঁলোকেই বহুক্ষেত্ৰত স্বয়ম্ভু বিচাৰকৰ ভূমিকাও পালন কৰে। অপ্রিয় হ’লেও সত্য যে এনে বিচাৰক সকলৰ পাল্লাত পৰি বহুতেই প্ৰকৃত ন্যায়ৰ পৰা বঞ্চিত হয়।
   ৪) ব্যক্তিৰ আয় আৰু কৰ্মসংস্থাপনৰ বলত তেওঁলোকৰ সামাজিক স্থান আৰু মৰ্যদা নির্ধারণ হয়। কিন্তু এই ক্ষেত্ৰত চৰ-চাপৰিৰ নাৰী সমাজৰ কোনো অংশগ্রহণ (Participation) নথকা বাবে তেওঁলোকে সর্বাত্মকভাৱে পুৰুষ সকলৰ দ্বাৰা নিয়ন্ত্ৰিত, শোষিত আৰু অত্যাচাৰিত হোৱা দেখা যায়। অর্থাৎ গার্হস্থ্য হিংসাৰ মাত্ৰাও তুলনামূলক ভাৱে এই অঞ্চলত বহু বেছি।
     ৫) ৰাজনৈতিক ভাৱেও চৰ-চাপৰিৰ নাৰী সমাজ সচেতন নহয়। ১৯৯৪ চনৰ অসম পঞ্চায়তীৰাজ আইন অনুসৰি বৰ্তমান সময়ত মহিলা সকলক যি ৫০ শতাংশ সংৰক্ষণৰ সুবিধা দিয়া হৈছে, সেই সুবিধাৰ আওঁতাত নির্বাচিত মহিলা প্রতিনিধি সকলৰ অদক্ষতা আৰু সামাজিক-সাংস্কৃতিক জ্ঞানৰ দৈন্যতাৰ ফলত এই সকলৰ সৰহ সংখ্যকেই নামমাত্র প্রতিনিধিৰ ভূমিকা গ্ৰহণ কৰি আহিছে। বাস্তৱ ক্ষেত্ৰত এনে মহিলা প্রতিনিধি সকলৰ স্বামীয়েই অঘোষিতভাৱে প্রতিপত্তি বিস্তাৰৰ সুযোগ লয়।
                প্রতি বছৰ বিশ্বজুৰি ৪ মার্চ দিনটোক আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। চৰকাৰী আৰু বেচৰকাৰীভাৱে সেই দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰা হয়। এয়া অতি ভাল কথা। আদৰণীয়। এনে আদৰণীয় পদক্ষেপ যদি অগ্ৰাধিকাৰ ভিত্তিত কোনো সংস্থা বা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চৰাঞ্চলৰ দৰে দূর্গম অঞ্চল সমূহত সম্পাদন কৰা হয়, তেন্তে তাৰ পৰা নিশ্চয় ভাল ফলাফল আশা কৰিব পৰা যাব।
            আমি ভাৱো, অসমৰ অন্যতম গতিশীল মুখ্যমন্ত্রীজনে চাহ বাগিছা অঞ্চলৰ দৰে চৰ-চাপৰি অঞ্চলতো ইতিবাচক শৈক্ষিক বাতাবৰণ গঢ়াৰ পদক্ষেপ গ্ৰহন কৰিলে অসমৰ পৰা জনসংখ্যা বিস্ফোৰণ, বাল্য বিবাহ নিয়ন্ত্রণকে আদি কৰি অন্যান্য বহুত সমস্যা সমাধানত ই অনুঘটকৰ কাম কৰিব। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখন অমূল পৰিৱর্তন কৰি চৰাঞ্চলত পৰিস্থিতিৰ সৈতে সংগতি ৰাখি বাস্তৱ ভিত্তিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰিলে, মহিলা সকলৰ সামাজিক, শৈক্ষিক পৰিৱেশ উন্নতি কৰাৰ ব্যৱস্থা গ্ৰহন কৰা প্রয়োজন। অসম কলেজ শিক্ষক সংস্থা আৰু ইয়াৰ সৈতে জড়িত মহিলা কোষেও চৰাঞ্চলৰ নাৰী সমাজৰ বিভিন্ন দিশ সামৰি গৱেষণামূলক কার্যত জড়িত হোৱাৰ অৱকাশ আছে।

References:

১। কহুরা (স্মৃতিগ্রন্থ), বিশেষ চৰ অভিৱৰ্তন, সম্পাদক নাজিৰ উদ্দিন আহমেদ, (১৯৯৭), পৃষ্ঠা নং – ২৬।

২। কহুৱা (স্মৃতিগ্রন্থ), বিশেষ চৰ অভিৱৰ্তন, সম্পাদক নাজিৰ উদ্দিন আহমেদ, (১৯৯৭), পৃষ্ঠা নং – ২৬।

। Socio-Economic Survey Report Directorate of Char Areas Development, Assam, 1992-93

and 2002-03

Scroll to Top