অসমৰ টাংচাসকল
ড. ৰুণজুন শইকীয়া
মুৰব্বী, অধ্যাপক
অসমীয়া বিভাগ
মাৰ্ঘেৰিটা মহাবিদ্যালয়, তিনিচুকীয়া
টাংচাসকল মংগোলীয় নৃগোষ্ঠীৰ লোক ৷ ভাষিক দৃষ্টিকোণৰ পৰা এওঁলোক তিব্বতচীনীয় ভাষাগোষ্ঠীৰ উত্তৰ অসম শাখাৰ ৷ অসমৰ টাংচাসকল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন গাঁৱত সিচঁৰতি হৈ আছে ৷এওঁলোকৰ বহুতো ফৈদ আছে ৷ তাৰ ভিতৰত লুংচা, মোছাং, ৰনৰাং, হাখুম,টিখাক,কিমচিং,থামফাং,লুংফি,লুংৰি,মুকলুম,পাংৱা ইত্যাদি ইত্যাদি ৷এই ফৈদ বিলাকৰ প্ৰত্যেকৰে ভাষা বেলেগ বেলেগ ৷ টাংচাসকলে বসবাস কৰা গাঁওকেইখন-মালৌ পাহাৰ,১নং হঞ্জু,২নং হঞ্জু, চালেকি,মোংকম,ফুলবাৰী,লাকলা,নিংগাম, লেখাপানী, কাম্বা, টিকক, আদি ৷ টাংচাসকলেও চাংঘৰত বাস কৰে ৷ খাদ্য বিশেষকৈ টোপোলা ভাত আৰু সিজোৱা পাচলি,মাছ মাংস ৷মচলা হিচাপে বিভিন্ন পাত ব্যৱহাৰ কৰে ৷ তেওঁলোকেও বোৱা কাপোৰকানি ব্যৱহাৰ কৰে ৷ মহিলাই খোছা(মেখেলা),খুফাক(চাটি মাৰি লোৱা বগা কাপোৰ)আৰু চোলা পৰিধান কৰে ৷ফৈদভেদে সাজপাৰৰো ভিন্নতা আছে ৷ পুৰুষ আৰু মহিলাই নানা ধৰণৰ অলংকাৰ পিন্ধে ৷ এই অলংকাৰবোৰ লোহা, ৰূপ, কড়ি, মুদ্ৰা,হাতীৰ দাঁত,আৰু পাথৰেৰে তৈয়াৰ কৰে ৷ মুদ্ৰাৰে তৈয়াৰী মালাডালক “খিমফতম”বোলে আৰু কমলা ৰঙৰ পাথৰেৰে তৈয়াৰী মালাডালক “লিখাতম”বোলে ৷এওঁলোকে বাহুত লোৰে নিৰ্মিত খাৰু “তিডুং”পিন্ধে ৷পুৰুষসকলে মুৰত বেতৰ টুপী পিন্ধে ৷ এই টুপীত কেতিয়াবা ধনেশ চৰাইৰ পাখি গুজি লয় ৷ অসমৰ টাংচাসকলে বিভিন্ন উৎসৱ পালন কৰে ৷ এইবিলাকৰ ভিতৰত চামফলং ম’ল,ছামফাই ম’ল,ছামৰিং থাট,ছামউইন ম’ল,ৱং হি উইন আদি ৷ তেডা°লোকৰ মুছাং ফৈদে পালন কৰা দুটি উৎসৱ হ’ল চামফলং ম’ল আৰু ৱিহু-কু উৎসৱ ৷ আগতে ৱিহু_-কু ডিচেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰী মাহৰ মাজভাগলৈকে পালন কৰে যদিও এতিয়া ৫জানুৱাৰীৰ দিনটোতে এই উৎসৱ পালন কৰে ৷ এতিয়া যিহেতু তেওঁলোক খ্ৰীষ্টান ধৰ্মাৱলম্বী ,বৰদিনটো সকলোৱে উলহমালহেৰে পালন কৰে ৷ তেওঁলোকৰ মাজত ডেকাচাং আৰু গাভৰুচাঙৰো প্ৰচলন আছিল ৷ তেওঁলোকে নিজা ফৈদৰ মাজত নিজা ভাষা ব্যৱহাৰ কৰে ৷
পূৰ্বতে তেওঁলোকে নানা দেৱ দেৱতাক পূজা কৰিছিল ৷ এতিয়া বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত নকৰা হ‘ল ৷ তেওঁলোকৰ মাজত নানা ধৰণৰ নৃত্য গীতৰ প্ৰচলন আছে ৷ ইয়াৰ উপৰি বিভিন্ন সাধুকথা মুখে মুখে চলি আহিছে ৷ টাংচা সকলৰ প্ৰধান নৃত্যৰ ভিতৰত ৱাৰা,ৱাৰাচি,আৰু চাপলু নৃত্য অন্যতম ৷
অসমৰ টাংচাসকলৰ মাজলৈও ভাষিক আৰু সাংস্কৃতিক সংকট আহিছে ৷ তেওঁলোকো অস্তিত্বৰ সংগ্ৰামত লিপ্ত হব লগা হৈছে ৷
টাংচাসকল থকা মালৌপাহাৰ,হঞ্চু,ৱাৰা আদি অঞ্চলবোৰ বৰ ধুনীয়া , প্ৰকৃতিৰ লীলাভূমি ৷ কিন্ত বৰ দূৰ্গম ৷ বাটপথৰ সুচল ব্যৱস্থা নাই ৷ তথাপি ৱাৰালৈ দুবাৰ গৈছোঁ,ইমান আতিথ্য জীৱনত পাহৰিব নোৱাৰি ৷ দিনকাল ভাল হওক,আকৌ যাম,আপোনালোকো আহিব নাগালেণ্ডৰ নগাসকলতকৈ পৃথক জীৱনশৈলীৰ আমাৰেই ভাইভনীহতঁক চাবলৈ…