শেষ পৃষ্ঠা
(সমাজৰ এগৰাকী সংস্কাৰক তথা অগ্ৰণী আৰু আদৰ্শ ব্যক্তিৰ জীৱন সংগ্ৰামৰ বিষয়ে পঢ়ুৱৈসকলক যৎকিঞ্চিত আভাস দি উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ‘অনুৰণন’ ই-আলোচনীৰ বিশেষ পৃষ্ঠা হিচাপে ‘শেষ পৃষ্ঠা’ সংযোজন কৰা হৈছে। এই সংখ্যাৰ বিশেষ হৈছে প্ৰাক স্বাধীনতা কালৰ নাৰী মুক্তি সংগ্ৰামৰ দূ:সাহসী নেত্ৰী আৰু স্ত্ৰী শিক্ষাৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকীয়ানী।)
'বাটকটীয়া'
নাম আছিল চন্দ্ৰপ্ৰিয়া।।
১৯০১ চনৰ ১৬ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ বজালীৰ দৈশিঙৰী গাঁৱত চন্দ্ৰপ্ৰিয়াৰ জন্ম হৈছিল। মাতৃ গঙ্গাপ্ৰিয়া আৰু পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ। নিজৰ গাঁৱত পঢ়িবলৈ স্কুল নথকাৰ বাবে চন্দ্ৰপ্ৰিয়াই ভনীয়েকৰ সৈতে ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত থাকি নিম্ন বুনিয়াদী শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। প্ৰাথমিক শিক্ষা লাভৰ পিছত চন্দ্ৰপ্ৰিয়াই কঁঠালগুৰি এম. ভি স্কুলত নামভৰ্তি কৰে আৰু পঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে জলপানিও লাভ কৰে। চন্দ্ৰপ্ৰভা আৰু ভনীয়েকৰ অধ্যয়নৰ প্ৰতি থকা গভীৰ আগ্ৰহ আৰু মনোযোগ দেখি তেতিয়াৰ বিদ্যালয় পৰিদৰ্শকে তেওঁলোক দুয়োগৰাকীৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰি দিছিল। শৈশৱৰ চন্দ্ৰপ্ৰিয়াজনীয়ে ‘চন্দ্ৰপ্ৰভা’ নাম লৈ গাভৰুকালৰে পৰা নিজৰ জীৱন অসাধাৰণ ৰূপে গঢ়ি তুলিবলৈ নিজৰ মন মগজু সক্ৰিয় কৰি ৰাখিব পৰা শক্তিৰ অধিকাৰিণী হৈ উঠিল। নিজে শিক্ষিত হ’লেই যে নহ’ব, তাৰ লগতে চাৰিওকাষে থকা ছোৱালীখিনিকো শিক্ষিত কৰিব লাগিব – এই কথাষাৰ চন্দ্ৰপ্ৰভাই ভৱিষ্যত লক্ষ্য হিচাপে স্থিৰ কৰি লৈছিল। মজলীয়া শিক্ষা গ্ৰহণৰ বাবে চন্দ্ৰপ্ৰভা আৰু তেওঁৰ ভনীয়েকে বহুদূৰ খোজ কাঢ়ি ল’ৰাৰ বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হোৱাত কেনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল সেয়া অনুভৱ কৰি চন্দ্ৰপ্ৰভাই অকয়া গাঁৱত ছোৱালীৰ বাবে এখন বিদ্যালয় স্থাপন কৰাৰ চেষ্টাত সফল হৈছিল। বয়সতকৈ বহুখিনি আগবঢ়া চন্দ্ৰপ্ৰভাৰ ব্যক্তিত্বই সৰুৰেপৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। বিদ্ৰোহী স্বভাৱৰ, অন্যায় সহ্য কৰিব নোৱাৰা, নিজৰ কৰ্তব্যৰ প্ৰতি আৰু বিদ্ৰোহী মানসিকতাৰ বাবেই হোষ্টেলত খৃষ্টিয়ান ধৰ্মলৈ পৰিৱৰ্তিত নোহোৱা ছাত্ৰক থাকিবলৈ নিদিয়া দেখি স্কুল কৰ্তৃপক্ষৰ বিপক্ষে মাত মাতিবলৈ সাহস কৰিব পাৰিছিল। চন্দ্ৰপ্ৰভাৰ ব্যক্তিত্ব আৰু আকোঁৰগোজ তথা বলিষ্ঠ যুক্তিৰ ওচৰত হাৰ মানি বিদ্যালয় কৰ্তৃপক্ষই নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছিল। শিক্ষা জীৱন সমাপ্ত কৰি চন্দ্ৰপ্ৰভাই তেজপুৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল। এই সময়ছোৱাত অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰভৃতি মহান লোকসকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছিল চন্দ্ৰপ্ৰভাই। এখেতসকলৰ সান্নিধ্যই চন্দ্ৰপ্ৰভাক ভৱিষ্যত জীৱনৰ বাট বুলাত সহায় কৰিছিল।
নগাঁৱৰ সাহিত্য সভা অধিৱেশনতো চন্দ্ৰপ্ৰভাৰ বিপ্লৱী সত্তাৰ বিষয়ে চৰ্চা হৈছিল। সেই সময়ৰ সভাৰ সভাপতি গৰাকীয়ে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল। কিন্তু আচৰিত ধৰণে সেই সন্মিলনত উপস্থিত থকা মহিলাসকলক বাঁহৰ পৰ্দাৰে পুৰুষসকলৰপৰা পৃথক কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছিল। এনে ধৰণৰ লিংগ বৈষম্য দেখি সাহসী চন্দ্ৰপ্ৰভাই অকলে মঞ্চলৈ উঠি গৈ মহিলাসকলক সেই বাধা অতিক্ৰম কৰি আগুৱাই আহিবলৈ আহ্বান জনাইছিল। তাৰোপৰি ১৯২১ চনত গান্ধীজীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসহযোগ আন্দোলনত যোগদান কৰাৰ লগতে বাকী মহিলাসকলকো এনে কামত জড়িত হ’বলৈ উদ্গনি যোগাইছিল। চন্দ্ৰপ্ৰভাই গাঁৱৰ মহিলাসকলক সংগঠিত কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তেওঁৰ নেতৃত্বত ১৯২৬ চনত অসম প্ৰাদেশিক মহিলা সমিতি গঠন কৰে। এই সংস্থাই মহিলাৰ শিক্ষাৰ প্ৰসাৰ, বাল্য বিবাহ বন্ধ কৰা, মহিলাৰ স্বনিয়োজন, হস্ত আৰু বস্ত্ৰশিল্প আদি বিষয়সমূহক লৈ ইয়াৰ শাখা সমগ্ৰ অসমতে বিয়পাই দিছিল। অসমত পোনপ্ৰথমবাৰৰ বাবে মহিলা সমিতিৰ নেতৃত্বত নাৰী আন্দোলন গঢ় লৈ উঠে। মহিলাসকলে চন্দ্ৰপ্ৰভাই নিৰ্ধাৰণ কৰা আদৰ্শৰ প্ৰতি নিজকে উৎসৰ্গ কৰি নাৰীসকলৰ উত্তৰোত্তৰ উন্নতিৰ কাৰ্যত জড়িত হৈ পৰিছিল। চন্দ্ৰপ্ৰভাই ‘অভিযাত্ৰী’ নামৰ মহিলা সমিতিৰ আলোচনীখন সাত বছৰ ধৰি সম্পাদনা কৰিছিল। ১৯৩৭ চনত চন্দ্ৰপ্ৰভাৰ প্ৰথম উপন্যাস ‘পিতৃভিঠা’ প্ৰকাশ পায়।
নিস্বাৰ্থভাৱে কৰা সমাজৰ উন্নয়নমূলক কাৰ্য, মহিলাৰ উত্তৰোত্তৰ উন্নতিৰ হেতু আগবঢ়োৱা তেওৰ অসাধাৰণ অৱদানৰ বাবে চন্দ্ৰপ্ৰভাক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী সন্মান। ১৯৭২ চনত মৃত্যু হোৱা এইগৰাকী তেজোদ্দীপ্ত নাৰীৰ স্মৃতিসৌধ হিচাপে ভাৰত চৰকাৰে পোষ্টেল ষ্টাম্প প্ৰকাশ কৰে। প্ৰেৰণদায়ক নেত্ৰী, ন্যায়ৰ যোদ্ধা, সমাজ সংস্কাৰক, স্ত্ৰী শিক্ষাৰ প্ৰচাৰক, মহিলা সৱলীকৰণৰ প্ৰতীক, জন্মতেই জাতীয়তাবাদী, জাৱৰ-জোথৰ আঁতৰাই নিজৰ জীৱনৰ বাট উলিয়াই লোৱা আদৰ্শ চৰিত্ৰ চন্দ্ৰপ্ৰভা সঁচা অৰ্থত অসমৰ প্ৰতিগৰাকী মহিলাৰ বাবে পথ প্ৰদৰ্শক আৰু নাৰী মুক্তিৰ বাটকটীয়া।
প্ৰস্তুতকৰ্তা:
ড° বৰ্ণালী ডেকা
সহকাৰী অধ্যাপক
পূৱ কামৰূপ মহাবিদ্যালয়