মই আহিম
দীপশ্ৰী দাস চৰকাৰ
সহকাৰী অধ্যাপিকা
মাৰ্ঘেৰিটা মহাবিদ্যালয়
কেতিয়াবা মই আহিম
ৰ’দৰ চিঠি হৈ
আকাশৰ ঠিকনা লৈ…
কালৰাত্ৰিৰ পিছত নতুন
ঊষাৰ বাতৰি লৈ,
নতুন আশা লৈ…
নিৰস্ত্ৰ নাৰীৰ অস্ত্ৰ হৈ,
জাৰত জুপুকা মাৰি থকা
বৃদ্ধৰ উষ্ণ চাদৰ হৈ ….
বুভুক্ষ শিশুৰ ক্ষুধাৰ অন্ন হৈ….
ইউক্রেন,ইজৰাইলৰ শূণ্য
ৰাজপথত নতুন যীশু হৈ…
ভৰ বাৰিষাত মহাবাহু হৈ,
গঙ্গোত্ৰীৰ পৰা পতিত পাবন হৈ,
প্ৰেমৰ ফল্গুধাৰা হৈ,
মোৰ প্ৰিয় পুৰুষ, প্ৰিয় নাৰীৰ
হৃদয়লৈ কল্ললিনী
তিলোত্তমা হৈ…
নৈ পৰিয়া শিশুৰ হাতৰ
পেঁপাটো হৈ
গধূলি গৰখীয়াৰ বাঁহী হৈ,
অপেক্ষাত ক্লান্ত হোৱা উর্মিলাৰ
বাবে লক্ষণ হৈ….
কৃষ্ণৰ দৰে অৰ্জুনৰ ৰথৰ
সাৰথি হৈ…
মুক্তকেশি পাঞ্চালিৰ বাবে
দুঃশাসনৰ তেজৰ টোপাল হৈ…..
ফুল কুমলীয়া শিশুৰ
আধা ফুটা মাত হৈ,
ৰাধাৰ বাবে কৃষ্ণ হৈ
মীৰাৰ বাবে মাথো প্ৰেম হৈ….
আশাহীন আপাত ব্যৰ্থ
মানুহবোৰৰ হৃদয়ত
মাদাৰ টেৰেছা হৈ…
ধ্ৰুৱতাৰা হৈ,
ক্ষত্ৰীয় নাৰীৰ তৰবাৰি হৈ…
অৱহেলিত, নিস্পেষিতৰ বাবে
প্ৰতিবাদ হৈ…
এটা চিঞৰ হৈ
, ফিৰিঙতি হৈ,
ধূমকেতু হৈ,
একুৰা জুই হৈ…..