আজিৰ চিন্তা
বিনীতা ভূঞা
সহকাৰী অধ্যাপিকা
লামডিং কলেজ
মোবাইল 8134965323
মেইল binitabhuyan@rediffmail.com
এজনী বিশ বছৰীয়া যুৱতী । বুকুত কঢ়িয়াই ফুৰিছে অলেখ সপোন ! সৌন্দৰ্য্যপিপাসু তাই ! নিজকে সজাই ভাল পায় । কলেজীয়া ছাত্রী। পঢ়াত মধ্যমীয়া । সিদিনা লগ পালোঁ । বহু কথা পাতিলো । মোৰ নিজৰ কলেজীয়া দিনবোৰলৈ মনত পৰিল ।
কথাৰ মাজতে তাই মোক ক’লে, “তুমি লাখ টকা দৰমহা পোৱা নহয় ?” হঠাতে তাইৰ অভাৱনীয় প্রশ্ন শুনি ভেবাচেকা খালো । বোলো এই কি কয় ! উত্তৰ দিবলৈ অলপ সময় লাগিল। লাহে লাহে তাইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ ।
কোনে ক’লেনো তোমাক ? মই সুধিলো। তাই গহীনত ক’লে, “জানো মই ! ” মই ক’লো, নাজানা। মই বুজাই দিছো. মন দি শুনা ।
মই কলেজত চাকৰি কৰোঁ। মানুহৰ মুখত কলেজৰ চাকৰি লাখটকীয়া চাকৰি বুলি শুনি তুমি মনতে তেনে ধাৰণা এটা কৰিছা বুলি বুজিছোঁ। বহুতেই কৰে। পিছে আমিবোৰে লাখ টকা পাবলৈ বহু দেৰি লাগে। কিয় কওঁ শুনা। আমিও তোমালোকৰ দৰে পঢ়াশুনা কৰিব লাগে । পৰীক্ষা দিব লাগে, কষ্ট কৰিব লাগে ৷ তাৰ পাছতহে লাখ টকাৰ কথা আহিব । তাইক মৰমেৰে বুজালো । কি বুজিলে নাজানো।
এইবাৰ তাইক সুধিলো “তোমাৰ পঢ়াশুনা কেনে চলিছে ? ” ক’লে, ভাল নহয় । পাঠ্যক্ৰমত ইমান টান টান কথা দিছে। মনতে নাথাকে। পঢ়িবলৈ মনেই নাযায় ! লাখ টকাৰ কথা কোৱা, সপোন দেখা ছোৱালীজনীৰ কথা শুনি চিন্তাত পৰিলো । কি বুলি বুজাম তাকে কিছু সময় ভাবিলো ।
তাৰ পাছত তাইক মৰমেৰে ক’লো, মনত নাথাকিলে কেনেকৈ হ’ব ? টান পালেও পঢ়িবই লাগিব । মনোযোগ দিলে কথাবোৰ সহজ হৈ যাব । ভাল ৰিজাল্ট ন’হলে কেনেকৈ নিজৰ ভৰিত থিয় হ’বা ? লাখ টকা বাদ দিয়া হাজাৰ টকা পাবলৈও কঠোৰ পৰিশ্ৰম কৰিব লাগিব । সপোন দেখা সহজ, বাস্তৱ বহুত কঠিন । প্রায় প্রতি খোজতে প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’বা ! আজিকালি যিহে দিন আহিছে! দিনে দিনে শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি আছে । মন বেয়া নকৰি আত্মবিশ্বাস আৰু একাগ্ৰতাক সঙ্গী কৰি হাতে-কামে লাগি যোৱা । তেতিয়াহে প্রতিযোগিতাৰ মজিয়াত নিজৰ খোপনি পুতিব পাৰিবা । বেচেৰীয়ে লাখ টকাৰ প্ৰশ্নৰ বিনিময়ত এটা বক্তৃতা শুনিবলৈ বাধ্য হ’ল !
নহয়নো কি ? তাইতো বুজি পোৱা নাই বাস্তৱ কিমান কঠোৰ, কিমান নিৰ্মম ! এইটো এটা উদাহৰণ মাত্ৰ।
আজিকালি প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীৰে সপোন, এটা চাকৰিৰ ! চৰকাৰী, বে- চৰকাৰী, স্থায়ী, অস্থায়ীৰ কথা নাই ! এটা চাকৰি তেওঁলোকৰ বাবে জৰুৰী ! উপার্জনখিনি ভৱিষ্যতে কি কামত লগাব তাৰো পৰিকল্পনা তেওঁলোকে কৰি থয় । হয়তো এয়া যুগৰ পৰিবৰ্তন, , কম-বেছি পৰিমাণে মানসিকতাৰো !
আচৰিত লাগে স্বচ্ছল পৰিয়ালৰ কিছু ছাত্ৰ-ছাত্ৰীয়ে পঢ়া সমাপ্ত নহওঁতেই চাকৰিৰ পাছত দৌৰি নিজৰ ভৱিষ্যত নিজে ধ্বংস কৰে । আধা পঢ়ি থকা অৱস্থাত চাকৰিৰ চিন্তাই সিহঁতৰ কোমল মগজুত প্ৰভাৱ পেলায় । কৈশোৰ যৌৱনৰ সন্ধিক্ষণৰ এই কালছোৱা অত্যন্ত স্পৰ্শকাতৰ । সেয়ে অভিভাৱক সকলে এই ক্ষেত্ৰত মনোযোগ দিয়াটো নিতান্তই জৰুৰী । প্ৰয়োজনত শিক্ষকৰ পৰামৰ্শও লোৱা উচিত । কিয়নো সপোন দেখা নৱপ্ৰজন্মক শুদ্ধ বাট দেখুওৱাৰ দায়িত্ব প্ৰতিজন অভিভাৱক, শিক্ষক আৰু সচেতন ব্যক্তিৰ । সিহঁতৰ সপোন যাতে ভাগি নাযায় তাৰ প্ৰতি আমি নজৰ দিয়া জৰুৰী । লাখ টকা এদিন সিহঁতেও পাব যদিহে নিজকে তাৰ বাবে প্ৰস্তুত কৰে। কঠোৰ পৰিশ্ৰম কৰে। দিবাস্বপ্ন দেখিলে ন’হব । স্বপ্নক সাকাৰ কৰিবলৈ মনে-প্রাণে যুঁজিব লাগিব। এই সময়ত অভিভাৱক আৰু শিক্ষক তেওঁলোকৰ কাষত থাকিব লাগিব ।