জোনবিল মেলা অতীত, বৰ্ত্তমান আৰু ভৱিষ্যত- এক বিশ্লেষণ
চন্দনা কোঁচ
সহকাৰী অধ্যাপিকা
সমাজশাস্ত্ৰ বিভাগ, মৰিগাওঁ মহাবিদ্যালয়
এখন বৈচিত্ৰপূৰ্ণ দেশ হিচাপে ভাৰতবৰ্ষ এখন কলা-সংস্কৃতিৰে চহকী দেশ। কলা সংস্কৃতি অবিহনে কোনো সভ্যতা গঢ় লৈ উঠিব নোৱাৰে। গতিকে ভাৰতৰ বিভিন্ন ধৰ্মাৱলৰ্মা ম্বী লোকসকলৰ লগতে অন্যান্য জাতি-জনজাতিৰ অৱস্থানে ভাৰতীয় সংস্কৃতিক চিৰ প্রবাহমান কৰি তুলিছে। তেনেস্থলত ভাৰত তথা অসম ৰাজ্যত তিৱা সকলৰ সাংস্কৃতিক অৱদানো লেখত ল’বলগীয়া। তিৱাসকল অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী। তেওঁলোকৰ নিজস্ব ভাষা, ৰীতি-নীতি, লোকবিশ্বাস, সামাজিক ব্যৱস্থা, গীত-মাত, নৃত্য আদিয়ে অসমক চহকী কৰি ৰাখিছে। সৰহসংখ্যক তিৱা মানুহেই খেতি-বাতি আৰু অন্যান্য কাম-কাজ কৰি জীৱন নিৰ্বাহ কৰে। তেওঁলোক বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোক, যদিও কিছু সংখ্যকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। মহাদেৱ আৰু কেঁচাইখাতী গোসাঁনীক তেওঁলোকৰ আৰাধ্য দেৱ-দেৱী হিচাপে গণ্য কৰা হয়। তিৱাসকলৰ অসমৰ নগাঁও, মৰিগাঁও আৰু কার্বি আংলং জিলাতেই ঘাই বসতি যদিও কামৰূপ জিলাৰ দক্ষিণ-পূৱ অংশত, লক্ষীমপুৰ জিলাৰ কিছু কিছু অঞ্চল আৰু যোৰহাট জিলাৰ তিতাবৰত কিছু সংখ্যক তিৱা লোকৰ উপস্থিতি আছে। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল মতে গোটেই
ভাৰতত তিৱা জনগোষ্ঠীৰ প্ৰায় ৩,৭১,০০০ জন লোক আছে আৰু তিৱা ভাষা ব্যৱহাৰ কৰা জনসংখ্যা হ’ল প্ৰায় ৩৪,৮০০ জন।
অসমৰ ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মতে তিৱাসকল মূলতে দেউৰী জনজাতিৰ পাটৰ গঞাঁ গোত্র বা ফৈদৰ পৰা আহিছে। সেই সময়ত তেওঁলোক বৃহত্তৰ চুতীয়া জনজাতিৰ লগত সন্নিৱিষ্ট আছিল। কিন্তু কালক্ৰমত তিৱা, দেউৰী আৰু চুতীয়া সকলৰ সুকীয়া পৰিচয় গঢ় লৈ উঠিল। ৰাভাদেৱে কৈছে যে “চুতীয়া” শব্দৰ পৰা ‘চু’ গুচাই দিয়াত তীয়া/তিৱা শব্দটো উৎপন্ন হ’ল। আনহাতে “লালুং” শব্দৰ উৎপত্তিৰ কথা এতিয়ালৈ ইতিহাসবিদসকলে থিৰাং কৰি ক’ব পৰা নাই। টাই ভাষাত লালুং শব্দৰ অৰ্থ হ’ল “পশ্চিমৰ দিশলৈ প্ৰব্ৰজন”। ইয়াৰ দ্বাৰা এইটো কথা ক’ব পৰা যায় যে তিৱাসকলে যেতিয়া ব্ৰহ্মপুত্র নদী অতিক্ৰম কৰি পশ্চিমৰ দিশেৰে নগাঁওলৈ আগবাঢ়ি আহিছিল তেতিয়াই তেওঁলোকে কাৰ্বিসকলক ৰ্লগ পাইছিল আৰু তেতিয়াৰে পৰাই তেওঁলোকে কার্বিআংলং আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলত বসতি কৰিবলৈ ধৰিলে। সেইবাবে মন কৰিবলগীয়া যে তিৱা আৰু কাৰ্বি দুয়োজনজাতিৰে সামাজিক প্রথা, ৰীতি-নীতি আদিৰ যথেষ্ট সাদৃশ্য আছে। অতীজত অসমৰ বিভিন্ন সময়ত ভিন ভিন ৰজাৰ শাসন আছিল। তাৰেই মাজৰ অন্যতম আছিল গোভা ৰাজ্য। এই গোভা ৰাজ্যৰেই অন্যতম বৈশিষ্ট্য- জোনবিল মেলা। জোনবিল মেলা বুলিলেই মৰিগাঁৱৰ জনসাধাৰণ বিশেষকৈ তিৱাসকলৰ মন- প্রাণ নাচি উঠে। এই মেলাই তিৱাসকলৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই আহিছে। জোনবিল মেলা হ’ল অসমৰ পাহাৰ-ভৈয়ামৰ মানুহৰ মাজত সম্প্রীতি, ভাতৃত্ববোধ তথা সামাজিক আৰু অর্থনৈতিক সম্পর্ক অক্ষুণ্ণ ৰখাৰ স্বাক্ষৰ স্বৰূপ। এই মেলাখন প্ৰতি বছৰে অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত জাগীৰোডৰ পৰা প্ৰায় ৩ কিলোমিটাৰ পূৰ্বে জোনবিল নামৰ বিলখনৰ পাৰত অনুষ্ঠিত হয়। এই মেলাখন কেৰ সংক্ৰান্তিৰ পৰৱৰ্তী সপ্তাহৰ বৃহস্পতি, শুক্র আৰু শনিবাৰে তিনিদিনীয়া কাৰ্যসূৰ্যচীৰে অনুষ্ঠিত কৰা হয়। মেলাখনৰ শুভাৰম্ভৰ পূৰ্বে জাগীৰোডত অৱস্থিত দেওশাল শিৱ মন্দিৰত পূজা-অৰ্চনা কৰা হয়। ইয়াৰ পিছতেই গোভা ৰজাই মেলাস্থলীত পতাকা উত্তোলন কৰি মেলাৰ আৰম্ভণী ঘোষণা কৰে।
“জোনবিল” নামৰ আঁৰত বিভিন্ন জনশ্ৰুতি শুনিবলৈ পোৱা যায়। এক জনশ্ৰুতি মতে এবাৰ গোভা ৰাণীয়ে উক্ত বিলখনত নৌকাবিহাৰ কৰি আছিল। তাৰ মাজতেই হঠাতে তেওঁ ডিঙিত পিন্ধি থকা জোনবিৰি মণিধাৰ বিলৰ পানীত পৰি যায়। তেতিয়াৰ পৰাই সকলোৱে সেই বিলখনক জোনবিল বুলিবলৈ আৰম্ভ কৰে। আন এক জনশ্ৰুতি মতে জোনসিং নামৰ ৰজাজনৰ নামকেই আধাৰ হিচাপে লৈ এই বিলৰ নাম জোনবিল বুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। অন্য এক জনশ্ৰুতি মতে গোভা ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাই এদিন ৰাণীৰ সৈতে বিলৰ পাৰত নৈসর্গিক দৃশ্য উপভোগ কৰি থাকোতে বিলখনৰ আকাৰ কাঁচিজোনৰ দৰে দেখি আনন্দত আত্মহাৰা হৈ বিলখনৰ নামটো জোনবিল বুলি ঘোষণা কৰিলে।
এই জোনবিল মেলাৰ মূল আকৰ্ষণৰ্ষ হৈছে ইয়াত অনুষ্ঠিত হোৱা বিশ্ববিখ্যাত “বিনিময় প্রথা”। অতীজৰ সমাজত যেতিয়া মুদ্রা অথবা টকা-পইচাৰ আবিষ্কাৰ আৰু প্ৰচলন হোৱা নাছিল, তেনেসময়ত মানুহে বস্তুৰ সলনি বস্তুৰ আদান-প্ৰদান কৰিছিল। মৰিগাঁৱত অৱস্থিত এই জোনবিল মেলাই এতিয়াও সেই অতীজৰ সংস্কৃতিৰ শিপাডাল খামুচি ৰাখিছে। এই বিনিময় প্রথাৰ প্ৰক্ৰিয়াত পাহাৰৰ পৰা অহা ভিন্ন জনগোষ্ঠীৰ লোক যেনে – খাচী, জয়ন্তীয়া, গাৰো, কাৰ্বি আদিয়ে ভৈয়ামৰ মানুহৰ লগত নানান সামগ্ৰীৰ আদান-প্ৰদান কৰে। মেলাৰ আৰম্ভণীৰ দিনা বৃহস্পতিবাৰে পাহাৰৰ পৰা নামি অহা লোকসকলে (মামা-মামী) মেলাস্থলীত সৰু-সুৰাকৈ জুপুৰী নিৰ্মাণ কৰি বাহৰ পাতে। পিছদিনা শুক্রবাৰে পুৱতি নিশাতেই পাহাৰৰ মামা-মামীসকলে পাহাৰৰ পৰা লৈ অনা থলুৱা সা-সামগ্ৰী আৰু শিল্পৰ সৈতে ভৈয়ামৰ মানুহে অনা থলুৱা সামগ্ৰীৰ সাল- সলনি কৰে। পাহাৰৰ পৰা সাধাৰণতে বিনিময় কৰিবলৈ অনা সামগ্ৰীবোৰ হ’ল – আদা, কচু, হালধি, দালচেনি, কোমোৰা, পাহাৰীয়া আলু, লাওঁ, জলকীয়া, জালুক, ঝাৰু, ধূনা, লা আৰু বাঁহেবেঁতেৰে নিৰ্মিত সা-সজুঁলি ইত্যাদি। আনহাতে ভৈয়ামৰ পৰা বিনিময় কৰিবলৈ নিয়া সামগ্ৰীবোৰ হ’ল – কেঁচা মাছ, শুকান মাছ, পিঠা-পনা, জা-জলপান, বিভিন্ন লাৰু ইত্যাদি। এনে এক অদ্বিতীয় তথা আপুৰুগীয়া সংস্কৃতি নিজৰ স্ব-স্বক্ষে দৰ্শন কৰিবলৈ অসম, ভাৰত তথা দেশ- বিদেশৰ মানুহ মেলালৈ ধাৱমান হয়। বিনিময় প্রথাৰ দিনাই মেলাখনৰ এফালে কুকুৰা যুঁজ আৰু জোনবিলত পৰম্পৰাগতভাৱে চলি অহা সামূহিক মাছ মৰা পৰ্বও অনুষ্ঠিত হয়। মাছ মাৰি হোৱাৰ পিছত ৰজাকে আদি কৰি অন্যান্য বিষয়ববীয়া সকলোৱে শ’ল মাছেৰে ভোজ-ভাত গ্ৰহণ কৰে। এই মেলাতেই গোভা ৰজাৰ ৰাজ দৰবাৰ বহে আৰু তাতেই কৰ সংগ্ৰহ কৰা পৰ্বও অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতেই মেলাস্থলীত থলুৱা গীত-মাত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। এই মেলাত বিভিন্ন ধৰণৰ সামগ্ৰীৰো বেচা-কিনা কৰা হয়। যেনে – ঘৰুৱা আচবাব, সাজ-পোছাক, হস্তশিল্প, দৈনন্দিন প্রয়োজনীয় সামগ্ৰীৰ লগতে বিভিন্ন খাদ্য সামগ্রী তথা পৰম্পৰাগত সুৰাৰ বিপনীও দেখা যায়। ইয়াৰ লগতে মেলাস্থলীত হৰেক ৰকমৰ মনোৰঞ্জনধর্মী খেলা- ধূলাৰ প্ৰদৰ্শনেৰ্শ মেলাখনৰ শোভাবর্ধনর্ধ কৰে।
জোনবিল মেলাখন অতীজৰে পৰা চলি আহিছে আৰু ব্যতিক্রমী বিনিময় প্রথাৰ প্ৰচলনে বিশ্ববাসীৰ আগত অসম তথা ভাৰতৰ বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ উমান দিছে। কিন্তু চিন্তনীয় বিষয় হ’ল যে এনে এক গুৰুত্বপূৰ্ণ সংস্কৃতিক প্রবাহমান কৰি ৰখা এই মেলাই আজিকোপতি চৰকাৰ তথা মন্ত্ৰী- আমোলাৰ পৰা যিমানখিনি গুৰুত্ব পাব লাগিছিল সেইখিনি এতিয়ালৈ পোৱা নাই । প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰত চৰকাৰে চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰিছে। তাৰ ভিতৰত তিৱা স্বায়ত্ব শাসিত পৰিষদক ১৯৯৫ চনত তিৱাসকলৰ সামাজিক, অর্থনৈর্তিক, শৈক্ষিক, জনগোষ্ঠীয়, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক উন্নয়ণৰ বাবে গঠন কৰা হৈছিল। কিন্তু পৰিতাপৰ বিষয় যে এখন তিৱা স্বায়ত্বশাসিত থকাৰ পিছতো মৰিগাঁও জিলাত জোনবিল মেলাক লৈ পৰ্যটনৰ্যমুখী চিন্তাধাৰা আৰু পৰ্যটনৰ সু-ব্যৱস্থা গঢ় লৈ উঠা নাই। ইয়াৰ মুখ্য কাৰণ হ’ল ক্ষমতালোভী কিছু বিষয়ববীয়া আৰু গোভা ৰজাৰ পৰ্যটনমুখী লগতে পৰিৱৰ্তনমুখী নেতৃত্বৰ অভাৱ। এই কথাৰ জলন্ত সাক্ষী হ’ল গোভাৰাজ্যৰ স্মৃতি কঢ়িওৱা বিভিন্ন অস্ত্র-শস্ত্ৰ থকা সংগ্ৰহালয়ৰ পুতৌজনক অৱস্থা। আনহাতে দেওঁশাল শিৱ মন্দিৰতো ক্ষমতাকেন্দ্রিক বিবাদ দেখা পোৱা গৈছে। জোনবিলখনত মাছ-পুঠিৰ অভাৱ আৰু লগতে জোনবিলৰ মাটিকালিও প্রাকৃতিক কাৰণ আৰু মানৱসৃষ্ট কাৰণৰ বাবে কমি আহিছে। তদুপৰি অন্য এক উদ্বেগজনক চিন্তা হ’ল জোনবিলৰ নিচেই কাষতেই এক চিমেন্ট ফেক্টৰীৰ প্ৰতিষ্ঠান স্থাপিত কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ল। কাৰণ চিমেন্ট ফেক্টৰীয়ে প্ৰত্যক্ষ তথা পৰোক্ষভাবেও জোনবিলক ক্ষতিগ্ৰস্ত কৰিব। যাৰফলত বিলখনত থকা জলজীৱবোৰৰ লগতে বিভিন্ন চৰাই-চিৰিকতি তথা পৰিভ্ৰমী পক্ষীবোৰেও অদূৰ ভৱিষ্যতত বিপদৰ সন্মুখীন হ’ব। অন্য এক মন কৰিবলগীয়া বিষয় হ’ল যে জোনবিলৰ পাৰত যদি এক অতিথিশালা নিৰ্মাণ কৰা যায় তেনেহ’লে বিভিন্ন পর্যটকে দূৰ-দূৰণিত বাহৰ পতাৰ ফলত যাতায়তৰ যি অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় সেইখিনি অসুবিধা আঁতৰাব পৰা যাব। যাৰ ফলত তেওঁলোকে সেই অতিথিশালাতেই বাহৰ পাতি পুৱতি নিশাতেই হোৱা বিনিময় প্রথাক উপভোগ কৰাত কোনো বাধাৰ সৃষ্টি নহ’ব। গতিকে বর্তমান সময়ত জোনবিল মেলাক লৈ কৰা এই বিশ্লেষণৰ পৰা এই কথা ক’ব পাৰি যে জোনবিল মেলাকেন্দ্ৰিক ৰাজনীতি আৰু লাভালাভৰ দ্বাৰা যিসকল মানুহ লাভান্বিত হৈ আহিছে তেওঁলোকে কেৱল নিজৰেই উন্নতি কৰিছে। কিন্তু তেওঁলোকে নিজৰ লগতে সমগ্ৰ তিৱা জনজাতিৰ সংবাঙ্গীন উন্নতিৰ হকে হাত আগবঢ়োৱা উচিত। বৰ্তমান সময়ত মৰিগাঁও জিলাৰ বিধায়ক এজন নিজেই তিৱা জনজাতিৰ লোক হোৱাৰ সুবাদতে তেওঁ নিজেই দেহে-কেঁহে লাগি, তিৱা স্বায়ত্ব পৰিষদৰ সৈতে লগ হৈ মৰিগাঁৱৰ জোনবিল মেলাক এক সুন্দৰ পৰ্যটনৰ্যস্থলীলৈ উন্নীত কৰাৰ পদক্ষেপ গ্রহণ কৰিব পাৰে আৰু তাত সাংস্কৃতিক আৰু অর্থনৈতিক বিকাশ ঘটোৱাত সহায় কৰিব পাৰে যাৰ ফলত জোনবিল মেলাৰ লগতে মৰিগাঁও জিলাৰো সংবাঙ্গীন বিকাশ ঘটাৰ থল আছে।