শিশু আৰু অভিভাৱক: কিছু কৰণীয় কিছু চিন্তনীয়

ড° ববিতা দাস
সহযোগী অধ্যাপক, শিক্ষা বিভাগ
পূব কামৰূপ মহাবিদ্যালয়

আমি অভিভাৱক বা ঘৰ আৰু সমাজৰ জেষ্ঠ সকল সদায়েই শিশুসকলৰ লালন-পালন,ডাঙৰ-দীঘল, আদৰ-যত্ন, নিৰাপত্তা প্ৰদান, খেলা-ধূলা আদি বিভিন্ন কামৰ সৈতে জড়িত হওঁ। অৰ্থাৎ তেওঁলোকৰ প্ৰতি  আমি সকলোৱেই  দ্বায়িত্বশীল। শিশুৰ যত্ন আৰু বিকাশৰ বাবে সকলোৱে কষ্ট আৰু চিন্তা কৰে। কিন্তু বাস্তৱত দেখা যায় যে, অভিভাৱকে বিচৰা ধৰণে বা ভবা ধৰণে শিশু এটিৰ বৃদ্ধি বা বিকাশ নহয়। বিভিন্ন বৈশিষ্ট্য বা ভিন ভিন মানসিকতৰে  শিশুবোৰ ডাঙৰ হোৱা দেখা যায়।কোনোজন জেদী, কোনোজন ভযাতুৰ, কোনো এজনৰ আত্মবিশ্বাস নাই, কোনজনৰ সাহসৰ অভাৱ।কোনোজনে কথা ক’বলৈ লাজ কৰে, কোনোজন আকৌ কথা চহকী, কোনোজন নিৰাপত্তাহীনতা ত ভোগে, কোনো এজনে আকৌ কাৰো সৈতে মিলিব নোৱাৰে।কোনো কোনো হীনাত্মীকা/উচ্চাত্মিকা ভাবেৰে ভৰপূৰ। সেয়ে অপসমাযোজনৰ বলি হয় এওঁলোক। তাৰ বিপৰীতে কিছু শিশুক সাহসী, যিকোনো পৰিস্থিতিতে নিজক সমাযোজন কৰিব পৰা, আত্মবিশ্বাসী, স্বাধীন চিন্তাৰে পৰিপুষ্ট, ভয়ক প্ৰশ্ৰয় দিব নোখোজা, পৰিপক্ক দেখা পোৱা যায়। সকলোৱে মনত ৰখা উচিত যে, আমি ডাঙৰবোৰক আৰু ওচৰে পাজৰে থকা আন ব্যক্তি বা পৰিবেশ, বিষয়বোৰক শিশুৱে অনুকৰণ কৰি অনানুস্থানিক ভাৱে শিকিবলৈ আৰম্ভ কৰে। সেয়ে সৰু সৰু কিছুমান কথা অভিভাৱকসমূহে মন দিব লাগে। শিশুৰ ইচ্ছা-আগ্ৰহ, ৰুচি, আনন্দ , দুখ -সুখ আদিৰ প্ৰতিও অভিভাৱক সকলে মন দিব লাগে। শিশুৰ মান-অপমানৰ প্ৰতিও সমানেই লক্ষ্য ৰাখিব লাগিব। আৰু এনেধৰণৰ সৰু সৰু কথা বা দিশবোৰ ৰ প্ৰতি যদি মন দিয়া যায়, তেনেহ’লে শিশুৱে সুন্দৰ ভাৱে নিজকে বিকাশ কৰাৰ পথ সূচল হ’ব পাৰে। শিশুৰ বাবে প্ৰয়োজনীয় বিশেষ মনকৰিবলগীয়া আৰু গুৰুত্ব দিবলগীয়া দিশ কেইটামান  এনেধৰণে বিশ্লেষণ কৰিব পৰা যায়—

১/ আন  শিশুৰ সৈতে তুলনা:

নিজৰ শিশুক আনৰ শিশুৰ সৈতে তুলনা কৰেনে? সকলোৱে কৰে। কিমান উচিত বাৰু..? আমি কেতিয়াবা ভাবি চাওঁনে..! একে আষাৰতে কব পাৰি যে, শিশুক আনৰ লগত তুলনা কৰিব নাপায় কেতিয়াও নকৰিব। কাৰণবোৰ.

ক)  কাৰণ আমি প্ৰতিগৰাকী ব্যক্তিয়েই বেলেগ। মাত্ৰ দেখাতেই বেলেগ, তেনে নহয় কিন্তু!.আমাৰ ৰুচি, অভিৰুচি,চিন্তা, ধাৰণা,মনোভাৱ, দৃষ্টিভঙ্গী,সমৰ্থতা, দক্ষতা ইত্যাদি বোৰ জানো একে হয়..? কেতিয়াও হ’ব নোৱাৰে..। হয় , কিছু মিল থাকিব পাৰে। তেনেহ’লে কিয় আমি আমাৰ শিশুক আনৰ নিচিনা নহ’লে তুলনা কৰি মনোকষ্ট দিব লাগে..? সিহঁতে দুখ পায় খং উঠে আৰু সেই বাবে জেদী হ’ব পাৰে।

খ) শিশুৰ মনত হীনমন্যতাৰ জন্ম হয়, আত্মবিশ্বাস কমে। ভাৱে অমুকহে মোতকৈ ভাল, তমুকেহে পাৰে। মই নোৱাৰোঁ। এবাৰ এইভাৱে ঠাই  ল’লে উলিয়াই পঠিওৱা বৰ টান।

 গ) মন দূৰ্বল হ’ব পাৰে, সাহস কৰিব নোৱাৰা হ’ব পাৰে । মন দূৰ্বল হ’লে স্বাভাৱিকতে  শৰীৰো দূৰ্বল হ’ব পাৰে বা অসুখীয়া হ’ব পাৰে।

তুলনা নকৰি কি কৰিব পাৰি?

যদি আনৰ ল’ৰা ছোৱালীয়ে বেছি ভাল কাম কৰাৰ সম্পৰ্কে আপোনাৰ ল’ৰা ছোৱালীৰ আগত প্ৰকাশ কৰি সিহঁতকো তেনে হ’বলৈ ক’বলৈ বিচাৰে বা কেতিয়াবা কৰিবলগীয়া হয়,তেনেহ’লে তুলনা কৰাৰ বিপৰীতে  সিহঁতৰ অমুকে ভাল ৰিজাল্ট কৰিলে…”আমাৰ বাবাই/মাইনা ও কৰিব  অথবা বেলেগ কিবা গুণ থাকিলে সেইখিনিকে অলপ বেছিকৈ প্ৰসংশা কৰি আনৰ যে সেই গুণ নাই তাকেই প্ৰকাশ কৰক। দেখিব শিশুটিৰ মুখ খন উজ্জল হৈ পৰিছে। সিহঁত সাহসী হ’ব, আত্মবিশ্বাসী হ’ব ।

২/ শিশুৰ পঞ্চনেন্দ্ৰিয় আৰু কৰণীয়:

শিশুৰ যত্ন আৰু বিকাশৰ  বাবে সকলোৱে কষ্ট আৰু চিন্তা কৰে। মন কৰিবলগীয়া কথাবোৰ হ’ল , জ্ঞান  লাভ কৰিবলৈ অতি প্ৰয়োজনীয় শিক্ষা বা অভিজ্ঞতা খিনি শিশু এটিয়ে পঞ্চনেন্দ্ৰিয়ৰ যোগেদি বহিৰ্জগতৰ সৈতে সংযোগ কৰিহে আহৰণৰ কৰিবলৈ সক্ষম হয়। সেয়েহে শিশুৰ চকু, কাণ, নাক, জিভা, ছাল এই ইন্দ্ৰিয় কেইটাৰ উপযুক্ত বিকাশৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু লগতে এই পঞ্চনেন্দ্ৰিয়ৰ প্ৰশিক্ষণ দিব লাগে। কাৰণপঞ্চনেন্দ্ৰিয় হৈছে এজন ব্যক্তিৰ জ্ঞানৰ দুৱাৰ – খিৰিকি স্বৰূপ। প্ৰশিক্ষণ বুলি বেলেগ একো নাই। মাথো প্ৰয়োজনীয় সঞ্চালন। যেনে-

  • চকুৰ বাবে দুৰত্ব তথা হাত অাৰু ভিন্ন অংগৰ সৈতে সমন্বয়,
  • কানৰ বাবে শব্দৰ সঞ্চালন, ভিন্ন শব্দৰ ব্যৱহাৰ, প্ৰয়োগ, উচ্চ, নিম্ন প্ৰাবল্যৰ শব্দৰ সৈতে, ভিন্ন ধ্বনিৰ সৈতে চিনাকী কৰাই দিয়া বা প্ৰয়োগৰ  বাবে ধেমালীৰ চলেৰে প্ৰশ্ন সোধা
  • নাকৰ ঘ্ৰাণ শক্তি শক্তিশালী কৰা  বাবে বিভিন্ন গোন্ধৰ সৈতে পৰিচয় কৰাই দিয়া। আৰু সেইবোৰৰ অনুশীলন কৰোৱা আৰু ধেমালীৰ চলেৰে তাক পৰীক্ষা কৰা চিনাকী আৰু প্ৰয়োগৰ প্ৰশিক্ষণ
  • চালৰ জৰিয়তে স্পৰ্শৰ অনুভুতিবোৰ ৰ উমান দিবলৈ চেষ্টা কৰোৱা।ছালৰ বাবে শীত, তাপ, মিহি, খহতা, টান, কোমল, ঠাণ্ডা, গৰম ইত্যাদি খেলৰ জৰিয়তে শিকোৱা কামবোৰ অন্যতম
  • পঞ্চনেন্দ্ৰিয়ৰ অন্যতম জিভাৰ টেঙা, কেঁহা, মিঠা, নিমখীয়া, তিতা আদি সোৱাদৰ অভিজ্ঞতা শিকোৱা আৰু তুলনা কৰোৱাব লাগে

৩/ শিশুৰ আবেগ, বিকাশ আৰু আমাৰ কিছু কৰণীয়:

শিশু অৱস্থাত প্ৰথমতে মাত্ৰ তিনিটা প্ৰধান আৱেগ স্পষ্ট ভাৱে আমি দেখো বা অনুভৱ কৰিব পাৰোঁ। সেয়া হৈছে—–

  • মৰম বা ভালপোৱা
  • খং বা ক্ৰোধ
  • ভয়

এই কেইটা আৱেগেৰে শিশুৱে যিকোনো কামৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কথা হ’ল আৱেগ কেইটাৰ কেনেধৰণে যোগাত্মক  বিকাশ ৰ লগতে নিয়ন্ত্ৰণ কৰোৱাৰ ব্যৱস্থা কৰিব পৰা যায়। সকলোৱে জানো যে, আৱেগ সুস্থভাৱে পৰিচালনা আৰু নিয়ন্ত্ৰণ নকৰিলে ই আমাক বিপদত পেলাব পাৰে। সেই বাবে শিশু অৱস্থাৰ পৰাই কিছুমান কাম আমি কৰিব লাগে আৰু কিছু তেওঁলোক ৰ হতুৱাইও কৰাব লাগে। যেনে শিশুৰ খং উঠিলে ডাঙৰ ৰ প্ৰতিক্ৰিয়া নৰম হ’ব লাগে যাতে শিশুৰ খং কমি আহে। শিশুক ভয় খুৱাব নালাগে। ভয় যদি স্থায়ী হয়, তেতিয়া শিশুৰ আত্মবিশ্বাস গঢ়ি উঠাত বাধাপ্ৰাপ্ত হ’ব পাৰে।

ইয়াৰ পিছত শিশুৰ কেইটামান দিশত অধিক গুৰুত্ব দিব লাগে। সেয়া হ’ল-

১.স্বাধীনতা

২.নিৰাপত্তা

৩.উপযুক্ত সন্মান

৪.আৱেগিক সমৰ্থন

৫.মৰম আৰু ভালপোৱা।

শিশুক কাম কৰিবলৈ যাওঁতে বা শিকিবলৈ যাওঁতে কেতিয়াও বাধা দিব নালাগে। দিলে আৱেগিক বাধাৰো সৃষ্টি হ’ব পাৰে। যাৰ বাবে শিকা প্ৰক্ৰিয়াত জটি পৰিবও পাৰে।

৪/ স্বাধীনতাৰ প্ৰয়োজনীয়তা:

শিশুক সকলো ধৰণৰ খেল ধেমালি কৰাৰ ক্ষেত্ৰত, কাম আদি কৰোতে বা কৰাওঁতে স্বাধীনতা দিয়াৰ প্ৰয়োজন। যদি তাৰ সলনি বাধা আৰোপ কৰা হয়, তেনেহ’লে শিশুৰ খেলৰ আনন্দ  অথবা শিকা কাৰ্যত ব্যাঘাত জন্মে। বেছি বাধা পালে কেতিয়াবা শিকা কাৰ্য ৰুব্ধ হৈ যোৱাৰো আশংকা থাকে। এই কথাবোৰ চিন্তণীয়! সেয়ে সকলো জেষ্ঠলোক এই দিশত সাৱধান হোৱা উচিত।

৫/ নিৰাপত্তাৰ প্ৰয়োজনীয়তা:

শিশুৱে নিৰাপত্তা বিচাৰে আৰু সেই নিৰাপত্তা অভিভাৱকে দিয়া উচিত। মাত্ৰ শিশুৱে বিচাৰে বাবে নহয়, সুস্থ ‍আৰু সম্পূৰ্ণ  বিকাশৰ বাবে নিৰাপত্তা খুবেই প্ৰয়োজন। সেইবাবে শিশুক কোনো ধৰণে চাপ দিব নালাগে।সেয়া শাৰীৰিক বা মানসিক যিয়েই নহওঁক লাগিলে। অন্যথাই শিশুৰ বিকাশত বাধা আহিব পাৰে। সমৰ্থন এটা উপায় যাৰদ্বাৰা শিশুৱে নিৰাপদ অনুভৱ কৰে। সেয়ে শিশুক আকোঁৱালি ধৰি মৰম কৰা, পিঠি বা কান্ধত হাত ৰাখি নিৰাপদ অনুভৱ কৰাব লাগে, যে তেওঁৰ লগত আপুনি আছে।

 ৬/ উপযুক্ত সন্মান:

সন্মান মাথো ডাঙৰকেই কৰিব লাগে তেনেকুৱা নহয়। শিশুকো সন্মানৰ প্ৰয়োজন। তেওঁলোকৰ নিজৰ অস্তিত্ব, নিজস্বতা, আত্মসন্মান ৰক্ষা, আদি বুজি পাবলৈ তেওঁলোক সন্মান কৰিব লাগে। তেওঁলোকৰ কামৰ প্ৰসংশা কৰিব লাগে। কিবা কথা  তেওঁলোকে ভুলকৈ কৰিলে বা ক’লে মৰম আৰু যুক্তিৰে সেয়া ভুল বুলি পতিয়ন নিয়াব লাগে। ধমক দি, গালি পাৰি নহয়। তেতিয়া সন্মান অনকো তেওঁলোকে দিবলৈ শিকে।

৭/ আবেগিক সমৰ্থন:

শিশৰ আৱেগক গুৰুত্ব দিব লাগে। কাৰণ বহু দুখ, জেদ তেওঁলোকে খঙেৰে প্ৰকাশ কৰে। তেতিয়া আমাৰ ডাঙৰবোৰেও খঙেৰেই প্ৰতুত্তৰ দিয়ে। সেয়া উচিত নহয়। শিশুৰ মনৰ কথাখিনি অনুধাৱন কৰি তেওঁলোকৰ আবেগক সমৰ্থনহে কৰা উচিত। দুগৰাকী ডাঙৰ ব্যক্তিয়ে কথা পাতি থাকিলে শিশুৱে খিং খিঙাই থাকে। সেয়া শিশুগৰাকীয়ে নিজক অৱহেলা কৰা বুলি ভাবি কৰা প্ৰতিক্ৰিয়াহে। আমি আকৌ দিগদাৰী দিয়া বুলি শিশুগৰাকীক ধমক দিয়াটো কেতিয়াও উচিত নহয়। তেনেধৰণে আন আৱেগিক  পৰিস্থিতিটো শিশুক সমৰ্থন দিব লাগে।

৮/ মৰম আৰু ভালপোৱা:

শিশুৰ আটাইতকৈ প্ৰয়োজনীয় হৈছে মৰম আৰু ভালপোৱা। যাৰ অবিহনে শিশু অন্ত্যন্ত জেদী, অপসমাযোজনশীল, অপৰাধপ্ৰৱণ হৈ উঠিব পাৰে।  বৰ্তমানৰ অপৰাধী ব্যক্তি এজনৰ আঁৰত শৈশৱৰ মৰম ভালপোৱাৰ পৰা বঞ্চিত শিশু  এগৰাকী হ’ব পাৰে। সেয়ে শিশুক যিমানখিনি পাৰি মৰম দিয়ক। ভালপোৱাৰে ওপচাই ৰাখক।

ঘৰ এখনৰ শিশুৰ প্ৰতি যথেষ্টখিনি কৰণীয় থাকে। তাৰ ভিতৰত শিশুৰ স্বাস্থ্যৰ  বাবে পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰা, সূচলভাৱে বায়ু চলাচল কৰিব পৰা তথা ৰ’দঘাই বাসস্থানৰ সুবিধা দিয়াৰ পৰা মৰম চেনেহৰ বান্ধোনেৰে আত্মীয়তা গঢ়ি তোলা, সমৰ্থন কৰা ইত্যাদি ইত্যাদি । ইয়াৰোপৰি মূল্যবোধ গঠনৰ ক্ষেত্ৰত অভিভাৱকসকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত সাৱধনতা বাঞ্চনীয়। উদাহৰণ স্বৰূপে অভিভাৱক সকলে শিশুক যিবোৰ কাম  কৰিবলৈ বাধা আৰোপ কৰে, তেনেবোৰ কাম যেন ভুলতেও নিজে নকৰে। এনে নকৰিলে শিশুৱে কোনটো শুদ্ধ বা কোনটো অসুদ্ধ বা কোনটো মানি চলিব লাগে কোনটো নালাগে তাকে লৈ দোধোৰ মোধোৰত পৰে। শিশুৱে এনেকুৱা অৱস্থাত ডাঙৰ বোৰে কৰা কামকেই শুদ্ধ বুলি মানি ল’ব বিচাৰে।  চিঞৰি চিঞৰি কথা কোৱা অভিভাবকৰ সন্তানে ভাবি লয় যে, সেয়া গ্ৰহণযোগ্য আচৰণ। গতিকে এই কথাবোৰ বৰ চিন্তনীয়। আমি অভিভাৱকবোৰ অলপ  সাৱধান আৰু সচেতন  হ’লে নিশ্চয় আমি বিচৰা শিশুগৰাকীক ডাঙৰ দীঘল কৰিবলৈ সুবিধা হ’ব। শিশুসকলক শিশু হিচাবে গ্ৰহণ কৰি তেওঁলোকৰ মনোদৈহিক দিশবোৰ অনুধাৱন কৰি মাথো তেওঁলোকৰ মাজত থাকক। দেখিব, একো অসুবিধা নোহোৱাকৈ শিশুগৰাকী সৰ্বাঙ্গ সুন্দৰ ভাবে বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে।

Scroll to Top