চক্ৰবেহু

দীপাংকৰ দাস
সহকাৰী অধ্যাপক
শিক্ষা বিভাগ, দুধনৈ মহাবিদ্যালয়

 

(ক)
সন্মূখৰ আকাশত পক্ষীকুলৰ উৰুলিৰ মাজেৰে যেন
লাজে লাজে ওলাই আহিছে
ন-দিনৰ নতুন আলোড়ন,
আকৌ এটি দিন,আকৌ এখন সংগ্ৰাম
সংগ্ৰামৰ অন্ত নাই
কেতিয়াবা সেয়া পুৰণি, কেতিয়াবা আকৌ নতুন…..
(খ)
তোমাক দেখা পালেই মোৰ কব মন‌‌ যায়
এয়া মোৰ জীৱনৰ আটাইতকৈ মধুৰতম দুপৰীয়া….
মধ্য দিনৰ মাজত মোৰ আৱেগৰ পথাৰত
তোমাৰ পদধূলিয়ে যেন এটি আলি বান্ধি যায়,
কিবা কম বুলি ভাবোতেই
সদায়ে চকুৱে তোমাৰ ঠিকনা হেৰায়,
(গ)
এয়া আকাশত সন্ধ্যাৰ ওৰণি
জীৱন জলধাৰাক বেলিয়ে ৰঙাৰে
শেষ সম্ভাষণ জনায়,
দুই নাৱত দুখন ভৰি দি প্ৰেমৰ সদাগৰে
পাৰত ভাগৰুৱা কায়াক হাত বাউল দি
নিজৰ ঠিকনা সোঁৱৰাই,
ৰঙা কেনভাচৰ মাজেৰে ঘৰমুৱা বাটেৰে
বিহগীয়ে বতাহত কোলাহল সানি গুচি যায়,
(ঘ)
দিনান্তৰ অৱসাদে বহুতক কলম ধৰিব শিকায়
পোৱা-নোপোৱাৰ হিচাপে শব্দ নিগৰায়
সেয়া কেতিয়াবা শিল্প হৈ প্ৰকাশ পায়
কেতিয়াবা অনামী আকাৰে টেবুলৰ বাকচত থাকি যায়,
নিদ্ৰাই দুচকুক বাৰে বাৰে চুমি থৈ যায়
লালসাৰ মদ্যত ‌ক্লান্তিৰ চকুপানী লুকাই
এই জীৱন আজি আছে,কাইলৈ নাই।

Scroll to Top