জীৱনৰ এচকল
ড০ দীপমণি দাস
সহযোগী অধ্যাপক
বি এইচ্ কলেজ
বৰষুণে ৰোমাণ্টিক কৰা দিনবোৰ
দিনৰ পোহৰত
ৰাতিৰ এন্ধাৰত
লুকা ভাকু খেলি থকা কথাবোৰ
এতিয়া ভাবিব নোৱাৰি
কেবল চাব পাৰি
নষ্টালজিয়া চকুৰে
আহ! সেই দিনবোৰ
সপোন আনিব পৰা দিনবোৰ
টোপাল টোপাল সপোনবোৰ
উমাল উমাল সময়বোৰ
আজিকালি বৰষুণ নাই
বৰষুণবোৰ গান
সকলো সময়তে গান শুনিব নোৱাৰি
আজিকালি বৰষুণৰ কথা ভাবিব নোৱাৰি
আকাশৰ মেঘবোৰ যায়
উৰি উৰি
ক’লৈ যায়
ক’ব নোৱাৰি