ময়েই নাৰী
ড° বন্দনা কলিতা
সহকাৰী অধ্যাপিকা
মহাত্মাগান্ধী কলেজ, চলন্তাপাৰা
মোক কিছু মৰম দিয়া
মোক কিছু মৰম দিয়া
মই প্ৰেম তৃঞ্চাতুৰা নাৰী
মোৰ দেহৰ প্ৰতিটো ৰক্তকণিকাত
কঢ়িয়াই ফুৰিছো গৌৰৱময়ী নাৰীৰ ইতিহাস
মোৰ ঘৰৰ পদূলিত সুন্দৰ ফুলনি সাজিম
ময়েই পান কৰিম মোৰ সৃষ্টিৰ কলুষতা
মোক কিছু মৰম দিয়া
বিনিময়ত ধৰাখনি সুন্দৰতাৰে সজাই দিম
ছটিয়াই দিম ভালপোৱাৰ সুগন্ধি
আপুনি নাইবা আপোনাৰ ঘৰখনে
মোক ভাল পাব পাৰিবনে?
অলংকাৰ নিপিন্ধকৈ মই যে কইনা সাজিম
মোৰ পিছত দামী গাড়ী নাইবা ফাৰ্ণিচাৰ নাথাকিব
মাহ-হালধিৰ গোন্ধ লৈ
মই আপোনাৰ ঘৰত প্ৰৱেশ কৰিম
আপোনাৰ ঘৰৰ প্ৰতিজন মানুহৰ হৃদয়ত
সিঁচি দিম কেঁচা ভালপোৱাৰ সুগন্ধি
কলপুলিৰ তলত ৰঙীণ ৰোমাঞ্চিত শিহৰণে
আপোনাৰ ঘৰখনে আদৰিবলৈ চাকি-ধূপ জলাবনে
ভস্মীভূত কৰি দিয়া হয় আশাবোৰ
কলিতে মোহাৰি দিয়া হয় সপোনবোৰ
মোক কিছু মৰম দিয়া
মই মমতাজ, বিয়েট্ৰিছৰ দৰে
প্ৰেমৰ সৃষ্টি কৰিম, সুন্দৰ ধৰণী গঢ়িম
কলুষতাবোৰ ময়েই পান কৰিম
দেশৰ কাৰণে কনকলতা হ’ম
স্বামীৰ কাৰণে বেউলা হ’ম
মোক কিছু মৰম দিয়া
মই প্ৰেম তৃঞ্চাতুৰা নাৰী
মুক্ত আকাশৰ তলত মুক্ত বিহংগৰ দৰে
মোক উৰিবলৈ দিয়া।