আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন আৰু কিছু প্ৰাসংগিক চিন্তা

 

বৰ্ত্তমান সমগ্ৰ বিশ্বজুৰি খুব উলহ মালহেৰে উদযাপন হোৱা এটা গুৰুত্বপূৰ্ণ দিৱস হৈছে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰীসকলৰ কৃতিত্বক স্বীকৃতি, লিংগ বৈষম্যৰ বিৰূদ্ধে সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিক সচেতন কৰি তোলা, ব্যক্তি হিচাপে নাৰীসকলক সমান সন্মান আৰু মৰ্যাদা প্ৰদান কৰা আদি বিষয়সমূহৰ মঞ্চ হিচাপে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ অপৰিসীম গুৰুত্ব আছে।  নাৰী দিৱস উদযাপনৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে ১৯০০ শতিকাৰ প্ৰথমাৰ্দ্ধৰ যি সময়ছোৱাত বিশ্বত জনসংখ্যা বৃদ্ধি আৰু আমূল মতাদৰ্শৰ উত্থানে অস্থিৰতাৰ সৃষ্টি কৰিছিল, সেই সময়ৰপৰাই ৰাষ্ট্ৰ বিশেষে নাৰী দিৱস উদযাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। নাৰীৰ ওপৰত চলা অত্যাচাৰ আৰু বৈষম্যৰ প্ৰতিবাদস্বৰূপে ১৯০৮ চনত নিউয়ৰ্ক চহৰত ১৫ হাজাৰ মহিলাই কৰ্মসময় কম কৰা, উন্নত দৰমহা আৰু মহিলা ভোটাধিকাৰৰ দাবীত সমদল উলিয়ায়। ইয়াৰ পৰৱৰ্ত্তী বৰ্ষ অৰ্থাৎ ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাত ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। এইদৰে ১৯০৯ চনৰপৰা ১৯১৩ চনলৈকে আমেৰিকাত ফেব্ৰুৱাৰী মাহৰ শেষৰ ৰবিবাৰটোত নাৰী দিৱস উদযাপিত কৰে। ১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগানত অনুষ্ঠিত “কৰ্মৰত মহিলাৰ আন্তৰ্জাতিক সন্মিলন” (International Conference of Working Women) ত প্ৰখ্যাত নাৰীবাদী চিন্তাবিদ ক্লাৰা জেটকিনে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ পৰামৰ্শ দাঙি ধৰে আৰু তাৰ ফলস্বৰূপে ১৯১১ চনত ডেনমাৰ্ক, জাৰ্মানী, অষ্ট্ৰিয়া আৰু ছুইজাৰলেণ্ডত ১৯ মাৰ্চ তাৰিখে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে। উল্লেখযোগ্য যে সেই সময়ত ১০ লাখতকৈও অধিক পুৰুষ-মহিলাই মহিলাৰ কৰ্মৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, প্ৰশিক্ষণৰ অধিকাৰ, চৰকাৰী পদৱী গ্ৰহণৰ অধিকাৰ আৰু মহিলাৰ বিৰূদ্ধে বৈষম্য দূৰীকৰণৰ দাবীৰে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ সমদলত অংশগ্ৰহণ কৰে। প্ৰথম বিশ্বযুদ্ধৰ প্ৰাকক্ষণত ১৯১৩ চনত ৰাছিয়াৰ মহিলাসকলে ফেব্ৰুৱাৰী মাহৰ অন্তিম দেওবাৰ ২৩ ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে। প্ৰথম বিশ্বযুদ্ধত ২০ লাখৰো অধিক ৰাছিয়ান সৈনিকৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে ফেব্ৰুৱাৰী মাহৰ শেষৰ দেওবাৰে ৰাছিয়াৰ মহিলাসকলে “খাদ্য আৰু শান্তি”ৰ বাবে ধৰ্মঘট আৰম্ভ কৰে।ৰাজনৈতিক নেতাসকলৰ বিৰোধিতা কৰি মহিলাসকলে ধৰ্মঘট অব্যাহত ৰাখিছিল যেতিয়ালৈকে চাৰিদিন পিছত জাৰে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু অস্থায়ী চৰকাৰে মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰিছিল। মহিলা ধৰ্মঘট আৰম্ভ হোৱাৰ তাৰিখ আছিল তেতিয়া ৰাছিয়াত ব্যৱহৃত জুলিয়ান কেলেণ্ডাৰৰ ২৩ ফেব্ৰুৱাৰী দেওবাৰ। আন ঠাইত ব্যৱহৃত গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ এই দিনটো আছিল ৮ মাৰ্চ।

এই বিশেষ দিনটো উদযাপনক লৈ হোৱা বিশদ আলোচনাৰ অন্তত ২৩ ফেব্ৰুৱাৰীৰ পৰা বহুলভাৱে গ্ৰহণ কৰা গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি ৮ মাৰ্চত বছৰি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু তেতিয়াৰ পৰাই এই দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিশ্বব্যাপী তাৰিখ হিচাপে স্বীকৃত হৈ আহিছে। ১৯৭৫ চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে। কেৱল সেয়ে নহয়, ১৯৭৫ ৰ পৰা ১৯৮৫ লৈ সমগ্ৰ দশকটো ৰাষ্ট্ৰসংঘই নাৰী দশক হিচাপে ঘোষণা কৰে। তাৰোপৰি, ১৯৯৬ চনৰপৰা ৰাষ্ট্ৰসংঘৰদ্বাৰা নিৰ্দ্ধাৰিত একো একোটা বিশেষ বিষয়বস্তুক লৈ সমগ্ৰ বিশ্বই প্ৰত্যেক বছৰৰ ৮ মাৰ্চ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে উদযাপন কৰি আহিছে।

 

   আন্তৰ্জাতিক পৰ্যায়ত নাৰীৰ অধিকাৰ ৰক্ষণাবেক্ষণ, নাৰীৰ সুৰক্ষা আৰু আত্মমৰ্যাদা প্ৰতিষ্ঠাৰ হকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষতো লিংগভিত্তিক বৈষম্য দূৰীকৰণৰ লগতে নাৰী সমাজৰ উন্নয়নৰ বাবে বহুখিনি কাৰ্যসূচী হাতত লোৱা হৈছে। তৎসত্বেও নাৰী নিৰ্যাতন আৰু নাৰী অৱদমনৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। পৃথিৱীত এতিয়াও এনে ঠাই আছে য’ত একে কামৰ বাবে নাৰীসকলে পুৰুষৰ সমানে মজুৰি লাভ নকৰে, এতিয়াও এনে বহু দেশ আছে য’ত বৈবাহিক ধৰ্ষণৰ বিৰুদ্ধে আইন নাই, এনে বহু সমাজ আছে য’ত কন্যা সন্তান হত্যা চলি আছে। আনকি আমাৰ দেশতই সাংবিধানিক আৰু আইনগত সুৰক্ষা থকা সত্বেও বহু সমাজত ডাইনীৰ নামত নাৰী হত্যা, বাল্য বিবাহ, ৰাজহুৱা স্থান বা অনুষ্ঠানত নাৰীৰ প্ৰৱেশ বন্ধ আদিৰ দৰে নাৰী বঞ্চনা আৰু লিংগ বৈষম্যৰ উদাহৰণ পৰিলক্ষিত হয়। নাৰী সাক্ষৰতাৰ হাৰ পূৰ্বতকৈ বহু বৃদ্ধি পাইছে, চাকৰি বা ব্যৱসায় বাণিজ্যত নাৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে যদিও প্ৰতিদিনে ঘটি থকা নাৰীকেন্দ্ৰিক ঘটনাসমূহে প্ৰতিগৰাকী সচেতন নাগৰিককে ভাবিবলৈ বাধ্য কৰায় যে আজি একবিংশ শতিকাতো নাৰী প্ৰকৃততে সুৰক্ষিতনে?

যুগ যুগ ধৰি লিংগ সমতা আৰু নাৰী অৱদমনৰ বিৰূদ্ধে চলি অহা এই যুদ্ধখন কিছু পৰিমাণে সফল হৈছে সঁচা। এই ক্ষেত্ৰত ভোটাধিকাৰ, শিক্ষাৰ সম সুবিধা এনে কিছু ইতিবাচক দিশ আঙুলিয়াব পাৰি। কিন্তু নাৰীসকল বহু দিশত বৰ্ত্তমানেও বিভিন্ন হিংসা আৰু অন্যায়ৰদ্বাৰা বৈষম্যমূলকভাৱে প্ৰভাৱিত হৈ আছে। আমাৰ সমাজ ব্যৱস্থাত আজিও নাৰীক মনোৰঞ্জনৰ আহিলা, পণ্য সামগ্ৰী বা বিজ্ঞাপনকেন্দ্ৰিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। নাৰীৰ সৰলতাক দূৰ্বলতা হিচাপে গণ্য কৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে হাস্যৰসৰ সৃষ্টি কৰি তোষামোদ কৰি থকা হয়। যৌতুকজনিত হত্যা, ধৰ্ষণ, শাৰীৰিক তথা মানসিক নিৰ্যাতনৰ ঘটনাই নাৰীক বৰ্ত্তমানেও সমাজত মুকলি মনেৰে জীয়াই থাকিব পৰাকৈ সুৰক্ষিত কৰি তুলিব পৰা নাই। পৰিয়াল, সমাজ তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত নাৰীসকলৰ অংশগ্ৰহণৰ হাৰ পুৰুষৰ সমান হ’বলৈ এতিয়াও বহুদূৰ বাকী। নীতি নিৰ্দ্ধাৰণত নাৰীৰ অৱস্থান যথেষ্ট পুতৌলগা।

‍         ১৯০০ শতিকাৰ পৰা নাৰীৰ অধিকাৰ আৰু সম মৰ্যাদা প্ৰতিষ্ঠাৰ হকে চলি অহা এই সংগ্ৰাম সফল কৰি তুলিবলৈ হ’লে সমাজৰ প্ৰতিজন ব্যক্তিয়েই সচেতন হৈ উঠিব লাগিব। প্ৰতিগৰাকী নাৰী প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ উঠাৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ আত্মমৰ্যাদা আৰু স্বাভিমানেৰে পৰিপূৰ্ণ হৈ উঠিব লাগিব। পুৰুষতান্ত্ৰিকতাৰ অদৃশ্য হাতোৰাৰপৰা মুক্ত হৈ প্ৰত্যেকগৰাকী ব্যক্তিয়েই নাৰী-পুৰুষৰ লিংগভিত্তিক বৈষম্যৰ মানসিকতাক পৰিহাৰ কৰি নিজ নিজ চিন্তা চেতনাৰ পৰিৱৰ্ত্তন কৰিব লাগিব। যেতিয়া আমি প্ৰত্যেকেই প্ৰত্যেকক “মানুহ” হিচাপে সন্মান কৰিব পাৰিম, তেতিয়াহে এখন লিংগ বৈষম্যহীন সমতাপূৰ্ণ সমাজ প্ৰতিষ্ঠা হ’ব।

 

              অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ তৰফৰপৰা প্ৰকাশ কৰা ই-আলোচনী ”অনুৰণন’ৰ তৃতীয় বৰ্ষৰ প্ৰথম সংখ্যাটি পৰিকল্পনাৰ পৰা এই মুহুৰ্ত্তলৈকে আমাক প্ৰতিমূহুৰ্ত্ততে বিভিন্ন দিহা পৰামৰ্শৰে সহায় কৰা অসম কলেজ শিক্ষক সংস্থাৰ সন্মানীয় সভাপতি ড° জয়ন্ত বৰুৱা আৰু সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত পৰাগ জ্যোতি মহন্তৰ লগতে সম্পাদনা সমিতিৰ সমূহ সন্মানীয় সদস্যবৃন্দক এই ছেগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়বৱীয়া, কাৰ্যনিৰ্বাহক সদস্য আৰু মাণ্ডলিক সমিতিৰ বিষয়বৱীয়াবৃন্দৰ লগতে বিভিন্ন মণ্ডলক প্ৰতিনিধিত্ব কৰা মহিলা কোষৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু আহ্বায়কসকলে বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়াই ‘অনুৰণন’ৰ এই সংখ্যাটি প্ৰকাশ কৰাত যি উদগণি যোগালে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰতিগৰাকী লিখকৰ লগতে বেটুপাত অংকণ আৰু ই-আলোচনীখনৰ সামগ্ৰিক অংগসজ্জাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত আমি চিৰকৃতজ্ঞ। শেষত পঢ়ুৱৈ সমাজে ‘অনুৰণন’ৰ এই সংখ্যাটি আদৰি লৈ বিভিন্ন দিহা পৰামৰ্শৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ।

 

ড° ববিতা দাস
বন্দিতা বৰবৰা

Scroll to Top