অসমৰ লোকসমাজত প্রচলিত খেল-ধেমালিৰ গীত: এক বিশ্লেষণাত্মক অধ্যয়ন

প্রার্থনা বুঢ়াগোহাঁই
সহকাৰী অধ্যাপিকা
টংলা মহাবিদ্যালয়, টংলা।

সংক্ষিপ্তসাৰ: জীৱশ্ৰেষ্ঠ মানুহে নিজৰ সৃষ্টিশীলতাৰ বলত প্রয়োজনীয় সকলো সম্পদ ইচ্ছানুসাৰে গোটাই ল’ব পাৰে৷ সৃষ্টিৰ পাতনিৰ পৰাই মানৱসমাজে ক্রমাগতভাৱে জীয়াই থাকিবৰ বাবে প্রয়োজনীয় খাদ্য, বস্ত্র, বাসস্থানৰ যোগাৰ কৰি লোৱাৰ বহুকাল পূর্বেই হয়তো লৌকিক ক্ৰিয়াসমূহৰ সৃষ্টি হৈছিল। মানুহৰ মনত থকা ক্রিয়া কৌতুকৰ ধাৰণা, এজনে আনজনৰ লগত কৰা আনন্দ-বিনোদন আদিৰ ফলতেই খেল ধেমালিৰ জন্ম হয়। এক কথাত মানুহৰ সৃষ্টিৰ বাসনাতেই জন্ম হৈছে খেল ধেমালিৰ। মানুহৰ জীৱন যাপনৰ পদ্ধতিগত শৃংখলাৰ লগত অৱধাৰিতভাৱে অন্তৰ্ভূক্ত হ’ব পৰা গীত, মাত, নৃত্য, বাদ্য, চিত্র, ভাস্কর্য, আদি সকলোবোৰেই হৈছে সংস্কৃতি। মানৱ জীৱনৰ লগত ওতঃপ্রোতভারে জড়িত খেল ধেমালি হৈছে লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। বিখ্যাত নৃতত্ববিদ উইলিয়াম আৰ বেচকমে (William R. Bascom) এ পৰম্পৰাগত খেল ধেমালিসমূহক লোকসংস্কৃতিৰ অপৰিহাৰ্য উপাদান হিচাপে উল্লেখ কৰিছে। (প্ৰহ্লাদ কুমাৰ বৰুৱা (সম্পা): অসমীয়া লোকসাহিত্য, পৃ- ১৪৭)

খেলা ধূলাৰ ইতিহাস মানৱ জাতিৰ ইতিহাসৰ লগতেই জড়িত বুলি ক’ব পাৰি। মানৱ শিশু এটাই জন্মৰে পৰাই খেলা-ধূলা, ৰং-ধেমালি কৰি ডাঙৰ হয়। পৃথিৱীৰ আটাইবোৰ দেশতেই নিজা নিজা খেল ধেমালি আছে আৰু প্ৰত্যেকটো শিশুৱেই ল’ৰালীৰ দিনবোৰ খেলা ধূলাৰ মাজেৰেই পাৰ কৰিছে। চহা আৰু হোজা নিৰক্ষৰ জনসাধাৰণৰ মাজতেই সৃষ্ট এই গীতবোৰ হৈছে মানুহৰ বাস্তৱ জীৱনৰ অনুকৃতি। ঠাইভেদে এই খেল ধেমালিবোৰ পৃথক হয় আৰু ইয়াৰ লগত জড়িত গীত মাতবোৰো বেলেগ বেলেগ। অসমতো এনে বহুতো খেল আছে আৰু সেইবোৰৰ প্ৰত্যেকৰে লগত মিলাকৈ বিভিন্ন গীত মাত আছে। এই গীতমাতবোৰৰ মাজতেই অসমৰ আদিম জনসমাজৰ জীৱন বীক্ষাৰ আভাস পোৱা যায়। আমাৰ এই গৱেষণা পত্রখনিত উজনি অসমৰ জনসমাজত প্রচলিত পৰম্পৰাগত খেল ধেমালি আৰু ইয়াৰ লগত জড়িত গীতসমূহক বিশ্লেষণাত্মক পদ্ধতিৰ সহায়ত অধ্যয়ন কৰি এক নির্মোহ আৰু নিৰপেক্ষ আলোচনা দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

সূচক শব্দ: খেল ধেমালি, গীত-মাত, অসম, পৰম্পৰাগত খেল, শাৰীৰিক শ্ৰম।

মূল বিষয়ৰ আলোচনা:
অসম হৈছে লৌকিক খেল ধেমালিৰ ক্ষেত্ৰত এখন চহকী ৰাজ্য। অসমৰ গাঁৱে-ভূঞে, পর্বতে-ভৈয়ামে অসংখ্য খেল ধেমালি আছে যিবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পুৰুষানুক্রমে চলি আহিছে। এই খেল ধেমালিবোৰ সকলো বয়সৰ লোকৰেই বিনোদনৰ উৎস। অৱশ্যে গীতসমূহ শিশুৰ খেলসমূহৰ লগতহে বেছিকৈ গোৱা হয়। অসমৰ গ্ৰাম্য সমাজত প্রচলিত কিছুমান জনপ্ৰিয় খেলৰ নাম হৈছে-কণী যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, ম’হ যুঁজ, ঘোৰা দৌৰ, দৌৰ, তৰোৱাল খেল, শেন মেলা, কাড় খেল, বুলবুলি চৰাই যুঁজ, মাল যুঁজ, বাঘ-ভালুক যুঁজ, ঘঁৰিয়াল যুঁজ, হাতী যুঁজ, হাউখেল (লৰা, ধৰা, বোন্দা হাউ) গন্ধ হাউ, ঢোপখেল, টাংগুটি, ঘিলাখেল, লুকাভাকু, ৰজা-ৰাণী, চুৱাচুই, পকা, আলিপকা, কুটকুট, ভৰি কুটকুট, ধেমনা অনা খেল, অলৌ-গুটি তলৌ-গুটি খেল, ঘিলা, ৰচী টনা, কুকুৰা যুঁজ, ভটাগুটী, মুঠিভটা, মংগলপঠা, হাতবল, বৈঠা বল, তিনিঠেঙীয়া দৌৰ, টেকেলী ভঙা, ফুলফুলতি, হাফোলা, সাঁতোৰ-চিলনী সাঁতোৰ, থিয় সাঁতোৰ, হেতালী (পাঁচটিয়া, ৰচ, উপহাঁচি), কচুগুটি (ষোল্ল গুটি, বাইশগুটি, বাঘবোল, পঁচিশগুটি, দুইগুটি) কানিমুনি, চোৱা-চুই ছৌবিশটা বকুল গুটি বা ছৌবিশটা তেতেলী গুটি খেল, পাশা খেল, তেল দিয়া বাঁহ গছত বা কলগছত উঠা, লাঠি খেল, নাওখেল (চৰানাও, পানচৈনাও, বৰনাও), হাঁচিয়াই, খুলিখেল, কুকুৰঠেঙীয়া, ইৰিকটি-মিৰিকটি, কধৰা টনা খেল, গছ কবাদি, হৈ কবাদি আদি। অৱশ্যে এই সকলোবোৰ খেলৰ লগতে গীত নাথাকে। আমাৰ এই আলোচনাত যিহেতু উজনি অসমত খেলা কেইটামান খেল আৰু খেলবোৰ খেলোতে গোৱা গীতৰ বিষয়ে দাঙি ধৰা হ’ব সেয়েহে অসমত প্ৰচলিত বহু খেল আৰু খেল গীত সামৰি লোৱাতো সম্ভৱ নহ’ব। উজনি অসমত প্রচলিত কেইটামান খেল আৰু খেলবোৰৰ লগত জড়িত গীতবোৰ এনেধৰণৰ:
লুকা-লুকি বা লুকা ভাকু খেল:
এই খেল কেইবাটাও লৰা-ছোৱালীয়ে খেলে। এজনে চকু মুদি বাকীবোৰক লুকাবলৈ দিয়ে আৰু প্ৰশ্ন কৰি গায়-
হ’লনে নৌ,

মাণিকী মৌ

মই হ’লে গৈছোঁ।

চকু মুদাজনে বাকীবোৰক বিচাৰিব লাগে। আটাইকে বিচাৰি পালে পুনৰ খেল আৰম্ভ হয়। আৰু যিজনক প্ৰথমে বিচাৰি পায় সি চকু মুদিব লাগে। সেইজনক ঘাই বুলি কোৱা হয়।

ৰজা ৰাণী খেল:
গ্ৰাম্যাঞ্চলৰ শিশু সকলৰ মাজত আন এবিধ জনপ্রিয় খেল হ’ল ৰজা ৰাণী খেল। ৰজা-ৰাণী খেলটি-শিশু সকল এইখেলত দুটা দলহৈ খেলা কোনো খেলৰ বাবে প্ৰথমতে লৰা বা ছোৱালীবোৰ দুভাগ কৰি ‘লবলৈ খেলুৱৈ বোৰৰ মাজৰ দুজন ৰজা-ৰাণী বা বুঢ়া-বুঢ়ী হয়। অৱশ্যে দুটা দলহৈ খেলা যিকোনো খেলৰ বাবে প্ৰথমতে লৰা বা ছোৱালীবোৰ দুভাগ কৰি লবলৈ খেলুৱৈ বোৰৰ মাজৰ দুজন ৰজা-ৰাণী হয়। জাকটোৰ বাকীবোৰে দুজন দুজনকৈযোৰ পাতি প্রত্যেকেই মনে মনে আকাশ-পাতাল, সোণ-ৰূপ, ফুল-পাত, আদি বিভিন্ন ধৰণৰ নাম লৈ আহি ৰজা-ৰাণীক সোধেহি যে- সোণ লাগে নে ৰূপ লাগে বা ফুল লাগে নে পাত লাগে। ডাকে ডাক সিকে ডাক বুলি কোনো কোনোরে আকৌ গীত বা যোজনা এফাঁকি গাই আহে। ৰজাই যদি সোণ লাগে বুলি কয় সোণ নামলৈ অহাজন ৰজাৰ ফালে আৰু ৰূপ নামলৈ অহাজন ৰাণীৰ ফালৰ দলত ভৰ্তি হয়। এইদৰে আটাইকেইটা যোৰা আহি সোধোতে সোধোতে গোটেই খেলুৱৈৰ দলটো দুভাগ হৈ যায়। দুভাগহৈ যোৱাৰ পাছত যি কোনো খেল খেলিবলৈ সুবিধা হয় আৰু দলৰ খেলুৱৈ সকলৰ মাজত কোনো আপত্তি ও নাথাকে। ৰজা-ৰাণী খেলত ল’ৰাৰ দলটো ৰজাৰ পক্ষৰ হয় আৰু ছোৱালীখিনি ৰাণীৰ পক্ষৰ হয়। ৰজাৰ দলটোৱে গীত গায় গায় নির্দিষ্ট এজনি ছোৱালী বিচাৰি আহে আৰু ছোৱালীৰ দলটোৱে ৰজালৈ সেই ছোৱালীজনিক পিঠিত চকিয়াই চকিয়াই ৰাণী হ’বলৈ বিদায় দিয়ে। ৰজা-বাণী খেলৰ গীতবোৰ এনেধৰণৰ-

ল’ৰা: ৰজাই হুকুম দিছে এজিম তেজিম বায়
ছোৱালী কি হুকুম দিছে এজিম তেজিম বায়

ল’ৰা ছোৱালী এজনি খুজিছে এজিম তেজিম বায় ছোৱালী কোন ছোৱালী খুজিছে এজিম তেজিম বায়

ল’ৰা: (কোনোবা ছোৱালীৰ নাম কাড়ি) অমুকীক খুজিছে এজিম তেজিম বায়

ছোৱালী: (লগৰ জনীক পিঠিত ঢাকিয়াই খেদি খেদি পঠিয়াই)

যোৱা বাইদেউ যোৱাগৈ, ৰজাৰ ৰাণী হোৱাগৈ।

এনেদৰে খেলি খেলি দুটা দলত সমানে ভাগ হোৱাৰ পিছত এটা নতুন খেলৰ জন্ম হয়। খেলুৱৈসকলে দুটা দলত ভাগ হৈ মুখামুখিকৈ টনা টনি খেলে। সদস্যসকলে নিজৰ দ’লৰ খেলুৱৈসকলৰ লগত এজনে আনজনৰ কঁকালত ধৰে আৰু নিজৰ ফাললৈ পাৰ জোৰেৰে টানে। তেনেকৈ টনা টনি কৰোঁতে এটা দলৰ ফালে এটা দ’ল শালী পৰে আৰু নিজৰ ফালে টানি আনিব পৰ দলটো জয়ী হয়। এই খেলটো খেলোঁতে গোৱা গীতটো হল-
আল্লা গুৰু তাল্লা পাত

চিত্র গুক জগন্নাথ

জগন্নাথ জগন্নাথ জগন্নাথ

ঘাই কুটকুট খেল:
এইবিধ খেলো গ্রাম্যাঞ্চলত অতিকৈ জনপ্রিয়। সকলো খেলুৱৈ দুটা দলত বিভক্ত হৈ গুটি লুকুৱাই আছে নাই কৰে আৰু ক’ব পাৰিলে প্রথম সুমাবলৈ পায় আৰু ইটো দলে ভেটিব লাগে। প্রথম সুমাবলৈ পোৱা দলটোরে এজন খেলুরৈক ঘাই হিচাপে নির্বাচন কৰে আৰু আঁচ টানি এটা ঘৰ বনাই থৈ আহে। বাকী লগৰীয়াসকলৰ বাবে এটা ডাঙৰ ঘৰ বনাই। এই ঘৰটোক বন্দি বুলি কয়। ঘৰটোৰ ভিতৰৰ পৰা উশাহ এটা টানি কুটকুট নাইবা কিছুমান গীত গায় সিটো দলৰ খেলুৱৈবোৰক যেদি গৈ চুৰ লাগে আৰু উশাহ বন্ধ হলে হেই জেগাতে ৰখি দিব লাগে। নাইবা কোনেও চুব নোৱাৰাকৈ আহি ঘৰটোত সোমাব লাগে। তেনেকৈ এটা এটাকৈ খেলুৱৈবোৰ মৰি শেষ হ’লে ঘাইটো আহি বন্দিত সোমাই নাইব্য সকলোৰে চকুত ধূলি দি পলাই আহিও বন্দিত সোমাব পাৰে আৰু খেলত বিজয় লাভ কৰে। এই খেল খেলোতে গোৱা গীতবোৰ হল-
১) হাইচ কুট কুট কুট (উশাহ যকালৈকে)

২। নিম গছৰ শুকান ভাল

একে চৰে ভাঙিম গাল

গাল গাল গাল গাল (উশাহ থকালৈকে)

৩) কাণিমুনি যাই নাই

মোৰ গাত দোষ নাই

নাই নাই নাই নাই (উশাহ থকালৈকে)

তাই-মাই খেল:
শিশুসকলৰ মাজত জনপ্রিয় আন এক খেল হৈছে- তাই-মাই। বিশেষকৈ ককা-আইতাকসকলে নাতি-নাতিনী নাইবা অন্য শিশুৰ সৈতে এই খেল খেলে। সুৰীয়াকৈ গীত গাই খেলা এই খেলত কণ কণ শিশুসকলে বৰ ৰস পাই। সৰু ল’ৰা-ছোৱালীক ভাত খুওৱাৰ সময়ত বা তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰি এই খেল খেলা হয়। তাই-মাই খেলত গোৱা গীতটো এনেধৰণৰ
তাই-মাই শাকে ভাতে যায় বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায় ঢাকন পেলাই পইভা যায়। এইটো তুমি ঘোরা, এইটো মই খাওঁ, এইটো দেউতালৈ থওঁ দেউতা আহিল চাওঁ নাই কোনে খালে কোনে খালে? মেকুৰীয়ে? মেকুৰী কত? কোনফালে গল চাঙ

এবেং দুবেং কিলি কিলি এনেদৰে সাই কুলকুলাই দিলে শিশুটিয়ে হাঁহে আৰু সকলোৱে বৰ আনন্দ পায়।

হেতালী খেল:
হেতালি হৈছে পাঁচটা গুটিৰ খেল। ল’ৰা আৰু ছোৱালী উভয়ে খেলে যদিও এই খেলবিধ বিশেষকৈ ছোৱালীবোৰৰ খুৱেই প্রিয়। স্কুলৰ পানী যোৱা ছুটিত, স্কুলৰ ছুটিৰ পিছত সমনীয়াৰ সৈতে আজৰি সময় পাৰ কৰিবলৈ পূৰ্বতে হেতালি খেলকে মাধ্যম হিচাপে লৈছিল। হেতানি খেলাটো এক মনোৰঞ্জনৰ দৰে আছিল।। এই খেল ঘূৰণীয়াকৈ বহি একাদিক্রমে খেলি যায়। প্রথমতে এটা এটাকৈ তাৰ পিছত দুটা। দুটাকৈ তিনিটা আৰু অকলশৰে এটাকৈ আৰু শেষত চাৰিটাকৈ গুটি একেলগে। এই খেলত কেইবাটাও চাপ থাকে। সেইকেইটা হ’ল-এটিয়া, দুটিয়া, তিনিটিয়া, চাৰিটিয়া, উপঢোপ কেপেনা, জোন, জৰকা, ওপহাঁচি, পতা। ইয়ৰে কোনো এটা ঢাপটো যদি গুটি হাতৰ পৰা পৰে নাইবা বেলেগ গুটিত লাগে। তেনেহ’লে খেলুরৈজন যায় আৰু পিছৰ জনে খেলিবলৈ পায়। হেতালী খেলি থকাৰ সময়ত চাই খকাজনে এটা মন্ত্র গীত গায় থাকে আৰু তেনে কৰিলে খেলি থকাজনৰ হাতৰ পৰা গুটি পৰি যায় আৰু আনজনে খেলিবলৈ পায়।

হেতালী খেলৰ গীতটো হৈছ:

চেংগুটি হেতালী, হাতৰ পৰা পিছলি

ঘমঘণ্ট লাগিল, মন্ত্র মাতো এফাঁকি

অলৌগুটি তলৌগুটি খেল:
এইবিধ খেলত এজন খেলুৱৈয়ে দুখন হাত পিছলৈ নি কোনোবা এখন হাতত এটা গুটি লুকুৱাই ৰাখে আৰু সম্মুখলৈ দুইখন হাত দাঙি ধৰি কোনখন হাতত গুটিটো আছে ক’বলৈ দিয়ে। বিপৰীত পক্ষৰ খেলুৱৈজনে অনুমানৰ ভিত্তিত গীত গায় আৰু যিখন হাতত গীতটোৰ শেষৰটো শাৰীৰ শব্দটো পৰে সেইখন হাততে গুটিটো আছে বুলি আঙুলিয়াই দিয়ে। সেইখন হাত নিয়ম অনুযায়ী মেলি দিয়ে আৰু যদি হাতখনত গুটিটো থাকে, তেনেহলে গুটিটো দ্বিতীয়জনে আনি লুকুৱাব পাৰে, কিন্তু যদি গুটিটো নাপায় প্রথমজনেই পুনৰ খেলিবলৈ পায়।
এইবিধ খেল খেলোতে গোৱা গীতটো হৈছে এনেধৰণৰ-
অলৌ-গুটি তলৌ গুটি

কচুগুটি যাই

যিখন হাতত গুটি আছে

সেইখন হাতত পায়।

কাউৰী খেল:
এইবিধ খেলত এজন যাই থাকে আৰু দুজনৰ পৰা বহুকেইজন খেলুরৈয়ে একেলগে খেলিব পাৰে। ঘাই হোৱাজনক মাজত বহুৱাই লৈ চুলিত ধৰি ধৰি বাকীকেইজন খেলুৱৈয়ে গান গাই-
কাউৰী কণী কেইটা

ঘাই: এশ বিছটা

একেলগে তাৰে এটা দিবিনি

ঘাই: নিদিও

একেলগে বহিলে যোৱানে উঠিলে যোৱা

আৰু বহিলে যোৱানে উঠিলে যোৱা প্রশ্ন কৰ্যৰ পিছত যদি ঘাইটোরে বহিলে যাব বুলি কয় তেনেহলে সকলোরে উঠি থাকে আৰু ঘাইটোৰ পৰা আঁতৰি গৈ বাহ বহি জোকাই। যেতিয়া ঘাইটোরে চুবলৈ যায় তেতিয়া আকৌ উঠি দিয়ে। এনেদৰে বহি থকা কাৰোবাক চুব পাৰিলে সেইজন আকৌ ঘাই হয়। এনেদৰে খেলখন আগবাড়ি যায়।
কপৌ খেল:
এইবিধ খেলত এগৰাকী খেলুৱৈয়ে ধান মেলি থাকে আৰু কপৌ চৰাইবোৰক গীত গায় গায় ধান খাবলৈ মাতে।
কপৌ কো কো কো

ধান আছে পতান আছে যা হি আহ
কপৌ: কেনেকৈ যাম?

বেঙেনা গছত কাপোৰ ঘৈ জঁপিয়াই জঁপিয়াই আহ।
এনেদৰে মতাৰ পিছত কপৌ চৰাইবোৰে এখন ভৰিৰে জঁপিয়াই জঁপিয়াই আহএ আৰু এনেদৰে আহোঁতে কাৰোবাৰ যদি ইখন ভৰি পৰি যায় আৰু ধান দিয়া গৰাকীয়ে ধৰিব পাৰিলে খেলুৱৈজন মৰে।

হাইছ প্লিং খেল:
এইবিধ খেল বৰ আমোদজনক। এজনে হাউলী দুয়োখন হাতেৰে ভৰিৰ আঙুলিকেইটা চুই উটৰ দৰে কঁকালটো পাতি দিয়ে আন এজনে সেই কঁকালৰ কোঁজটোত ভৰ দি পাৰ হৈ যায় আৰু পাৰ হওঁতে এটা হাত চাপৰি বায় আৰু গায় যায় ‘অপেন দি বাইস্কোপ, দুই তিনি তেইছকোপ’। যদি তেনেদৰে পাৰ হওঁতে জপিওৱাজনৰ ভৰি কেইটা পাতি থকাজনৰ গাত লাগে তেনেহ’লে সেই খেলুৱৈজনে পিঠিখন পাতিব লগা হয়। এই খেলবিধ দুজনৰ পৰা আৰম্ভ কৰি বহুকেইজনলৈ খেলিব পাৰে। খেলুৱৈ বেছি হলে এজনে পিঠিখন পাতে আৰু এশাৰী গীত গায় গায় গোটেইকেইজন পাৰ হোৱাৰ পাছতহে দ্বিতীয় শাৰী গায়। তেনেকৈ যাওঁতে কোনোবাই গীতৰ শাৰীটো গাবলৈ থাকি গ’লে নাইবা হাত চাপৰি বজাবলৈ ৰৈ গ’লে যায় আৰু পিঠি পাতিব লাগে। ল’ৰা ছোৱালী উভয়ে এই খেলবিধ খেলিব পাৰে।

হাইছ প্লিং

কালা চিলিং

আমলা মানে চামলা কথা

পদুম ফুলৰ গীতিমালা

কে ৰঙা ফুল

কাপৰে ডোল

কে ৰঙা ফুল।

অপেন দি বাইস্কোপ

দুই তিনি তেইছকোপ

অপেন দি বাইস্কোপ।
ওপৰে যমুনা

চালা মাছ খাওনা

চালা মাছৰ গোন্ধ

হাইস্কুল বন্ধ।

উকুলি মুকুলি খেল:
এইবিধ খেলত কেইবাজনো খেলুরৈ থাকে। প্রত্যেকে ঘুৰণিয়া হৈ নিজৰ দুইখন হাত পাতে আক এজনে গীত গায় গায় গীতৰ তালে তালে প্রত্যেকখন হাততে চুই যায়। যিখন হাতত গীতটো শেষ হয় সেইখন হাত ইলুটি কৰে। গীতটো হ’ল এনেধৰণৰ-
উকুলি মুকুলি কুকুলি কাঁহী
সদৌ দৌ ডোমৰ দাহী আম পাতে চাম যায় কঠান পাতে হুৰ হুৰাই এক লৌ, গজাল লৌ

এখন এৰি এখন কানত ধৰ।

এইদৰে গীত গায় গায় হাতবোৰ ইলুটি কৰাৰ পিছত আকৌ আৰম্ভ কৰে আৰু এইবাৰ এজনে আনজনৰ কাণত ধৰি টনা টনি কৰি গায়-
কাণচি কানাই ধৰৌ বেটা

ধৰৌ বেটা ধৰৌ বেটা
এনেদৰে কাণত ধৰি টানোতে যিজনে কানত দুখ পাই চিঞৰে তাক সকলোরে হাঁহে আৰু যিজনে আটাইতকৈ বেছি দেৰিলৈকে সহ্য কৰি থাকিব পাৰে সি খেলত জয়ী হয়।

বুদ্ধিৰ পৰিচায়ক খেল:
কেতিয়াবা বহুকেইজন ল’ৰা ছোৱালী একেলগে বহি থাকিলে এইবিধ খেল খেলে। এই খেলবিধৰ জৰিয়তে খেলুৱৈজনৰ বুদ্ধিৰ পৰিচয় পোৱা যায়। বিভিন্ন সাঁথৰ সোধাৰ লগতে এইধৰণৰ সীতৰ জৰিয়তে ফেলুৱৈজনৰ বাকচতুৰতা আৰু বস্তুজ্ঞানৰ পৰিচয় পোৱা যায়। প্রথমে এজনে প্রশ্ন কৰে এনেদৰে-
ঐ তোক মই এটা কথা কম

কি কথা?

বেং কথা,

কি বেং?

পাত বেং

কি পাত?

নিম পাত

কি নিম?

ঘোঁৰা নিম,

কি ঘোঁৰা?

বগা ঘোঁৰা,

কি বগা?

গাখীৰ বগা,

কি গাখীৰ?

গৰু গাখীৰ…..

এনেদৰেই নতুন নতুন বিষয়েৰে প্ৰশ্ন উত্তৰৰ মাজেৰে গীতটো আগবাঢ়ি যায়। এই গীতটো শুনিবলৈ খুউব শুরলা হোৱাৰ লগতে প্রত্যেকজন খেলুৱৈক আমোদ দিয়ে।

সামৰণি:
বর্তমান মানর জীৱন শৈলীৰ লগত খেল ধেমালি এক অপৰিহাৰ্য অংগ হৈ পৰিছে। মানুহৰ শাৰীৰিক মানসিক উৎকর্ষ সাধক খেল ধেমালিক নিজৰ কেৰিয়াৰ হিচাপেও বহুতে গ্ৰহণ কৰিছে।

তথাপিও কিন্তু দেখিবলৈ পোৱা গৈছে যে, আজিৰ শিশু এটাই জন্মৰ পাছতেই সাম্প্রতিক ব্যস্ততাময় জীৱনত এনেদৰে আৱদ্ধ হৈ পৰে যে আমাৰ চৌপাশৰ পৰিৱেশ আৰু পৰম্পৰাগত খেল ধেমালিসমূহৰ বিষয়ে তেওঁলোকে বহু কথাই নজনাকৈ থাকি যায়। যাৰ ফলত খেল ধেমালিসমূহৰ লগত জড়িত গীতসমূহ্যে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। আমাৰ এই আলোচনাটিত কেরল ধেমাজি জিলাত প্রচলিত এমুঠিমান খেল ধেমালিৰ গীতকহে সামৰি লোৱা হৈছে। অসমৰ গারে-ভুঞে এনে বহু গীত মাতৰ প্ৰচলণ আছে। ভবিষ্যতে এই বিষয়ে বহুল অধ্যয়নৰ প্ৰয়োজন। যাৰ জৰিয়তে আমাৰ সমাজত পূৰ্বৰে পৰা প্ৰচলিত হৈ অহা ফেলগীতসমূহ সংৰক্ষণৰ লগতে ইয়াৰ ব্যৱহাৰ হ’ব আৰু অসমীয়া মৌখিক সাহিতাৰ অন্তৰ্গত হিচাপে খেল ধেমালিৰ গীতসমূহে অসমীয়া লোক সাহিত্যৰ ভঁৰাল চহকী কৰিব।

গ্রন্থপঞ্জী:

১. বৰুৱা, প্ৰহ্লাদ কুমাৰ অসমীয়া লোকসাহিত্য অসম সাহিত্য সভা, ২০১৬

(খেল ধেমালিৰ গীত: সামাজিক উৎস বিচাৰ- লেখক: উমেশ চন্দ্র ডেকা)

২. দাস, নাৰায়ণ আৰু পৰমানন্দ ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা চন্দ্র প্রকাশ, ২০০৬

৩. অসমৰ পুৰণি খেল ধেমালি লেখক: সুবোধ মল্লবৰুৱা (প্রবন্ধ)

Scroll to Top