স্বপ্নৰ দৌৰ, স্বপ্নৰ সমাধি, ইত্যাদি

ড° জিতুমণি পাঠক
সহকাৰী অধ্যাপক, দুধনৈ মহাবিদ্যালয়

                                                                                                                                        (এক)

নিলাভ সাগৰৰ বিশালতাত সাঁতুৰি নাদুৰি ফুৰিছে সিহঁত। দুটি মাছ। তাৰে এটি ভীষণ স্বপ্নবিলাসী। সি লগৰটোক ক’লে, ‘জাননে, আমাৰ সাগৰখনৰ ওপৰতো আছে আন এখন সাগৰ। তাতো আছে আমাৰ দৰে অসংখ্য জীৱন। সিহঁতেও আমাৰদৰেই হাঁহে-মাতে-খেলে। খং কৰে। অভিমান কৰে।’ কথাখিনি কওতে তাৰ দুচকুত যেন এক স্বপ্নময়তাই বিৰাজ কৰিছিল। তাৰ এই স্বপ্ন বিভোৰতাত আনটো কিন্তু বিৰক্ত হ’ল। ভেকাহি মাৰি ক’লে, ‘বন্ধ কৰ তোৰ এই আজৱ কথা। এই সাগৰ খনৰ পৰা বাহিৰলৈ গৈ দেখোন আমি এখন্তেকো বাচি থাকিব নোৱাৰো। তেন্তে তাত সেই প্রাণীবোৰ জীয়াই থাকিব কেনেকৈ!’ সেইয়া আছিল অকাট্য যুক্তি। সংগীজনৰ অকাট্য যুক্তিত  পাখি মেলিব খোজা তাৰ কল্পনাবোৰ সংকুচিত হৈ পুনৰ খোলাৰ ভিতৰত সোমাই পৰিল। (“Other Seas”- খলিল জিব্রান)

                                                                                                                                          (দুই)

সপোনবোৰৰ এযোৰ পাখি থাকে। উৰি ফুৰিবলৈ। সীমাহীনতাত। কিন্তু বহু সপোনৰ পাখিবোৰ উৰিবলৈ ওলোৱাৰ আগতেই যুক্তিৰ তুলাচানীত অতি নির্মমতাৰে কাটি পেলোৱা হয়। পাখিকটা সপোনবোৰ এনেদৰে কিছুসময় বেদনাত চটফটাই থাকি এটা সময়ত নিঃশ্চুপ হৈ পৰে। চিৰদিনৰ বাবে। পাখি কটা যোৱা মানুহবোৰো এদিন একোটা শৱদেহলৈ পৰিণত হয়। মৃত সপোনবোৰৰ সৈতে সহবাস কৰে এই জীৱন্ত শৱদেহবোৰে। অনুর্বৰ এই বাকৰিত কোনেদিনে আৰু গজালি নেমেলে এটা জীয়া সপোনে।

                                                                                                                                          (তিনি)

যুক্তি-অযুক্তিৰ হাজাৰ যোজন দূৰত বাসকৰা এটি শিশু। সিদিনাখন সি উৎফুল্লিতহৈ ওভতি আহিছিল পঢ়াশালিৰ পৰা। হাতত শিক্ষকে ভাঁজ কৰি দি পঠোৱা কাগজৰ টুকুৰা এটা। এক উৎসাহৰে সি মাকৰ হাতত গুজি দিছিল কাগজৰ টুকুৰাটি। কণমানি হাতদুখনৰে কঢ়িয়াই অনা তাৰ আগ্রহখিনিক মাকে অতি সযতনৰে চকুৰ আগত মেলি লৈছিল। শুভ্রতাত কলিয়া কঠিনতাৰে খোদিত এট-এটি শব্দই কঁপাই তুলিছিল শিশুটিৰ মাতৃক। দুচকুৰে ক’ব নোৱাৰাকৈ বৈ আহিছিল দুধাৰি লোতক। অলপ বুজ-অবুজ হৈ উঠা শিশুটিয়ে আছৰিতহৈ মাকলৈ চাইছিল। কোনোমতে ঢুকি পোৱা মাকৰ আঙুলিকেইটাত জোকাৰি দি সিও যেন আভাষ ল’ব খুজিছিল  সেই ৰহস্যময়তাৰ। অতিকে আশ্বর্যজনক আছিল তাৰবাবে মাকৰ সেই চকুলোৰ ভাষা। দুটি সিক্ত নয়নৰ এক মাতৃ হৃদয়ে আকোৱালি ধৰিছিল তাক। ডাঙৰ-ডাঙৰ শব্দৰে খুলি দিছিল তাৰ আগত সেই যাদুকৰি শব্দৰ পেৰা- “মহাশয়া, …… আপোনাৰ সন্তান অতিকে মেধাৱী। এক জিনিয়াছ। তাৰ প্রতিভাৰ তোলনাত এই বিদ্যালয়ৰ পৰিসীমা যেন খুবেই সংকীর্ণ হৈ পৰিছে। সেয়েহে আপুনি অনুগ্রহ কৰি তাৰবাবে অন্য এক শিক্ষা পদ্ধতিৰ ব্যৱস্থা কৰে যেন……’’

কল্পনাবিলাসী আছিল সেই শিশু। উৰি ফুৰাৰ এক দূৰন্ত বাসনা প্রোথিত হৈ আছিল তাৰ হৃদয়ৰ কোনোবা এক কোণত। সুপ্ত সেই বাসনাই হঠাতে যেন লাভ কৰিছিল এযোৰ সোণালী পাখি। সি উৰা মাৰিছিল। উৰা মাৰিছিল দূৰ দিগন্তলৈ। নেদেখা দূৰত্বলৈ। অনন্য যাত্রা। অনন্য পৰিক্রমা। সময় বাগৰিছিল। শিশুটি আৰু শিশু হৈ থকা নাছিল। শৈশৱ্তে লাভ কৰা এযোৰ সোণালী পাখিয়ে স্বর্ণাভ কৰি তুলিছিল তাৰ অবয়ৱ। তাৰ অসাধৰণ প্রতিভাৰ সৌৰভে চুই গৈছিল সমগ্র বিশ্ব-সভ্যতাক। স্বর্ণিল ব্যক্তিত্বৰ সেই শিশুটি এদিন জগতত পৰিচিত হৈছিল মহান বিজ্ঞানী টমাচ আলভা এডিচন হিচাপে।

তাৰ পিছত বহুদিন। মাতৃয়ে ইতিমধ্যে এডিচনক এৰি চিৰদিনৰবাবে আঁতৰি গৈছে। তেনে দিনবোৰৰ এদিন হঠাতে এডিচনৰ হাতত পৰিল মাকৰ এখন পুৰণা ডায়েৰী। ডায়েৰীৰ ভিতৰত সোঁত-মোত খোৱা এখন কাগজ। সেই কাগজখন আৰু একো নহয়, বহুদিন আগেয়ে তেওঁৰ শিক্ষকে মাকলৈ দি পঠিওৱা চিঠিখন যিয়ে তেওঁক উপহাৰ দিছিল এযোৰ সোণালী পাখি। সলনি কৰি পেলাইছিল জীৱনৰ ছন্দ।  তাত থকা এটি-এটি শব্দই তেওঁৰ বাবে হৈ পৰিছিল ভৱিষ্যত জীৱনৰ পাথেয়। মাকে শুনোৱা প্রতিটো শব্দই তেতিয়াও খোদিত হৈ ৰৈছিল তেওঁৰ হৃদয়ত। কেতিয়াও নেদেখা সেই শব্দকেইটি তেওঁৰ এবাৰ চুই চোৱাৰ হেঁপাহ হ’ল। কম্পিত হৃদয়ৰে চকুৰ আগত মেলি ধৰিলে চিঠিখন। কিন্তু লগে লগে তেওঁ হৈ পৰিল মূক, স্তব্ধ। কি আছিল চিঠিখনত! চিঠিখনত লিখা আছিল, “মহাশয়া,……… আপোনাৰ সন্তানটি বলিয়া, উন্মাদ। এনে মানসিক বাধাগ্রস্ত শিশুৰবাবে আমাৰ বিদ্যালয়ত কোনো স্থান নাই। অনুগ্রহ কৰি আপোনি তাৰ শিক্ষাৰ ব্যৱস্থা ঘৰতে কৰক”

                                                                                                                                          (চাৰি)

নিজৰ সীমাবদ্ধতাত শামুকৰদৰে সোমাই থকা এচামৰ কূটিলতাত এটি প্রতিভাক স্তব্ধ কৰি তোলাৰ ষড়যন্ত্র যেন ৰচিত হৈছিল। উৰিব খোজা মনটোক সোণালী পাখিৰ কথা দূৰেই তাক যেন অতি নিষ্ঠুৰতাৰে পিষ্ট কৰি পেলোৱাৰ প্রয়াসহে কৰা হৈছিল সংগোপনে। কিন্তু সেই মুহূর্তত এখন মাতৃহৃদয়ে আবৰি ধৰিছিল তাক। পুনৰ উদ্ভাষিত হৈ উঠিছিল মাতৃৰ চিৰ-শাশ্বত সেই মহিমামন্ডিত ৰূপ। পৃষ্ঠভূমিক বিধস্ত কৰাৰ প্রয়াসক মষিমূৰ কৰি দৃঢ়তাৰ শিপা গুজি তাক উৰিব দিয়া হৈছিল দিগন্তত। তাৰ স্বপ্নক চুই চাবলৈ। তাৰ স্বপ্নক বাস্তৱ ৰূপ দিবলৈ। বাস্তৱৰ নিষ্ঠুৰতাক নজনাবাবেই তেওঁ চাগে এনেদৰে পাখি মেলি দিবলৈ সক্ষম হৈছিল স্বপ্নিল জগতখনলৈ বুলি। নহলে আজিও কিমান শিশু কাৰোবাৰ অজ্ঞান-আক্রোষতাত পাখি কটাৰ যান্ত্রনালৈ চিৎকাৰ পৰি ফুৰিছে সর্বত্রতে।

                                                                                                                                          (পাঁচ)

স্বপ্নৰ সমাধি খন্দাত আমি সকলোৱে যেন সিদ্ধহস্ত। নিজৰ সপোনবোৰক আমি সমাধিস্থ কৰিছো কাহানিবাই। এতিয়া যেন আনৰ সপোনবোৰকো সমাধিস্থ কৰাৰ গুৰু দায়িত্ব আমাৰ ওপৰত। পন্থা ভিন্ন হ’ব পাৰে, উদেশ্য কিন্তু একেটাই। কোনেও যেন পাখি মেলিব নোৱাৰে উন্মুক্ত আকাশলৈ। কাৰণ ওপৰলৈ উৰিলেই সিহঁতবোৰে দেখিব ক্রুৰতা-নীচতাত লেটিলৈ থকা আমাৰ ক্লেদাক্ত শৰীৰবোৰ। উৰিব নোৱাৰা আমিবোৰে সেইয়ে বিচাৰো স্বপ্ন ভঙ্গৰ বেদনাত সিহঁতেও যেন আমাৰদৰেই কিলবিলাই থাকক হতাশাৰ পংকিলতাত।

                                                                                                                                          (ছয়)

উধাতু খাই সোমাই আহিছিল ব্যক্তিজন। দুচকুৰ ভাষা আৰু মুখায়বৰ অস্থিৰতাই এনে ইঙ্গিত বহন কৰিছিল যেন এইমাত্র যদি তেওঁ কথাখিনি কৈ অটাব নোৱাৰে তেন্তে এক সাংঘাটিক অথন্তৰৰ সৃষ্টি হ’ব। ইয়াৰ বিপৰীতে চক্রেটিছৰ দুচকুত আছিল সমুদ্রৰ গভীৰতা তথা স্থিৰতা। ব্যক্তিজনে যিদৰে উধাতু খাই সুমাই আহিছিল সেই একে তৎপৰতাৰে পাতনি নেমেলাকৈ আৰম্ভ কৰিলে, “মই আপোনাৰ বন্ধুৰ বিষয়ে এটা সাঙ্ঘাটিক কথা জনাবলৈ আহিছো…”। হঠাতে চক্রেটিছৰ হস্তক্ষেপত তেওঁ ৰৈ যাব লগা হ’ল।  ব্যক্তিজনলৈ চাই তেওঁ ক’লে। “ মোৰ বন্ধুৰ বিষয়ে আপুনি ক’ব লগাখনি শুনাৰ আগতে আপুনি মই নিজে তৈয়াৰ কৰা এক শুদ্ধিকৰণ প্রক্রিয়াৰ তিনিটা পর্যায়ৰ মাজেৰে আপুনি পাৰ হৈ আহিব লাগিব। তাৰপিছতহে মই স্থিৰ কৰিম যে আপুনি ক’ব খোজা কথাখিনি মই শুনা উচিত নে অনুচিত। প্রথম প্রশ্ন, আপুনি যি ক’ব খুজিছে সেইয়া সত্য আৰু শুদ্ধ নে?

-“সেইয়া মই সঠিকভাৱে ক’ব নোৱাৰিম। কাৰণ মই কথাখিনি আনৰ পৰা শুনাহে”- ব্যক্তিজনৰ ছন্দত যেন যতি পৰি আহিছিল।

-“অথাৎ আপুনি ক’ব খোজা কথাখিনি সঁচা নহবও পাৰে। এইবাৰ মোৰ দ্বীতিয় প্রশ্নটো হ’ল, মোৰ বন্ধুৰ বিষয়ে আপুনি যি খিনি ক’ব খুজিছে সেইয়া তেওঁৰ কিবা ভাল গুণ বা কর্মৰ বিষয়ে নেকি?”

-“উহু। মুঠেই নহয়। বৰং সেইয়া অতিকে……” –চক্রেটিছে হাত এখন ডাঙি তেওঁক ৰবলৈ ইঙ্গিত দি ক’বলৈ ল’লে, “ইয়াৰ মানে আপুনি মোৰ বন্ধুৰ বিষয়ে যি ক’বলৈ লৈছে সেইয়া সত্যও নহয় আৰু ভালও নহয়। মোৰ অন্তিম প্রশ্নটো, আপুনি এতিয়া যি খিনি কথা ক’ব বিছাৰিব সেইয়া বাৰু মোৰ কিবা উপকাৰত আহিব নেকি?

-”নাই। সেই কথাখিনিত আপোনাৰ কামত অহাকৈ একো নাই।” – এইবাৰ চক্রেটিছৰ মুখত এক স্মিত হাঁহি বিৰিঙি উঠিল। ইতিমধ্যে উৎসাহৰ স্ফুলিংগ সম্পূর্ণৰূপে স্তিমিত হৈ পৰা ব্যক্তিজনলৈ চাই  তেওঁ ক’লে, “এক অসত্য,নকৰাত্মক তথা মোৰ কোনোধৰণৰ কামত নহা কথাখনি বাৰু আপুনি এতিয়াও মোক ক’ব খোজাটো উচিত বুলি ভাবে নেকি?“

                                                                                                                                          (সাত)

চক্রেটিছৰদৰে কোনো প্রজ্ঞাৰ সৈতে আমি সহবাস নকৰো। কোনেও আমাক শুদ্ধিকৰণৰ তেনে তিনিটা পর্যায়ৰ মাজেৰে যাবলৈ উদ্বুদ্ধও নকৰে। তাৰ পৰিবর্তে আমাক উৎসাহিত কৰা হয় গুজব সৃষ্টি কৰিবলৈ। আমিও সৃষ্টি কৰো। ক্ষনিক তৃপ্তিৰ আকাংখাত আমি আমি সেইবোৰত সাৰ-পানী দিওঁ। আমাৰ তৃপ্তিত কোনাবা লুণ্ঠিত হয়। খহি পৰে তেওঁলোকৰ স্বপ্নৰ মহল তাচপাতৰ দৰে। বিধস্ত সেই স্তুপৰ মাজত মাজত শ্বাসৰূদ্ধ হৈ পৰি ৰয় অলেখ সপোন।

                                                                                                                                          ( আঠ)

কেতিয়াবা ব্যতিক্রম হয়। সপোনবোৰ ভাঙি পেলোৱাৰ অঘোষিত প্রতিযোগিতাৰ মাজত এচামে যেন সপোন গঢ়াৰ সপোন দেখে। তেওলোকে সপোনবোৰ প্রতিপালন কৰে। সপোন দেখিবলৈ আমাক আস্থা যোগায়; সাহস দিয়ে। তেওঁলোকে আমাক কয়- সপোনবোৰক কোঙা হৈ পৰিবলৈ নিদিবা। তোমাৰ সপোনৰ বাটত আমি সদায় ৰৈ থাকিম সহায়ৰ এখন সুদৃঢ় হাত হৈ।

                                                                                                                                          (ন)

ৰেডী…

ষ্টেডী…

 গ’।

শাৰী পাতি ৰোৱা আঠ জন প্রতিযোগীয়ে প্রানপণে লৰ মাৰিছিল সন্মুখৰ লক্ষ্যস্থানলৈ। এইয়া এখনি ৰাষ্ট্রীয় পর্যায়ৰ দৌৰ প্রতিযোগিতাৰ দৃশ্য। দহ বা পোন্ধৰ খোজ মাত্র। হঠাতে এগৰাকী প্রতিযোগী পিছল খাই দৌৰৰ ট্রেকত বাগৰি পৰিল। যান্ত্রনাত চিৎকাৰ কৰি উঠিল তেওঁ। বাকীবোৰ অলপ আগুৱাই গৈছিল। পিছফালৰ পৰা ভাঁহি আহিছিল এক যান্ত্রনা কাতৰ চিঞঁৰ। হঠাতে তেওঁলোকৰ মাজৰে এজনে ৰৈ দিলে। লগে লগে বাকীবোৰেও।  ওভতি চালে পিছলৈ। আঘাতপ্রাপ্ত প্রতিযোগী জনে তেতিয়া নিজৰ ভৰি খনত সজোৰে খামুচি ধৰি যান্ত্রনাত চটফটাব লাগিছে । সিহঁত ওভতি আহিল। এজন এজনকৈ আটাইকেইজন। আহি থিয় দিলে আঘাতপ্রাপ্ত প্রতিযোগীজনৰ কাষত। গোটেই ষ্টেডিয়ামজুৰি তেতিয়া কাঁহ-পৰি জিন যোৱা নিৰৱতা। এজনে হাত মেলি থিয় কৰি দিলে তেওঁক। বাকী কেইজনে থিয় দিলে এক নির্ভয়তাৰ আশ্বাস লৈ তেওৰ কাষত। নির্ভয়তাৰ কান্ধবোৰত ভৰ দি আঘাতপ্রাপ্ত প্রতিযোগীজন দুপিয়াই –দুপিয়াই আগবাঢ়িল বিজয়ৰ লক্ষ্যস্থান হিচাপে জিলিকি থকা সীমাৰেখাডাললৈ। একেসময়তে আঠোজন প্রতিযোগীয়ে গৈ খোজ দিলে লক্ষ্য স্থানত। সেইসময়ত ষ্টেডিয়ামত থকা বহু দর্শকৰ দুচকুৰে বাধাহীনভাৱে ভাঁহি আহিছিল চকুলোৰ ঢল। প্রতিযোগিতাখন আয়োজন কৰিছিল নেচনেল ইনষ্টিটিউট অৱ্ মেন্টেল হেল্থ-এ। ইয়াৰ আঠ গৰাকী প্রতিযোগীৰ আঠো গৰাকীয়ে আছিল মেন্টেলী ৰিটাৰডেদ। মানসিকভাৱে বাধাগ্রস্ত।

                                                                                                                                          (দহ)

নিৰন্তৰ দৌৰ এখন আমাৰ মাজতো চলি আছে। আমাৰ দুচকুৰ আগতো জিলিকি আছে বিজয়ৰ সীমাৰেখাডাল। সেই ডাল চুবলৈ আমাৰ যেন আকন্ঠ তৃষ্ণা। সেই দৌৰত কোনোবাই উজুটি খাইছে। যান্ত্রনাত চিৎকাৰ কৰিছে। আমাৰ ৰবলৈ সময় নাই। ওভতি চাবলৈ সময় নাই। আমাৰ দুচকুতো এক স্বপ্ন। সেই সীমা ৰেখা চোৱাৰ। বিজয়ী হোৱাৰ। জিলিকি উঠাৰ। আমাৰ স্বপ্নৰ সংকীর্ণতাই স্বপ্নৰ মৃত্যু ঘটাইছে। আমাৰ স্বপ্নই পাখি মেলি উৰিব নাজানে। আমাৰ স্বপ্নই হৃদয়ঙ্গম কৰিব নোৱাৰে আকাশৰ বিশালতা। জুখিব নাজানে সাগৰৰ গভীৰতা। নিজৰ ক্ষুদ্রাতি-ক্ষুদ্র স্বার্থৰ আৱর্তত বন্দী আমাৰ স্বপ্নবোৰ। এনে মুহুর্তত ভাৱ হৈ আমিও যেন সকলো বোৰ মানসিকভাৱে বাধাগ্রস্ত হৈ পৰো। তেতিয়া হয়তো আমাৰ স্বপ্নতো থাকিব এক উন্মততা যি উন্মততাই হয়তো আমাক পুনৰ শিকাব মানৱতাৰ আদিপাঠ।

Scroll to Top