জৰায়ু
ড০ বিনীতা মৰাং
সহকাৰী অধ্যাপিকা
অসমীয়া বিভাগ
টিংখাং মহাবিদ্যালয়
কঠিন জৰায়ু ভাঙি
এসাগৰৰ মৰম ঢালি
আহে এটি শব্দৰ মূৰ্চনা
দুচকুত বাস্তৱ পৃথিৱী
অনন্ত সপোনৰ বাটেৰে
নিষ্ঠা আৰু সততাৰ পথৰ
পথিক হ’ব এদিন।
সেউজীয়া প্ৰকৃতিৰ ছাঁত
এখনি হৃদয় বিলীন হ’ব।
নোৱাৰে ভণ্ডবোৰ সহিব
ফুটপাথৰ যন্ত্ৰণাবোৰত আবেগ ঢালি
উদাত্ত কন্ঠত মেঘ নামিব
লাচিতৰ বীৰত্বৰ ব্যঞ্জক
লুইতৰ পাৰৰ ডেকা শক্তিবোৰত
আকৌ সোনালী আস্থা জিলিকিব
যান্ত্ৰিক এনাজৰী ভাঙি
মানৱতাৰ বীজ ৰোপিত হ’ব।
তথাপি ভয় হয়;
সপোনবোৰত যদি আউল লাগে!
শব্দবোৰে থমকি ৰয়
যেন নুবুজা সাঁথৰ ।
যাদুঘৰৰ আইতাৰ মূখৰ সাধুত
এতিয়া কেৱল অপূৰ্ব দৃশ্য মাথো।
সেয়ে,অনুভৱৰ পাহিবোৰে
প্ৰাণখুলি হাঁহিব নোৱাৰে।