সময়
দীপাংকৰ দাস
সহকাৰী অধ্যাপক
শিক্ষা বিভাগ, দুধনৈ মহাবিদ্যালয়
ফাগুনৰ প্ৰথম পৰশত চাৰিওফাল এতিয়া ধূলিময়। আকাশৰ এন্ধাৰৰ প্ৰেমত পৰি লাজতে গাল দুখন ৰঙা হোৱা সময়ত, গাওঁ খনৰ পশ্চিম দিশে দাঁতি-কাষৰীয়া পথাৰ খনৰ মাজৰ এবিঘা মান মাটিত কণ-কণ ল’ৰা কেইটামানে নতুনকৈ ফুটবল খেলি আছিল। খেলপথাৰৰ অভাৱত এই পথাৰ মুকলি হোৱা সময় খিনিতে সকলো ল’ৰাই নিজৰ নিজৰ পছন্দৰ খেল- ধেমালি বিলাক খেলিবৰ বাবে সুবিধা পায়। তাৰে কাষে-কাষে সৰু ঘাঁহনি ডৰাত গৰু কেইটামানে একান্ত মনে ঘাঁহ খাই আছিল। সচৰাচৰ যোৱাৰ দৰেই আজিও স্ফটিকে সিহঁতৰ গৰু কেইটা আনিবৰ বাবে সেইখিনিত উপস্থিত হৈছিল। আজি তাৰ মনটো মৰা। যোৱাকালি নিৰঞ্জনে সমীৰৰ কাণ্ড – কাৰখানা বোৰ কোৱাৰ পিছৰ পৰা সি শান্তিত শুব পৰা নাই। সিহঁত তিনিও একেলগে সৰুৰ পৰা ডাঙৰ হোৱা। তিনিওটাই বহুত ভাল ফুটবল খেলিছিল। কিন্তু খেলপথাৰৰ অভাৱত সিহঁত যেন কোনোবা খিনিত ৰৈ গৈছিল। তেতিয়াৰ পৰা সিহঁতে সপোন দেখিছিল যে গাওঁ খনত এখন ভাল খেলপথাৰ বনাবই লাগিব, যাতে আহি থকা প্ৰজন্মই সিহঁতৰ নিচিনাকে সপোনবোৰ হেৰুৱাব নালাগে। প্ৰথমে সিহঁতে চৰকাৰী বিষয়াৰ ওচৰ চাপিছিল যদিও গাঁৱত চৰকাৰী মাটি বৰ বেছি নথকা বাবে বিমুখ হৈ উভতিব লগা হ’ল। সেয়েহে, স্ফটিকে নিজৰ বুলি যিখিনি মাটি ঘৰৰ পৰা পাইছিল, সেইখিনিকেই খেলপথাৰৰ নামত দান কৰিছিল। আৰু, সমীৰে বাকী দুটাতকৈ অলপ বেছি পঢ়া- শুনা কৰিছিল বাবে চৰকাৰী ঠিকা কামটো নিজেই তদাৰক কৰিছিল। কিন্তু যোৱা দহ বছৰে খেল পথাৰ খন সম্পূৰ্ণ হোৱাটো দূৰৰে কথা, খেতি কৰিবৰ বাবেও উপযোগী হৈ নাথাকিল। তাৰ বিপৰীতে সমীৰে চহৰত ঘৰ-মাটি সকলো কৰি ল’লে। নিজৰ লগৰীয়া হোৱা বাবেই স্ফটিকহঁতে সেইবোৰত ইমান গুৰুত্ব নিদিলে। আৰু কেতিয়াবা সমীৰক সুধিলেও অফিচৰ পৰা একো অনুদান পোৱা নাই বুলি সিহঁতক কৈ থৈ দিয়ে।
যোৱাটো সপ্তাহত সিহঁতৰ গাঁৱলৈ নতুন স্কুল ঘৰটো উদ্ধোধন কৰিবলৈ অহা বিষয়াজনক নিৰঞ্জনে আওপকীয়াকৈ কথাটো কওঁতেহে কথাবোৰ বোৱতী পানীৰ দৰে চিক-চিকিয়া হৈ পৰিল। যোৱা দহ বছৰে লক্ষ-লক্ষ টকা সমীৰে খেলপথাৰৰ নামত অফিচৰ পৰা অনুমোদন কৰোৱাইছে, কিন্তু তাৰে এটা অংশও কামত লগোৱা নাই। এইখিনি শুনাৰ পিছত নিৰঞ্জনে আবেলি স্ফটিকক জনোৱাৰ পিছৰে পৰা তাৰ মনটো বহুত বেয়া, যিহেতু তাৰ নিজৰ খেতি- মাটি খিনি সি ৰাইজৰ নামত উচৰ্গা কৰিছিল আৰু সেইবাবেই সি দিন-হাজিৰা কৰি নিজৰ পৰিয়ালটি পোহ পাল দিব লগা হৈছে। সেয়েহে, আজিও পথাৰত নিজৰ গৰু কেইটা আনিবলৈ যাওঁতে মাটি খিনি দেখি তাৰ মনটো ভাঙি পৰিল। থিক সেই সময়তে, খেলি থকা ল’ৰা কেইটাৰ মাজত এটা হুলস্থূল লাগিল। স্ফটিকে আগবাঢ়ি যাই চাওঁতে দেখিলে ল’ৰা এটাই পেনাল্টী শ্বট টো মাৰিব নাপালে কাৰণে তাৰ বলটো লৈ ঘৰ যাব ওলাইছে। তেতিয়া, স্ফটিকে সিহঁতৰ কাজিয়া খন ভাঙিব যাই ল’ৰাটোক ধমকি এটা দিলে। কিন্তু ল’ৰাটোই ওলোটাই তাকহে বেয়াকৈ ক’লে – ‘ এ দাইদে, বেছি নেদখাবি, তই ফুটবল খেলাৰ কথা একো নাজনা, আৰু মোক দম দিবা আইছা……।’ কথাখিনি শুনি স্ফটিকৰ নিজৰ ওপৰতে হাঁহি উঠিল আৰু পিছমুৱা হৈ খোজকাঢ়ি আহি থাকোঁতে চিঞৰি কৈ আহিল -‘ এ আপা! আছিলো যেনে হৈছা তেনে, আৰু হৈছো যেনে হ’বি তেনে….।’
উপহাৰ বৃত্ত
সৰুৰে পৰাই মনোজৰ অলপ জিলিক-মিলিক আৱৰণ পিন্ধোৱা উপহাৰৰ টোপোলা বোৰৰ প্ৰতি দূৰ্বলতা আছিল,গতিকে বয়সত ডাঙৰ হ’লেও সি সম্বন্ধীয় বিয়াৰ পিছদিনাখন উপহাৰৰ টোপোলা বোৰ খুচৰি ফুৰে। নিভাজ তাৰ ডাঙৰ পেহীয়েকৰ ল’ৰা আৰু যোৱাকালিৰ পৰাই সেয়েক্ষে বিয়াতেই আছে। দিনটো সকলো থিকে-থাকেই গ’ল।ৰাতি কইনা আনি যি য’তে পাৰে শুই থাকিল যদিও সেই টোপনি অন্য কোনোজনৰ ঘোৰ-ঘোৰণিত পলাই পত্ৰং দিলে(বিয়াঘৰত টোপনি মাৰিব পাৰিম বুলি ভবা টো অৱশ্যে ভুল)। পিছদিনাখন পুৱাই উঠি ওচৰৰ এখন ঘৰত গা-মূৰ তিয়াই দৰা ঘৰ আহি পাই মানে কইনাৰ মান ধৰা উৎসৱ শেষ হ’লেই।ভায়েক হিচাপে সৰুকৈ হ’লেও সিও একা ছাৰ্ট উপহাৰ হিচাপে পালে। আৰু তাৰ পিছতেই সি আৰু ৪-৫ জন-জনী মানৰ লগত গৃহস্থৰ অনুমতি লৈ উপহাৰ গৃহত গৈ উপহাৰ খোলাত লাগি গ’ল।আৰু কাৰ্যৰ শেষত হিচাপ হ’ল-(বেছিভাগেই)বাতি চেট এক বস্তা,চাৰ্ট আৰু চাৰ্টৰ পিচ এক বস্তা,গীতাপুথি এখন টেবুলত এজাপ,মাত্ৰ কেইযোৰ মান মৰমলগা কাঁহৰ কাঁহী-বাতি,খালী খাম কেইটামান……….ইত্যাদি ইত্যাদি।অৱশ্যে বহুতো ভাল উপহাৰো তাৰ মাজত উদ্ধাৰ কৰা হৈছিল। এনেতে, এই পৰ্বৰ খতিয়ান ল’বলৈ দৰা তাত উপস্থিত হ’ল।আৰু উপহাৰবোৰ এনেই লিৰিকি-বিদাৰি এফালৰ পৰা চাব ধৰিলে।থিক তেনেতে দৰাৰ কপালত এক অচিন ৰেখাৰ দৰ্শন হ’ল। আৰু এযোৰ কাঁহী-বাতি হাতত লৈ কিছু সময় চিন্তা কৰি এটি ক্ষীণ হাঁহি মাৰিলে। পিছত বাকী কেইটাৰ মনৰ প্ৰশ্নবোধক বোৰ আতৰাই ক’বলৈ ধৰিলে যে সেইযোৰ কাঁহী-বাতি যি জনে উপহাৰ দিছিল, তেওঁৰ বিয়াৰ দিনা খন দিয়াজনৰ নামটো কাঁহীৰ কাষত লিখি নিভাজেই উপহাৰ দিছিল আৰু আজি নিজৰ বিয়াতেই তেওঁ দিয়া উপহাৰটিকেই ঘূৰাই পালে।লগে-লগে ঘৰটোত হাঁহিৰ ৰোল উঠিল।