দুৰ্গম পথত জীৱন যাত্ৰা
ৰীতামণি বায়ন
সহকাৰী অধ্যাপক, দৰ্শন বিভাগ
বৰপেটা মহাবিদ্যালয়, বৰপেটা
দুটা দীঘলীয়া পথ জীৱন বাটত
থমকি ৰ’লো কিছু সময়
এটা ইমান মসৃণ! অগণন মানুহৰ সমাগম।
এটা আকৌ
মৃত অজগৰ সাপৰ দৰে পৰি আছে
সন্মুখতে আছে এখন প্ৰকাণ্ড ছাইনবোৰ্ড য’ত লিখা আছে–
বিপদ সংকুল পথ খোজে প্ৰতি বিন্ধে হুলে।
জীৱন হেনো সংগ্ৰামৰ ইতিহাস
আইয়ে শিকোৱা আদিপাঠ
প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধকতা জীৱনৰ আন নাম।
উদ্যম, প্ৰেৰণা আৰু উৎসাহক চাবিকাঠি কৰি
অনুসন্ধিৎসাৰে ভৰা মোৰ মনটোৱে নিৰ্বাচন কৰিলে
কাঁইটীয়া পথকে।
চৌদিশে অন্ধকাৰ
কাচিৎহে বেলিৰ হেঙুলীয়া পোহৰ আহি মোৰ শৰীৰত পৰে
তথাপিও যাত্ৰা অব্যাহত।
মন-মন্দিৰত অহৰ্নিশ প্ৰজ্বলিত স্বৰ্গীয় জ্যোতিত
মই পঢ়ি শেষ কৰিলোঁ —
ছফুট দীৰ্ঘৰ ড° নেলছন মেণ্ডেলাই জেলৰ সেই ক্ষুদ্ৰ কোঠাত বন্দী অৱস্থাতে লিখা বিখ্যাত গ্ৰন্থ
‘এ লং ওৱাক্ টু ফ্ৰীডম্’।
কিতাপখন বন্ধ কৰি দেখা পালোঁ আত্মবলে মোলৈ কঢ়িয়াই অনা
স্বপ্নৰ বাস্তৱায়িত ৰূপ।