ক্ষিত্যপতেজ্‌মৰুৎব্যোম

ড° প্ৰান্তিকা শৰ্মা
সহকাৰী অধ্যাপক, দৰ্শন বিভাগ
মূৰ্কংচেলেং মহাবিদ্যালয়, ধেমাজী

(The sighs of a poet who is desperate to find the source of poetry from nature)

 

কবিতা এটা লিখিম বুলি

এদিন অৰণ্যৰ ওচৰলৈ গৈছিলো৷

কৈছিলো,

মোক দিয়া এনে শব্দ

যাৰে সজাব পাৰো কবিতাৰ আবেলিবোৰ৷

অৰণ্যই কৈছিল-

“মোৰ বুকুতযে এতিয়া উশাহ নাই৷

হানিখুচি তোমালোকেই চোন লৈ গৈছিলা

বুকুৰ সেউজীয়াবোৰ৷

য’ত সাজিছিলা তোমালোকৰ

কংক্ৰিটৰ দেৱালবোৰ৷

এতিয়া যোৱা তাতেই চোৱা

সেউজহীন আলয়ত কিদৰে নিঃশেষ হৈছে

তোমাৰো উশাহবোৰ৷”

আন এদিন-

আন এদিন কবিতা এটা লিখিম বুলি শব্দ বিচাৰি

গৈছিলো নদীৰ কাষলৈ৷

নদীৰ চকুত সিদিনা নীলাবোৰ নাছিল৷

প্ৰিয়াৰ চকুত এচামুচ সাগৰীয় নীলা বিচাৰি থকা

কবি বোলে বহুদিন যোৱা নাই নদীৰ কাষলৈ৷

নদীৰ এন্ধাৰক’লা দুচকুত সৰ্পিল গতিৰে

আৱৰ্জনাৰ চকুলো নিগৰাই নদীয়ে মোক ক’লে-

“তুমি বিচৰাৰ দৰে মোৰ বুকুত আৰু

নিলাভ অনুভৱে নকৰে স্নান৷

মইহে আজি পুতিগন্ধময় নৰ্দমা, পৰ্বত সম দাষ্টবিন আৰু তোমালোকৰ মলিয়ন হৃদয়বোৰেৰে নিত্যস্নাতা৷

তোমালোকৰ হৃদয়বোৰৰ দৰেই

ময়োতো হ’লো মলিয়ন৷

সেয়ে নাহিবা, নাহিবা মোৰ বুকু মন্থন কৰিবলৈ

বিচাৰি অনুভৱী শব্দগাথা৷”

 

কবিতা এটা লিখিম বুলি শব্দ বিচাৰি হাবাথুৰি খাই

গৈছিলো এদিন পাহাৰৰো কাষলৈ-

পাহাৰক ক’লো

তোমাৰ বুকুখনতো অনুভৱৰ প্ৰতিধ্বনিৰ অভিধান৷

মই যি কওঁ তাৰেই প্ৰত্যুত্তৰত

তুমিওতো উকীয়াই কৈছিলা শ্ৰুতিমধুৰ শব্দবোৰ৷

তেনে ক’ত লুকাই থৈছা?

পাহাৰে কুটিল হাহিৰে মোক ক’লে

“এতিয়া আৰু তোমাৰ কথাৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈ

মোৰ বুকুত অনুভৱৰ ঢৌ নাই৷

খান্দি খান্দি মোৰ বুকুৰ সেউজ সুষমা

খান্দি খান্দি মোৰ শৰীৰৰ খলাবমা

তোমালোকেইতো হেৰুৱাই পেলালা

মোৰ সঠিক ঠিকনা৷

য’ত পাহাৰৰ ঠিকনা নাথাকে

তাত কেনেদৰে থাকিব অনুভৱৰ ঢৌ

এতিয়া নাহিবা মোৰ সমতল বুকুলৈ

শব্দ বিচাৰি, কবিতা বিচাৰি৷”

 

হতাশাত দোৰোল খাই পৰিব খোজা মই এইবাৰ

আকাশলৈ মুৰ তোলাৰ যত্ন কৰিলো৷

আছে নেকি চাবলৈ মুক্ত বিহংগ আকাশৰ বুকুত

যিয়ে দিব মোক কবিতাৰ সমল৷

এটিও বিহংগ নাছিল আকাশত৷

পক্ষীৰ কবিতা লিখি বিহগী উপাধী লোৱা

কবি আজি নিৰুদিষ্ট, নিৰুদিষ্ট পক্ষীবোৰো৷

উন্নত প্ৰযুক্তিয়ে ৰছা অদৃশ্য বৈদ্যুতিক জালত

হেৰাল সিহঁতৰ পজাবোৰ

সিহতৰ উশাহবোৰ৷

স্তম্ভিত হ’লো মই!

কোনেবা কৈছিল প্ৰকৃতি বোলে কবিতাৰ জননী৷

সচাকৈয়ে

এদিন প্ৰকৃতিৰ কোলাত

কবি বাল্মীকিক ক্ৰৌঞ্চপক্ষীয়েই সন্ধান দিছিল

পৃথিৱীৰ প্ৰথম কবিতাৰ৷

 

“মা নিশাদ প্ৰতিষ্ঠা ত্বমগমঃ স্বাস্বৌতি সামাঃ

য়াত ক্ৰৌঞ্চমিথুন দেখম আৱাধিঃ কামামহিত্বম”

 

মই বাল্মীকি নহয়৷

শীত তাপক কোঠাৰ ভিতৰতে

বুটাম টিপি নিয়ন্ত্ৰিত কৰা

আজিৰ কবি মই৷

নিজে চিৰাচিৰ কৰা

ক্ষিতি অপ তেজ মৰুৎ ব্যোমৰ

বিদীৰ্ণ বুকুত কিমান দিন আৰু

কবিতাৰ শব্দ বিচাৰি হাহাকাৰ কৰিম নাজানো৷

শব্দহীন উদং বুকু মোৰ৷

আৰু আজি এনেদৰেই

মাথো প্লাষ্টিকৰ মোনাত

এমোনা হুমুনিয়া লৈ

উভটি আহিলো কবিতাৰ সভালৈ৷

Scroll to Top