দুখুনী

 

অন্বেষা ঠেঙাল
সহকাৰী অধ্যাপিকা
ৰাজনীতি বিজ্ঞান বিভাগ
মুৰ্কংচেলেক মহাবিদ্যালয়

আইৰ সাধুত শুনিছিলো
দুখুনী তিৰোতাৰ কথা
ভগা পঁজাত, ফটা কেথাত
কেঁকাই থাকে দুখুনীয়ে
ভাইগত থাকিলে এসাজ কৰ্কৰা
নাথাকিলে লঘোন
দুখুনীয়ে চিঞৰে, কেঁকায়
খেনোৱে শুনে, খেনোৱে চেৰাই যায়
খেনোৱে দলিয়াই দিয়ে আধা পুৰণি চোলা
গা ঢাক খালেই হ’ল
দুখুনীৰ নো কি ৰঙৰ বিলাসীতা।
সাধুবোৰে প্ৰজন্ম নেওচি গুচি আহে
মোৰ গাত আহি সিহঁতে হেঁচা ঠেলা কৰে
দুখুনী এতিয়া দুখীয়া নহয়
ৰঙৰ কাপোৰ থাকে
খাবলৈ কাঁহী ভৰাই ভাত
আঞ্জা বিবিধ
জলঙাই পোহৰ চিটিকি নপৰে,
প্ৰকাণ্ড খিৰিকীৰে গণিব নোৱাৰা ৰ’দ
তাত বতাহ কিয় নাথাকে?
দুখুনীয়ে কেকাই নাথাকে
মাত মাতে, কথা কয়
প্ৰতিবাদ কৰে
মুখখন চোকা, সন্মান কৰিব নাজানে
খেনোৱে কয়
ঘৰখন এইজনীয়ে ভাঙিব
খেনোৱে কয়
আনৰ কথাত দুখুনীৰ কথা তল পৰে।
দুখুনীৰ কোলা এদিন ভৰি আহে
মইনা ডাঙৰ হ’ব
দুখুনীৰ দুখ শেষ হ’ব
মইনা ডাঙৰ হয়
দুখুনীৰ দুখ কম হয়
মইনা ডেকা হয়
ঘৰলৈ লখিমী আহে
লখিমীয়ে কেকাই নাথাকে
মাত মাতে, কথা কয়
প্ৰতিবাদ কৰে
মুখখন চোকা, সন্মান কৰিব নাজানে
দুখুনীয়ে ভাৱে
ঘৰখন এইজনীয়ে ভাঙিব
দুখুনীয়ে ভাৱে
লখিমীয়ে কেকাবলৈ ধৰে
পট সলনি হয়
লখিমী এইবাৰ দুখুনী হয়
সাধুৰ কথাবোৰ আকৌ প্ৰথমৰ পৰা আৰম্ভ হয়
নতুনত্ব একো নাথাকে
কালি, আজি আৰু কাইলৈবোৰ
একাকাৰ হয়
দুখুনীবোৰ জীয়াই থাকে।

Scroll to Top