সময়
বিনীতা গগৈ
মূৰব্বী অধ্যাপক, অসমীয়া বিভাগ
কন্যা মহাবিদ্যালয়, গীতানগৰ, গুৱাহাটী
লেবৰেটৰীৰ পৰা ৰিপৰ্টটো সংগ্ৰহ কৰি ডাঃ অভিলাষ ভাৰ্গৱৰ চেম্বাৰৰ সন্মুখৰ আসন এখনত চিন্তাক্লিষ্ট ভাবে বহি আছে বিতপী বৰুৱা। মনত হাজাৰটা প্ৰশ্নৰ অগা-ডেৱা। কেতিয়াকৈ জানো নিজৰ নম্বৰটো মাতিব। ইফালে ঘৰত বহুত কাম আধৰুৱাকৈ পৰি আছে। দুটিকৈ শিশুক চম্ভালিব লগাটো কম কথানে ! সিহঁতৰ কল কলনিত ঘৰখন আন্ধাৰতো পোহৰ হৈ থাকে… অজানিতে বিটপী বৰুৱাৰ ওঁঠেৰে হাঁহি এটাই ঢৌ খেলি গ’ল।
ঃবিটপী বৰুৱা আহিব… বুলি সহায়িকা গৰাকীয়ে মতাত থতমত খাই উঠি তেওঁ লৰালৰিকৈ কেবিনলৈ সোমাই গ’ল।
ডাক্তৰে বিটপীৰ পৰা ৰিপৰ্ট খিনি লৈ পঢ়ি চাই চিন্তান্বিতভাবে সুধিলে…
ঃআপোনাৰ লগত কোন আহিছে, অনুগ্ৰহ কৰি মাতি দিয়ক।
ঃছাৰ, কণমানি দুটাক এৰি দুয়োজন আহিবলৈ অসুবিধাৰ কাৰণে মই অকলেহে আহিছো।
ঃমিচেছ বৰুৱা, আপুনি এতিয়া ঘৰলৈ যাওকগৈ আৰু মি:বৰুৱাক মই লগ পাব বিচাৰিছো বুলি ক’ব।
ডাক্তৰ ভাৰ্গৱে হাতত লৈ থকা বায়’পাছি ৰিপৰ্টটোলৈ কাতৰ দৃষ্টিৰে চাই তাই হঠাৎ কৈ উঠিল…
ঃছাৰ, মোৰ হাতত আৰু কিমান সময়?
ডাক্তৰে প্ৰশ্নটোৰ উত্তৰ কি দিব ভাবি নাপালে কাৰণ সময়হে বৰ কম!!