উপলব্ধি
নিজুমনি বনিয়া
সহকাৰী অধ্যাপিকা, টিংখাং মহাবিদ্যালয়
ৰেণুকা অধ্যাপিকা কাকলি বৰুৱা ঘৰৰ বন কৰা ছোৱালী। বৰুৱানীয়ে ৰেণুকাক আজি অলপ পলমকৈ অহাৰ বাবে টানকৈ ক’লে-“ইমান পলমকৈ আহিলে আজিৰ পৰা দৰমহা কাটিম তোৰ।“ ৰেণুকাই কথাষাৰ মনে মনে শুনি থাকিল। কলেজৰ পৰা অহাৰ পিছত কাকলি বৰুৱাই ৰাতিপুৱা ৰেণুকাক টানকৈ কোৱাৰ বাবে অনুতপ্ত হৈ ক’লে- “ৰেণু বেয়া পাই নাথাকিবি। আজি-কালি গম পাইছ নহয়। বহুত টাইম মানি চলিব লাগে।“ কথাষাৰ শুনি ৰেণুৱে লাহেকৈ ক’লে – “হ’ব বাইদেউ। মই বেয়া পাই থকা নাই, আপুনি মোক ঘৰৰ ভিতৰতহে গালি পাৰিছে। কোনেও শুনা নাই। আপোনালোকক আকৌ ৰাইজৰ আগতে গালি পাৰি থাকে নহয়। টি.ভি.টো খুলিলেই আমিও শুনিবলৈ পাওঁ।“ কলেজ শিক্ষকক ৰাজহুৱাভাৱে গালি পৰা কথাষাৰ সকলোতে ৰাষ্ট্ৰ হৈ যোৱা শুনি কাকলিৰ নিজৰ ওচৰতে লাজ লাজ লাগিল। তাই ৰেণুকাক “হ’ব দে তই কাম কৰ” বুলি কৈ বেডৰুমলৈ সোমাই গ’ল। দাপোনত এবাৰ নিজৰ মুখখন চাই উপলব্ধি কৰিবলৈ চেষ্টা কৰিলে- দোষ কাৰ!